শেহতীয়া খবৰ
Home / Uncategorized / ধৰ্ম সভা-পূজা উৎসৱত আয়োজন কৰা হওঁক গ্ৰন্থমেলা

ধৰ্ম সভা-পূজা উৎসৱত আয়োজন কৰা হওঁক গ্ৰন্থমেলা

মানৱ জাতিৰ জ্ঞান বিকাশৰ মূল উৎস হল গ্ৰন্থ । গ্ৰন্থই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু  ঐতিহ্যৰ পৰিঘটনা সমূহ নিজৰ বুকুত কালক্ৰমলৈ সঞ্চিত কৰি ৰাখে । গ্ৰন্থই সঞ্চিত কৰি ৰখা জ্ঞান কেতিয়াও অন্ত নহয় । যুগ যুগ ধৰি মানুহে গ্ৰন্থ অধ্যয়নৰ জৰিয়তেই জ্ঞান আহৰণ কৰি বিশ্ব জয় কৰি আহিছে । সেয়ে বিশ্বৰ প্ৰতিটো ধৰ্মই নিজৰ ধৰ্মগ্ৰন্থৰ ওপৰত প্ৰতিষ্ঠিত । ধৰ্মগ্ৰন্থ সমূহেই নিজ নিজ ধৰ্মৰ দলিল ৰূপে পৰিগণিত হৈ আহিছে । ধৰ্মগুৰু, ধৰ্মপ্ৰচাৰক সকলে এই ধৰ্মগ্ৰন্থ সমূহ অধ্যয়ন কৰিয়েই ধৰ্ম প্ৰসাৰতাৰ কামত আত্মনিয়োগ কৰিছে । ধৰ্মগ্ৰন্থ সমূহে নিঃসন্দেহে জ্ঞান বিস্তাৰ কৰে । কিন্তু বৰ্তমান সমাজত একাংশ ধৰ্মান্ধ লোকে ধৰ্মগ্ৰন্থ সমূহ অধ্যয়ন কৰেনে ? হিন্দুই হওঁক বা মুছলমানেই হওঁক, সকলো ধৰ্মতেই একাংশ ধৰ্মান্ধ লোক আছে যি সকলে নিজ ধৰ্মৰ বিৰুদ্ধে ধৰ্মগ্ৰন্থৰ পৰিপন্থী কামবোৰ কৰে। সকলো ধৰ্মগ্ৰন্থই হিংসা,  হত্যা, ধর্ষণ, ব্যভিচাৰ, অহংকাৰ আদিৰ বিৰোধীতা কৰিছে । কিন্তু বাস্তৱ ক্ষেত্ৰত হৈছে কি ? ধৰ্মৰ নামত হত্যা, ধৰ্মৰ নামত সাম্প্ৰদায়িক সংঘৰ্ষ, হিংসা-বিদ্বেষ !

সম্প্রতি মুছলমান সমাজত ধৰ্ম সভাৰ বতৰ আৰম্ভ হৈছে । সেইদৰে হিন্দু সকলৰো ৰাস উৎসৱ আৰম্ভ হৈছে । অপ্ৰিয় হলেও সত্য যে, এই দুয়োটা সমাজৰেই ধৰ্ম সভা বা পূজা সমিতিৰ মূল নেতৃত্ব বহন কৰা একাংশ লোক ধাৰ্মিক নহয় । তেওঁলোকে নিজৰ ধৰ্মগ্ৰন্থখনো ভাল দৰে অধ্যয়ন নকৰে । মুছলমানৰ একাংশ ধৰ্ম সভাত দেখা যায় মুখ্য বক্তা গৰাকীয়ে দান বৰঙণি সংগ্ৰহৰ নামত লাও, জিকা, কণী, ফলমূল আদিৰ বজাৰ বহায় । ইছলাম ধৰ্মৰ পবিত্ৰ হাদিসত আছে , “এক হাতেৰে দান কৰিলে আন হাতে জানিব নালাগে” ইয়াৰ অৰ্থ এইটোৱেই বুজোৱা হৈছে যে, একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ ভাবে দান কৰিব লাগে, মানুহক দেখোৱাৰ বাবে নহয়। সেইদৰে উপনিষদতো দান সংক্ৰান্তত উল্লেখ আছে – ” শ্ৰদ্ধেয় দেৱম অশ্ৰদ্ধেয় অদেৱম,হিয়া দেৱম শ্ৰীয়া দেৱম, সংহিতা দেৱম” অৰ্থাৎ দান কৰিলে অন্তৰৰ পৰা কৰিব লাগে শ্ৰদ্ধাৰে কৰিব লাগে। শাস্ত্ৰৰ প্ৰতি ভয় ৰাখি দান কৰিব লাগে । আনৰ দেখা দেখি দান কৰা উচিত নহয়।

কিন্তু ধৰ্ম সভাবোৰত হাত দাঙি কোনে কিমান টকা দান কৰিলে দেখুওৱা হয়। যত কম সামৰ্থ্য থকা ব্যক্তি সকলে নিঃসন্দেহে লাজত পৰিব লগা হয় । ৰাস্তা ঘাটতো একেই পৰিৱেশ বাট আগুচি ধৰি এক প্ৰকাৰ বলপূৰ্বক দান বৰঙণি আদায় কৰা হয়। যত বহুতেই অনিচ্ছা স্বত্বেও দান কৰিবলৈ বাধ্য হয় । সেইদৰে হিন্দু সমাজতো পূজাৰ নামত ৰাস্তা বন্ধ কৰি চাদা সংগ্ৰহ কৰা , পূজাৰ নামত জুৱা খেল,  লটাৰি খেল, মদৰ পাৰ্টি আদি অনুষ্ঠিত কৰা ঘটনা নতুন নহয় । যিহেতু দুয়োটা ধৰ্মতেই মদ, জুৱাক নিষিদ্ধ কৰা আছে । তাৰ পিছতো কিয় এই ধৰ্ম বিৰোধী কাৰ্য ? ইয়াৰ মানে এইটো নহয়নে ? যে, তেওঁলোকে ধৰ্মগ্ৰন্থ অধ্যয়ন নকৰাকৈ জ্ঞানৰ অভাৱত ধৰ্মান্ধ হৈ আছে । “মানৱ সেৱাই পৰম ধৰ্ম” সকলো ধৰ্মৰ মূলমন্ত্ৰ হোৱা স্বত্বেও মানুহ হবলৈ শিক্ষা দিয়াৰ পৰিৱৰ্তে এই ধৰ্ম সভা আৰু পূজা উৎসৱৰ পৰা মানুহে হিন্দু নাইবা মুছলমান হোৱাৰহে শিক্ষা লাভ কৰি আহিছে । ফলত বিশ্ব ব্যাপী আজি মানুহৰ পৰিচয় সংকটাপন্ন হোৱাৰ লগতে হিন্দু, মুসলমান, শিখ, বৌদ্ধ আদি ধৰ্মৰ পৰিচয়েৰে মানুহক ভাগ ভাগ কৰি ৰখাৰ প্ৰয়াস চলিছে। ফলত মানুহে জ্ঞান অৰ্জনৰ বিপৰীতে অজ্ঞতা আৰু সংকীৰ্ণতাৰ ফালে ধাৱমান হোৱা পৰিলক্ষিত হৈছে ।

মুঠতে কব পাৰি যে, গ্ৰন্থ অধ্যয়ন নকৰাকৈ জ্ঞান অৰ্জন কৰা অসম্ভৱ । সেয়ে সকলোৱে জ্ঞান আহৰণৰ পৰিসৰ বৃদ্ধি কৰিবলৈ গ্ৰন্থ অধ্যয়ন কৰা অতি প্ৰয়োজন । সম্প্ৰতি বিশ্বায়নৰ যুগত অধিকাংশ নৱ প্ৰজন্মই পাঠ্যক্ৰমৰ কিতাপ কেইখনৰ বাহিৰে অন্যান্য জ্ঞান সঞ্চাৰিত গ্ৰন্থ অধ্যয়ন নকৰে ৷ বৰ্তমান অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত দিনক দিনে লেখক- লেখিকা, প্ৰকাশক আৰু পাঠকৰ সংখ্যা বৃদ্ধি হৈ আহিলেও প্ৰকৃততে গ্ৰন্থ অধ্যয়ন কাৰীৰ সংখ্যা কিন্তু আশানুৰূপ বৃদ্ধি পোৱা নাই । অসমত চলি থকা মুছলমানৰ ধৰ্ম সভা আৰু হিন্দুৰ পূজা উৎসৱ যদি আল্লাহ বা ঈশ্বৰ প্ৰাপ্তিৰ সাধনা হয় আৰু যদি তাতে জ্ঞানৰ চৰ্চা বা জ্ঞান বিতৰণৰ কাৰ্য সম্পাদন কৰা হয় তেন্তে প্ৰতিটো পূজা উৎসৱ আৰু ধৰ্ম সভাত গ্ৰন্থমেলাৰ আয়োজন কৰা উচিত । যিটো ধৰ্ম সভাত দান বৰঙণিৰ নামত লাও, বেঙেনা, ফলমূল আদি পূণ্যৰ নামত বিক্ৰী কৰা হয়, তেওঁলোকে দানকাৰীৰ হাতত একোখনকৈ ভাল গ্ৰন্থ তুলি দিব লাগে ।

গুৱাহাটী মহানগৰীৰ উপৰিও অসমৰ বিভিন্ন নগৰ- চহৰ আৰু চৰ-চাপৰি অঞ্চলতো গ্ৰন্থমেলাৰ আয়োজন কৰা দেখা গৈছে । নামনি অসমৰ কলগাছিয়া, জনিয়া, মন্দিয়া, কয়াকুছি আদি অঞ্চলত প্ৰতি বছৰে গ্ৰন্থমেলাৰ আয়োজন কৰি এক বৌদ্ধিক আন্দোলন গঢ়ি তোলাৰ লগতে অসমীয়া ভাষা সাহিত্য বিকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়াই অহা কাৰ্য্যটো নিশ্চয়কৈ প্ৰসংশাৰ পাত্ৰ । গ্ৰন্থমেলাৰ জড়িয়তে জ্ঞানৰ পোহৰ বিলাই ধৰ্মান্ধ সমাজখনক আলোকিত কৰিলেহে ডঃ ভূপেন হাজৰিকাৰ ” মানুহে মানুহৰ বাবে…” গীতটি ফলপ্রসূ হব নাইবা সকলো ধৰ্মৰ মূলমন্ত্ৰ ” মানৱ সেৱাই পৰম ধৰ্ম ” কাৰ্যকৰী হব । বিশ্বত জনসংখ্যাৰ বিস্ফোৰণ ঘটিছে যদিও মানুহৰ সংখ্যা কিন্তু তেনেই কম । গতিকে প্ৰকৃত মানুহ হবলৈ জ্ঞান আহৰণৰ বিকল্প নাই । আৰু গ্ৰন্থ অধ্যয়নৰ জড়িয়তেহে আমি জ্ঞান অৰ্জন কৰিব পাৰি । সেয়ে গ্ৰন্থ অধ্যয়নৰ বৌদ্ধিক যাত্ৰাত আমি সকলোৱে অংশ গ্ৰহণ কৰা উচিত । কিন্তু ধৰ্মীয় গোড়ামি আৰু অন্ধবিশ্বাস সমাজৰ পৰা দূৰ নহলে বৌদ্ধিক বিকাশৰ এই যাত্ৰা থমকি ৰোৱাৰ সম্ভাৱনা আছে । সেয়ে যুৱ প্ৰজন্মই এই ক্ষেত্ৰত আগ ভাগ লৈ মোবাইল ফোন, টিভি, ফে’চবুক, হোৱাটচাপ আদিৰ দৰে আনুষঙ্গিক বিষয় সমূহত অধিক সময় অপচয় কৰাৰ পৰিৱৰ্তে গ্ৰন্থ অধ্যয়নত মনোনিৱেশ কৰিব লাগে । গাঁৱে গাঁৱে ক্লাব বা সংঘ সমূহত গঢ়ি তুলিব লাগে একোখনকৈ পুথিভঁৰাল । হাফিজিয়া মাদ্ৰাছা , মক্তব, মছজিদ, নামঘৰ, সত্ৰ আদিতো পুথিভঁৰালৰ ব্যৱস্থা কৰিব লাগে । তাত ধৰ্মীয় কিতাপৰ বাহিৰেও অন্যান্য ইতিহাস, ভূগোল, বুৰঞ্জী, মহৎলোকৰ বাণী, মহৎ লোকৰ জীৱনীমূলক গ্ৰন্থ, আলোচনী আদি ৰখাৰ ব্যৱস্থা কৰিব লাগে । প্ৰতিটো ধৰ্মীয় উৎসৱত ধৰ্মীয় কাৰ্যসূচীৰ লগতে গ্ৰন্থমেলাৰ আয়োজন কৰিব লাগে । চৰকাৰেও এই ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰাৰ প্ৰাসংগিকতা আছে । তেতিয়াহে মানুহে ‘গ্ৰন্থ’ক মৌলিক প্ৰয়োজন বুলি আকোঁৱালি লব আৰু গ্ৰন্থ অধ্যয়নৰ এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিব । কাগজ আৰু ছপাযন্ত্ৰৰ অত্যাধিক খৰচৰ বাবে গ্ৰন্থৰ অত্যাধিক মূল্য বৃদ্ধি হোৱাত অৱশ্যে  সাধাৰণ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে পাঠ্যক্ৰমৰ বাহিৰে আন গ্ৰন্থ ক্ৰয় কৰি পঢ়িবলৈ আগ্ৰহ প্ৰকাশ নকৰে ৷

ধনৰ অভাৱত বহু মাক-দেউতাকৰ নতুন গ্ৰন্থ কিনি দিয়াৰ ক্ষমতা নাই ৷ এনে ক্ষেত্ৰত পুথিভঁৰালৰ যথেষ্ট প্ৰয়োজন । ৰাজ্যখনত যি হাৰত মদৰ দোকান বৃদ্ধি পাইছে সেই তুলনাত কিন্তু পুথিভঁৰালৰ সংখ্যা বৃদ্ধি পোৱা নাই ৷ বিদ্যালয় সমূহতো গ্ৰন্থ অধ্যয়নৰ শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠা নাই ৷ এনে বহু কাৰণতেই আজিও ৰাজ্যখনৰ আধাসংখ্যক পঢ়ুৱৈয়েই নতুন নতুন গ্ৰন্থৰ সুবাসৰ পৰা আঁতৰি থাকিব লগা হৈছে । ইয়াৰ উপৰি সময়ৰ পৰিৱৰ্তন আৰু কৰ্মব্যস্ততাই মানুহক লাহে লাহে গ্ৰন্থৰ কাষৰ পৰা আঁতৰাই নিবলৈ বাধ্য কৰিছে ৷ সম্প্ৰতি আধুনিক পৰীক্ষা কেন্দ্ৰীক শিক্ষা ব্যৱস্থায়ো বহু সময়ত ছাত্ৰ- ছাত্ৰীক গ্ৰন্থ অধ্যয়নৰ পৰিৱেশৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰিছে ৷ ক্লাছ, পৰীক্ষা, এছাইণ্টমেণ্ট, টিউচন আদিৰ ব্যস্ততাৰ মাজতে আজি বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাল গ্ৰন্থৰ সংস্পৰ্শ নোহোৱাকৈ জীৱনৰ প্ৰায় আধা সময় পাৰ কৰিব লগা হয় ৷ ফলত ভাল গ্ৰন্থ অধ্যয়নৰ পৰা বঞ্চিত হৈ মানুহ নৈতিকতাহীন, মানৱতাহীন হবলৈ আৰম্ভ কৰিছে । এইক্ষেত্ৰত প্ৰতিখন নতুন গ্ৰন্থৰ সুবাস যাতে প্ৰতিজন পঢ়ুৱৈয়ে পাব পাৰে তাৰ বাবে প্ৰকাশক সকলে সময়ে সময়ে সৰু সৰু অঞ্চল, বিদ্যালয়, গাঁও সামৰি ভ্ৰাম্যমান গ্ৰন্থমেলাৰ ব্যৱস্থা কৰিব পাৰে ৷ বিহুৰ বতৰত বিহু মণ্ডপত, পূজাৰ বতৰত পূজাৰ মণ্ডপত, ইছলাম ধৰ্মাৱলম্বী সকলৰ ধৰ্ম সভাত এনে ক্ষুদ্ৰ গ্ৰন্থমেলাৰ আয়োজন কৰি মানুহক নতুন চিন্তা-চেতনাৰ দিশে আকৃষ্ট কৰা উচিত ৷ তেতিয়া হলে নিশ্চয়ই গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানুহৰ মাজত জ্ঞান অৰ্জনৰ পৰিসৰ বৃদ্ধি হব আৰু বিশ্বত জনসংখ্যা বৃদ্ধিৰ বিপৰীতে প্ৰকৃত মানুহৰ সংখ্যা বৃদ্ধি পাব।

 

লেখকঃ

জাহিদুল ইছলাম,

কলগাছিয়া, বৰপেটা, অসম

ফোন নম্বৰঃ ৯৪৩৫৪১১০২