শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / অৰ্থনৈতিক বৃদ্ধিৰ বাবে ৰিজাৰ্ভ বেংকে দিব ১২,০০০ কোটি

অৰ্থনৈতিক বৃদ্ধিৰ বাবে ৰিজাৰ্ভ বেংকে দিব ১২,০০০ কোটি

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ অৰ্থনীতিত স্থিৰতা অনাৰ বাবে চৰকাৰে বিচৰা ধন দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ ১৫ নৱেম্বৰত চৰকাৰী ছিকিউৰিটিজৰ ক্ৰয়ৰ জৰিয়তে ১২ হাজাৰ কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ কেন্দ্ৰীয় বেংকটোৱে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ৷ ইতিমধ্যে দেশৰ শীৰ্ষৰ বেংকটোৱে চৰকাৰী ছিকিউৰিটিজ ক্ৰয় কৰিব বুলিও বিজ্ঞপ্তিত প্ৰকাশ৷ ইয়াৰ জৰিয়তে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰলৈ ১২,০০০ কোটি টকা নগদ ধন হিচাপে আগবঢ়োয় ৰিজাৰ্ভ বেংকে৷