শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / উচ্চতম ন্যায়ালয়ত ৰাফেল ক্ৰয় কেলেংকাৰী গোচৰৰ শুনানি সম্পন্ন

উচ্চতম ন্যায়ালয়ত ৰাফেল ক্ৰয় কেলেংকাৰী গোচৰৰ শুনানি সম্পন্ন

৫ ঘন্টা ধৰি চলিল শুনানি, বায়ুসেনা মুৰব্বীৰ সাক্ষ্য গ্ৰহণ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

ডিজিটেল ডেস্কঃ ৰাফেল যুদ্ধ বিমান ক্ৰয় চুক্তি সন্দৰ্ভত দাখিল কৰা আবেদনৰ বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি সম্পূৰ্ণ কৰে। প্ৰায় ৫ ঘন্টাজোৰা এই শুনানিকালত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত ৩জনীয়া বিচাৰপীঠে আবেদন সমূহৰ শুনানি গ্ৰহণ কৰি আদালতৰ ৰায় সুৰক্ষিত কৰি ৰাখে। শুনানিকালত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৰাফেল চুক্তি সম্বন্ধিত সকলো পক্ষৰে মন্তব্য শুনে। ন্যায়ালয়ে আবেদনকাৰী আৰু চৰকাৰৰ লগতে বায়ুসেনা মুৰব্বীৰ পৰাও বিস্তাৰিতভাৱে তেওঁলোকৰ পক্ষৰ মতামত গ্ৰহণ কৰে। আনফালে শুনানিকালত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে চৰকাৰে যেতিয়া ৰাফেল চুক্তিৰ বিতং তথ্য ৰাজহুৱা কৰা প্ৰয়োজন বুলি সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পিছতহে ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ মূল্যক লৈ বিতৰ্ক হোৱা উচিত।

আনহাতে, ন্যায়ালয়ত আজি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পক্ষ শুনিবলৈ অস্বীকাৰ কৰে। তেওঁ কয় যে, আদালতত যিহেতু বায়ুসেনা সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হৈছে গতিকে বায়ুসেনা বিভাগৰ কোনো বিষয়াইহে এই সন্দৰ্ভত তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰা উচিত। যাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কোনো মন্তব্য শুনাৰ প্ৰয়োজন নাই। ইফালে, অৰ্টানী জেনেৰেল কে কে বেনুগোপালে ন্যায়লয়ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ কৰা দাখিল কৰা বন্ধ খামৰ ভিতৰৰ নথি সন্দৰ্ভত কয় যে ৰাফেল চুক্তিক লৈ দুয়োখন দেশৰ আলোচনাৰ কোনো জাননী প্ৰদান কৰা হোৱা নাই। ৰাফেল চুক্তিৰ মূল্য নহয়, তাৰ সুৰক্ষা আৰু কাৰিকৰী তথ্যসমূহহে ৰাজহুৱা কৰা উচিত বুলিও মন্তব্য কৰে বেনুগোপালে।

শুনানিকালত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অধিবক্তা প্ৰশান্ত ভূষণক সাৱধানবাণী শুনায়। তেওঁ কেৱল প্ৰয়োজনীয় বিষয় খিনিহে উল্লেখ কৰিবলৈ অধিবক্তাগৰাকীক নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে অধিবক্তা প্ৰশান্ত ভূষণে কেন্দ্ৰীয় চৰকাৰৰে গোপনীয়তাৰ সুযোগ লৈ ৰাফেল চুক্তিৰ মূল্যও গোপন কৰিছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে, বুধবাৰে শুনানি গ্ৰহণৰ পূৰ্বে অধিবক্তা প্ৰশান্ত ভূষণে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এন ডি এ চৰকাৰে ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ সময়ত নিবিদা প্ৰক্ৰিয়াৰ পৰা ৰক্ষা পৰিবলৈ দুই চৰকাৰৰ সৈতে গোপন বুজাবুজি কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

অধিবক্তা ভূষণে উচ্চতম ন্যায়ালয়ত বুধবাৰে দাখিল কৰা এক আবেদনত পূৰ্বৰ মূল্যতকৈ ৪০ শতাংশ অধিক মূল্যৰ বিনিময়ত ৰাফেল বিমান ক্ৰয় কৰা বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছতে এই সন্দৰ্ভত আদালতে তেওঁক সাৱধান কৰি দিয়াত পিছত সেয়া ভুলতে উল্লেখ কৰা বুলি ভুষণে স্বীকাৰ কৰে। তেওঁ কয় যে ৰাফেল চুক্তিক লৈ ফ্ৰান্স চৰকাৰৰ পৰা কোনো গেৰেন্টি প্ৰদান কৰা হোৱা নাই। ৰাফেল চুক্তিক লৈ প্রথম অৱস্থাত কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে বিৰোধিতা কৰিছিল। ইয়াৰ পূৰ্বে শুনানিৰ আৰম্ভণিতে আবেদনকাৰী পক্ষৰ অধিবক্তা মনোহৰ লাল শৰ্মাই আদালতক ৫ ন্যায়াধীশৰ বিচাৰপীঠত শুনানি গ্ৰহণৰ বাবে আবেদন কৰে।