শেহতীয়া খবৰ
Home / আঞ্চলিক / গুৱাহাটী আই আই টিত বাঘৰ বিচৰণ

গুৱাহাটী আই আই টিত বাঘৰ বিচৰণ

পঙ্কজ নাথ, চাংসাৰিঃ উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটীস্থিত গুৱাহাটী আই আই টি। বিজ্ঞান প্ৰযুক্তি শিক্ষা গ্ৰহণৰ বাবে দেশী বিদেশী শিক্ষাৰ্থীসকলে আহি শিক্ষা গ্ৰহণ কৰে এইখন আই আই টিত। এইবাৰ আই আই টি গুৱাহাটী শিক্ষা বা গবেষণা বাবে চৰ্চা লৈ অহা নাই। আহিছে এটি বাঘকলৈ। আই আই টিত বাঘ ওলোৱা বিষয়টো এতিয়া সমগ্ৰ উত্তৰ গুৱাহাটীতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আই আই টিৰ সঞ্চালকৰ কোৱাৰ্টাৰ কাষত এটা আধা খোৱা কেটেলা পহু উদ্ধাৰ হোৱা পাছতে আই আই টি সুৰক্ষাত নিয়োজিত বিষয়া সকলে অনুসন্ধান আৰম্ভ কৰে। সুৰক্ষাত নিয়োজিত কৰ্মচাৰীসকলে এটা সৰু নাহৰফুটুকী বাঘ থকা বুলি বুলি নিশ্চিত কৰিছে। শীঘ্ৰেই বাঘটো ধৰিবলৈ সকলো ব্যৱস্থা হাতত লোৱাৰ লগতে সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে বুলি জানিব পৰা গৈছে।