শেহতীয়া খবৰ
Home / আঞ্চলিক / সৰ্বানন্দৰ গাত অসমীয়াৰ তেজ নাইঃ তৰুণ গগৈ

সৰ্বানন্দৰ গাত অসমীয়াৰ তেজ নাইঃ তৰুণ গগৈ

গণবাৰ্তা বিশেষ, যোৰহাটঃ “মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দেহত অসমীয়া তেজ নাই। যদি অসমীয়াৰ তেজ থাকিল হেতেন তেন্তে শেহতীয়াকৈ শিলাদিত্যৰ মন্তব্যৰ বাবে শিলাদিত্যক মুখবন্ধ কৰিবলৈ কলেহেতেন৷’’ আজি যোৰহাট আৱৰ্ত ভৱনত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এনেদৰে কয় ৰাজ্যৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈয়ে। গগৈয়ে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক শিলাদিত্য প্ৰসঙ্গত তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে সৰ্বাৰ গাত লাচিত বৰফুকনৰ অথবা চিলাৰায়ৰ তেজ নাই। শিলাদিত্য নিজৰ দলৰ বিধায়ক যেতিয়া সাহস থকা হেতেন সৰ্বানন্দ সোনোৱালে মূখ বন্ধ কৰিবলৈ নিৰ্দেশ দিব পাৰিলে হেতেন। প্ৰসঙ্গ ক্ৰমে গগৈয়ে কয় যে শিলাদিত্যক চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে। শিলাদিত্যৰ মন্তব্য সমূহ চৰকাৰৰ স্বাৰ্থত হোৱা বাবেই চৰকাৰে তেওক নিৰাপত্তা প্ৰদান কৰিছে বুলিও দাবী কৰে।সম্প্ৰতি ৰাজ্য চৰকাৰ খনে গনতান্ত্ৰিক প্ৰতিবাদ ব্যৰ্থ কৰিবৰ বাবে যি আচৰণ কৰিছে সেয়া বেয়া বুলি মন্তব্য কৰি কয় চৰকাৰে সমালোচনা কৰিলে বেয়া পায়। বিৰোধীতা কৰিলে দমন নীতি লয়। এই ক্ষেত্ৰত এতিয়াও ৰাজ্যৰ সংগঠন সমূহে শান্তিপূৰ্ণ আন্দোলন কৰি থকা বাবে আন্দোলনকাৰী সকলক চেল্যুট দিয়া বুলি মন্তব্য কৰে।
নাগৰিকত্ব বিধেয়ক সম্পৰ্কে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক খনে অসমৰ কলা সংস্কৃতি বিপন্ন কৰি তুলিব। আন্দোলনৰ শ্বহীদৰ তেজৰ মূল্য অসম চুক্তি অৱমাননা কৰা হব লগতে সংবিধানখনো উলংঘা কৰা হব। কাৰণ সংবিধান মতে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। গতিকে বিদেশীৰ কোণো ধৰ্ম নাই। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছৰ সকলো বিদেশী বুলি কয় গগৈয়ে। আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ জয় হব বুলি দাবী কৰি কয় যে এতিয়া বিজেপি দলে ভয় খাইছে। ৰাজ্য বাসীক প্ৰবঞ্চনা কৰাৰ বাবে বিজেপি হাৰিব বুলি ইতিমধ্যে দলটোৱে বুজি পাইছে। বিজেপি চৰকাৰে কোনো কাম নকৰিলে বুলি মন্তব্য কৰি শেহতীয়াকৈ যুৱক-যুৱতী পুনৰ নিষিদ্ধ ঘোষিত সংগঠনলৈ গতি কৰা সম্পৰ্কেও চৰকাৰকে জগৰীয়া কৰে গগৈয়ে। উল্লেখযোগ্য যে আজি যোৰহাট জিলা ছাত্ৰ সন্থাৰ লগতে আন কেইবাটাও সংগঠনে প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীক নাগৰিকত্ব সংশোধনী বিধেয়ক খন বিৰোধিতা কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।