শেহতীয়া খবৰ
Home / Uncategorized / লালপুল আৰক্ষীৰ বৃহৎ সফলতা, চালকক হত্যা কৰি গাড়ী লৈ উধাও হোৱা দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ

লালপুল আৰক্ষীৰ বৃহৎ সফলতা, চালকক হত্যা কৰি গাড়ী লৈ উধাও হোৱা দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ

গণবাৰ্তা বিশেষ, লালপুলঃ সমগ্ৰ অসমতে বৃহৎ গাড়ী চুৰি চক্ৰই আৰক্ষীৰ নিদ্ৰা হৰণ কৰি থকাৰ সময়তে যোৱা নিশা ওদালগুৰি জিলাৰ লালপুল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফাৰুক আহমেদে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নম্বৰ প্লেট বিহীন উবেৰৰ হুণ্ডাই এক্সচেন্ট গাড়ী সহ এজন দুধৰ্ষ চোৰ আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰজন গুৱাহাটী বশিষ্ঠৰ সূৰ্য্য নাথ ওৰফে ইমতাজ আলী। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, যোৱা ২২ অক্টোবৰ তাৰিখৰ পৰা AS-01-JC-6064 নম্বৰ উবেৰৰ গাড়ীখন নিৰুদ্দেশ হোৱা বুলি গাড়ীখনৰ গৰাকীয়ে এক গোচৰ দিয়ে। পিছত বশিষ্ঠ আৰক্ষী থানাই গোচৰ নং ১৪৬৬/১৮ আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০২/২০১/৩৭৯ IPC ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল। তদন্ত অব্যাহত থকাৰ সময়তে ধৃত চোৰজনে উবেৰৰ গাড়ীখন বিক্ৰী কৰাৰ কাৰণে তেজপুৰলৈ গৈ আছে বুলি এক গোপন খবৰৰ ভিত্তিত লালপুল আৰক্ষীয়ে বুধবাৰে নিশা গাড়ীসহ চোৰজনক গ্ৰেপ্তাৰ কৰে। ধৃত গাড়ী চোৰ সূৰ্য্য নাথ ওৰফে ইমতাজ আলীয়ে সাংবাদিকৰ আগত এক চাঞ্চ্যল্যকৰ স্বিকাৰোক্তী দি কয় যে, যোৱা ২২ অক্টোবৰ তাৰিখে সূৰ্য্য নাথ আৰু তেওঁৰ দুজন সহযোগীয়ে উবেৰৰ গাড়ীখন ভাড়াত লৈ যোৱাৰ সময়তে ততিওজনে মিলি চালক জনৰ ডিঙিত পেন্টৰ বেইল্টেৰে চেপা মাৰি ধৰি অমানৱীয় ভাৱে হত্যা কৰে। হত্যা কৰি মৃতদেহটো শুৱালকুছিৰ বাস্তাৰ কাষৰ এডোখৰ ঠাইত পেলাই থৈ যোৱাৰ কথা শিকাৰ কৰে।জানিব পৰা মতে মৃত চালকজন গোৱালপাৰা জিলাৰ আদৰ্শপুৰ গাঁৱৰ ভাগ্যশ্বৰ ৰাভা। বৃহস্পতিবাৰে উক্ত গাড়ী আৰু দুধৰ্ষ চোৰজনক লালপুল আৰক্ষীয়ে বশিষ্ঠ আৰক্ষীক হস্তান্তৰ কৰে।