শেহতীয়া খবৰ
Home / ক্ৰীড়া / নর্থ ইষ্টৰ অপৰাজেয় যাত্রা অন্ত পেলালে মুম্বাই চিটীয়ে

নর্থ ইষ্টৰ অপৰাজেয় যাত্রা অন্ত পেলালে মুম্বাই চিটীয়ে

ডিজিটেল ডেস্ক, গুৱাহাটীঃ চলিত পঞ্চম হিৰাে ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ফুটবল প্রতিযােগিতাৰ আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হােৱা মেচত ঘৰুৱা দল নর্থ ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ’ব মুম্বাইচিটী এফ চি দলৰ বিৰুদ্ধে। মেচখনত মুম্বাই চিটীয়ে ১-০ গ’লত নর্থ ইষ্ট দলক পৰাস্ত কৰি শীর্ষ চাৰিত উপণীত হৈছে। ইফালে, এয়া নর্থ ইষ্ট ইউনাইটেডৰ প্রথম ব্যর্থতা। গৃহভুমিত অন্ত পৰিল দলৰ অপৰাজেয় যাত্রা। আনহাতে দল শীর্ষ চাৰিৰ পৰা অবনমিতও হ’ল এই পৰাজয়ৰ বাবে।

তিনি পইন্ট দখলৰ লক্ষ্যৰে গুৱাহাটীলৈ অহা মুম্বাই চিটী দলে খেলৰ চাৰি মিনিটতেই মেচত অগ্রগতি লাভ কৰে। দলৰ তাৰকা আৰ্ণল্ড ইছ’কাই সতীর্থ পাওলাে মাচাডােৰ পৰা বল পাই নর্থ ইষ্টৰ দুর্গত সােমাই দিয়ে। বিপৰীতে ঘৰুৱা দলে সুন্দৰ খেল প্রদর্শন কৰিও গ’ল কৰাত সফল হ’ব নােৱাৰিলে। সুযােগ নষ্ট কৰে স্বয়ং অগবেচে। কার্যতঃ বিৰতিলৈ ১-০ গ’লত আগবাঢ়ি থাকে মুম্বাই চিটী।

দ্বিতীয়ার্ধৰ মেচ আৰম্ভ হােৱাত মুম্বাই চিটীৰ ৰণনীতি আছিল বিপক্ষৰ আক্ৰমণ ৰক্ষা কৰা। প্রশিক্ষক জর্জ ক’ষ্টাই অগ্রগতিৰক্ষা কৰাৰ বাবে ৰক্ষণ বিভাগত খেলুৱৈৰ সংখ্যাও বৃদ্ধি কৰে। যাৰবাবে এলেকোৰ আক্ৰমণৰ ৰণনীতি পদে পদে বিফল হয়। নর্থ ইষ্ট ইউনাইটেডে আক্ৰমণত তথা মুম্বাই দলে ৰক্ষণ বিভাগত খেলুৱৈ সালসলনি কৰে। কিন্তু মেচৰ ফলাফল সলনি নহ’ল।

উল্লেখ্য যে নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে আজি লীগত ছয় নম্বৰ মেচখন খেলাৰ বিপৰীতে মুম্বাই চিটী এফ চিয়ে সাত নম্বৰ মেচত অৱতীৰ্ণ হ’ল। ছয়খন মেচ খেলাৰ পাছত নর্থ ইষ্ট ইউনাইটেডে লাভ কৰিছে ১১ পইণ্ট। আনহাতে, সাতখন মেচৰ পৰা মুম্বাই চিটী এফ চিয়ে লাভ কৰিছে ১৩ পইণ্ট।

নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে লীগৰ পৰৱর্তী মেচখনাে নিজৰ ঘৰত খেলিব। অহা ২৩ নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা মেচত কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে মুখামুখি হ’ব নর্থ ইষ্ট ইউনাইটেড।

ইফালে, মুম্বাই চিটী এফ চি দলেও লীগৰ পৰৱর্তী মেচ ঘৰত খেলিব। এ টি কে দলৰ বিৰুদ্ধে পৰৱৰ্তী মেচত মুখামুখি হ’ব মুম্বাই চিটী দল। অহা ২৪ নৱেম্বৰত এই মেচখন অনুষ্ঠিত হ’ব মুম্বাই ফুটবল এৰিনাত। আজিৰ সফলতাই মুম্বাই চিটীক দিব অতিৰিক্ত শক্তি।