শেহতীয়া খবৰ
Home / Uncategorized / সাংবাদিকক শ্ৰদ্ধা কৰাটো জাতিৰ কৰ্তব্যঃ বসন্ত গোস্বামী

সাংবাদিকক শ্ৰদ্ধা কৰাটো জাতিৰ কৰ্তব্যঃ বসন্ত গোস্বামী

শুভাশীষ শৰ্মা, যোৰহাটঃ “নিজৰ জীৱনক বিপন্ন কৰি তুলি সমাজৰ বাবে সংবাদ সংগ্ৰহ কৰে সাংবাদিক সকলে। এখন সমাজৰ অতন্দ্ৰ প্ৰহৰী হৈ থাকে সাংবাদিক সকল। সাংবাদিক সকলক শ্ৰদ্ধা কৰাটো এটা জাতিৰ কৰ্তব্য।” যোৰহাট প্ৰেছ ক্লাৱত আজি আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মূখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডঃ বসন্ত গোস্বামীয়ে এনেদৰে কয়। তেখেতে লগতে কয় যে সাংবাদিক সকল কেৱল পাঠকৰ ওচৰত দায়বদ্ধ। চৰকাৰ অথবা কাৰোবাৰ ৰঙা চকুলৈ ভয় নকৰে সাংবাদিকে। সমাজৰ স্বাৰ্থত কাম কৰা সাংবাদিক সকলে বিশ্বাসযোগ্যতা বৰ্তাই ৰখাটোৱেই প্ৰধান কৰ্তব্য। অসমৰ প্ৰথম খন দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি কাকত’ মুল বিষয় বস্তু হিচাপে লৈ বক্তৃতা প্ৰদান কৰি ডঃ গোস্বামীয়ে কয় যে ভাৰতত প্ৰথম মহাভাৰতৰ সময়ত সঞ্জয়ৰ ৰূপত সাংবাদিকতা আৰম্ভ হৈছিল। সাংবাদিকতাৰ বিশ্বাসযোগ্যতা সঞ্জয়ৰ চৰিত্ৰত পৰিষ্কাৰ হয়।

আনহাতে ইংলেণ্ডত ১৬৯০ চনত ৰেইছ বাৰ্চেষ্টাৰৰ জাৰ্ণেল খনক প্ৰথম আখ্যা দিয়া হয়। ভাৰতত ১৮৭০ চনৰ ২৯ জানুৱাৰীত কলিকতাত বেঙ্গল বাজেট প্ৰকাশ পাইছিল। তেখেতে লগতে কয় যে অৰুনোদইৰ পিছত অসমীয়া শিক্ষিত আৰু জাতীয়তাবাদী ভাৱধাৰৰে উদ্বুদ্ধ মধ্যবিত্ত ব্যক্তি সকলে বাতৰি কাকত প্ৰকাশৰ বাবে আগবাঢ়ি আহিছিল। আঢ্য পৰিয়ালৰ শিৱ প্ৰসাদ বৰুৱাইও বাতৰি কাকত প্ৰকাশৰ দৰে লোকচানৰ সন্মুখীন হবলৈ সাজু হৈছিল। যি সময়ত বাতৰি কাকত কিনি পঢ়িবলৈ ইচ্ছা নকৰিছিল সেই সময়ত ১৯৩০ চনত জন্ম হৈছিল সাদিনীয়া বাতৰি কাকত। যোৰহাট নগৰৰ পৰা ৮ মাইল দূৰত থকা ঠেঙাল ভৱনৰ পৰা প্ৰকাশ পাইছিল দৈনিক বাতৰি কাকত। ককা নীলমনি ফুকনৰ সম্পাদনাত প্ৰকাশ পোৱা কাকত খনত প্ৰকাশ পাইছিল জাতীয় চেতনা। যত সাংবাদিকৰ বাবে স্পষ্ট নিৰ্দেশনা আছিল যাতে বাতৰিত সাংবাদিকে নিজৰ মত সংজোযন নকৰে। অসম সংৰক্ষিনী সভাৰ পৃষ্ঠপোষকতা কৰিছিল দৈনিক বাতৰি কাকতে। তেতিয়া যোগাযোগৰ বাবে কোনোধৰনৰ সুব্যৱস্থা নথকাৰ পিছতো প্ৰকাশ কৰিছিল বাতৰি কাকত। তেতিয়াৰ পৰাই এতিয়াও বহু কাম একে ধৰনেই চলি ৰাইজৰ বিশ্বাস ৰাখিছে সংবাদ মাধ্যমে। প্ৰসংগক্ৰমে গোস্বামীয়ে কয় যে পতঞ্জলিৰ এচ বি সিং নামৰ এজন ব্যক্তিয়ে অসমীয়া জাতিয়ে আমিষ খাই আৰু ৰাষ্ট্ৰক শ্ৰদ্ধা কৰিব নাজানে বুলি কৰা মন্তব্য আঙুলিয়াই এনে ঘটনাৰ সংবাদ কৰিব লাগে বুলিও কয়।

আনহাতে জ্যেষ্ঠ সাংবাদিক তাজুদ্দিন আহমেদে আন এখন বাতৰি কাকত ‘ নগৰৰ কথা’ ৰ ওপৰত বাখ্যা আগবঢ়াই পোহৰলৈ আনে আন এক তথ্য। আহমেদে কয় যে যোৰহাটৰ এজন ব্যক্তি ম: মফজ্জল আহমেদে দৈনিক বাতৰি কাকত প্ৰকাশৰ পূৰ্বেই মাত্ৰ ২২ দিনৰ প্ৰস্তুতিৰে “নগৰৰ কথা” নামৰ বাতৰি কাকত প্ৰকাশ কৰিছিল। সংবাদ মাধ্যমৰ লগতে কোণো ধৰনে জড়িত নোহোৱাকৈ একমাত্ৰ স্বাভিমানৰ বাবে প্ৰকাশ কৰিছিল বাতৰি কাকত খন। বাহাদুৰ গাওবুঢ়া পথত থকা নিজা বাসগৃহৰ পৰা প্ৰকাশ পাইছিল নগৰৰ কথা নামৰ বাতৰি কাকত খন। এই বাতৰি কাকত খনত সাংবাদিক আছিল আৰু যথেষ্ট তথ্য সম্বলিত বাতৰি প্ৰকাশ পাইছিল। আহমেদে লগতে কয় যে বাপুটা নামেৰে পৰিচিত মফজ্জল আহমেদৰ বাতৰি কাকত খনৰ অৱশ্যে বৰ্তমান কোনো চিনচাব নাই। মফজ্জল আহমেদৰ পৰিয়ালৰ উদ্ধৃতি দি সাংবাদিক জনে কয় যে পৰিয়ালৰ হাতত কোনো তথ্য বৰ্তমান নাই। এখন বাতৰি কাকত আছিল যদিও উক্ত বাতৰি কাকতত সাংবাদিকতা কৰা এজন ব্যক্তিয়ে কাকত নিছিল আৰু তেখেতৰ দেহাৱসানৰ পিছত শেষৰ তথ্যও লুপ্ত পালে। এই তথ্যই এতিয়া প্ৰথম বাতৰি কাকত সন্দৰ্ভতো ভাবিবৰ থল আনি দিলে। ইয়াৰ পূৰ্বে যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি নিৰঞ্জন মহন্তই সভাপতিত্ব কৰা সভাখনিত উদ্দেশ্য বাখ্যা কৰে সম্পাদক অনন্ত নাৰায়ন বৰঠাকুৰে। সভাত যোৰহাট জিলা তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক দুষ্যন্ত মাধৱ শৰ্মাই অংশ গ্ৰহন কৰি চৰকাৰে সাংবাদিকৰ বাবে গ্ৰহন কৰা পদক্ষেপ সমূহৰ বিষয়ে আলোকপাত কৰে। সভাত জিলা খনৰ সাংবাদিক সকলৰ লগতে জিলা সাহিত্য সভাৰ বিষয়ববীয়া, অসম মহিলা বিশ্ববিদ্যালয়ৰ জনসংযোগ বিভাগৰ ছাত্ৰীৰ লগতে জিলা খনৰ গন্য মান্য ব্যক্তি উপস্থিত থাকে।