শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / ২০১৯-২০নাট্যবৰ্ষৰ ৰাজমুকুট থিয়েটাৰৰ প্ৰস্তুতিঃ সুদীৰ্ঘ এঘাৰবছৰ বিৰতিৰ মূৰত ভ্ৰাম্যমাণ থিয়েটাৰত কপিল বৰা

২০১৯-২০নাট্যবৰ্ষৰ ৰাজমুকুট থিয়েটাৰৰ প্ৰস্তুতিঃ সুদীৰ্ঘ এঘাৰবছৰ বিৰতিৰ মূৰত ভ্ৰাম্যমাণ থিয়েটাৰত কপিল বৰা

অংশুমান দত্ত, হাঁ‌হচৰাঃ অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান ২০১৮-১৯ নাট্যবৰ্ষৰ নাট্যযাত্ৰা। এইক্ষেত্ৰত পিছপৰি ৰৈ যোৱা নাই অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰ। ২০১৮-১৯নাট্যবৰ্ষত ৰাজমুকুট থিয়েটাৰত সাংবাদিক, যুৱ নাট্যকাৰ ৰাজদ্বীপৰ ৰচিত “বাউলী মোৰ প্ৰিয়া” নাটক খন ইতিমধ্যে কেইবাটাও পেণ্ডেলত এদিনত তিনিটাকৈ দৰ্শনী মঞ্চস্থ কৰিবলৈ সক্ষম হৈছে। যি খন নাটকত গীতৰ কণ্ঠ নিগৰাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই। ৰাজমুকুট থিয়েটাৰৰ বাকী দুখন নাটক ক্ৰমে অভিজিৎ ভট্টাচাৰ্যৰ “মাতৃঘাতক” আৰু চম্পক শৰ্মাৰ “বদনামী হিৰো” নাটক দুখনো ইতিমধ্যে চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ আহিছে। ২০১৮-১৯ নাট্যবৰ্ষত ৰাজমুকুট থিয়েটাৰে দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰিছে। ২০১৮-১৯নাট্যবৰ্ষ সামৰণি পৰিবলৈ মাজত আৰু কেইটামান মাহ। তাৰপিছতেই আৰম্ভ হ’ব ২০১৯-২০নাট্যবৰ্ষ। ইতিমধ্যে ২০১৯-২০নাট্যবৰ্ষৰ বাবে ৰাজমুকুট থিয়েটাৰে এজন নাট্যকাৰৰ দুইখন নাটক বাছি লৈছে বুলি জানিবলৈ দিছে নাট্যদলটিৰ প্ৰযোজক মানস কলিতাই।
২০১৯-২০নাট্যবৰ্ষত ৰাজমুকুট থিয়েটাৰৰ মঞ্চত দৰ্শকে উপভোগ কৰিবলৈ পাব সাংবাদিক, যুৱ নাট্যকাৰ ৰাজদ্বীপৰ ৰচিত দুখনকৈ নাটক ক্ৰমে “বন্ধুৰ বাগদত্তা” আৰু “বৰ উজনি বৰ নামনি”। আৰু এখন নাটকৰ নাম ৰাইজৰ মাজত কেইদিন মানৰ পাছতহে নাট্যদলটিয়ে ঘোষণা কৰিব। ৰাজমুকুট থিয়েটাৰৰ ২০১৯-২০নাট্যবৰ্ষৰ অভিনেতা-অভিনেত্ৰীৰ তালিকাখনো চকুত লগা। সুদীৰ্ঘ ১১বছৰ বিৰতি মূৰত ৰাজমুকুট থিয়েটাৰৰ মঞ্চত দৰ্শকে দেখিবলৈ পাব অসমীয়া বোলছবি জগতৰ অভিনেতা কপিল বৰা, এক্সন হিৰ’ ৰাজকুমাৰ, পোনপ্ৰথম বাৰৰ অসমীয়া বোলছবি জগত দুই মোহময়ী অভিনেত্ৰী সুনীতা কৌশিক আৰু অলিস্মিতা গোস্বামী। জুলাই মাহৰ প্ৰথম-দ্বিতীয় সপ্তাহৰ পৰাই ৰাজমুকুট থিয়েটাৰৰ ২০১৯-২০নাট্যবৰ্ষৰ আখৰা আৰম্ভ হ’ব বুলি জানিবলৈ দিছে  নাট্যদলটিৰ প্ৰযোজক মানস কলিতাই।