শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ১১ ডিচেম্বৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিবেশন

১১ ডিচেম্বৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিবেশন

ডিজিটেল ডেস্কঃ অহা ১১ ডিচেম্বৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিবেশন থিক একেদৰে এইবাৰ শীতকালীন অধিবেশন সামৰণি পৰিব ৮ জানুৱাৰী ২০১৯ চনত। এই কথা বুধবাৰে জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলে। তেওঁ লগতে জানিবলৈ দিয়ে যে সংসদীয় পৰিক্ৰমা কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে এই দিন থিক কৰা হৈছে।

উল্লেখ যে, এইবাৰ সংসদৰ শীতকালীন অধিবেশনখনত ভালে কেইখন গুৰুত্বপূৰ্ণ বিধেয়কৰ বিষয়ে আলোচনা কৰা হ’ব বুলিও জানিবলৈ দিয়ে। তাৰ ভিতৰত আছে মুছলমান মহিলাসকলৰ অধিকাৰ গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰে। ইফালে গুৰুত্বপূৰ্ণ কথা এই যে এইবাৰৰ শীতকালীন অধিবেশনখনতে নাগৰিকত্ব সংশোধনী বিধেয়কখনো উত্থাপন কৰা সম্ভাৱনা আছে।

ইফালে সংসদৰ শীতকালীন অধিবেশনখন নৱেম্বৰ মাহতে অনুষ্ঠিত হোৱা কথা আছিল যদিও ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে এই অধিবেশনখন ডিচেম্বৰ পৰা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।