শেহতীয়া খবৰ
Home / আঞ্চলিক / গ্রাম্য শিক্ষার্থীসকলক মেধাৰ ছাত্ৰবৃত্তি প্রদান সূর্য গােল্ড চিমেণ্টৰ

গ্রাম্য শিক্ষার্থীসকলক মেধাৰ ছাত্ৰবৃত্তি প্রদান সূর্য গােল্ড চিমেণ্টৰ

ডিজিটেল ডেস্ক, গুৱাহাটীঃ উত্তৰ-পূৱৰ আগশাৰীৰ চিমেন্ট প্রস্তুতকাৰী প্রতিষ্ঠান সূর্য। গােল্ড চিমেন্টে অলপতে শিশু দিৱস উদ্যাপন কৰে আৰু তামুলীকুছি, সৰুৰী আৰু মৰকদোলা গাওঁৰ বিভিন্ন মেধাৱী ছাত্র-ছাত্রীক ছাত্রবৃত্তি প্রদান কৰে। বর্ণিহাটৰ কাষৰ তামুলীকুছি উচ্চ আৰু মধ্য ইংৰাজী বিদ্যালয়ত আয়ােজিত এই শিশু দিৱসৰ কাৰ্যসূচী আৰম্ভ হয় পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱন আৰু প্রাপ্তি তথা তেওঁৰ বিভিন্ন কর্মৰ আলােচনাৰে। ইয়াৰ পিছতে বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়। বিগত ২০১৭ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু শ্রেণী পৰীক্ষাত সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হােৱা তামুলীকুছি, সৰুৰী আৰু মৰকদোলা গাওঁৰ ভালেমান ছাত্রছাত্ৰীক ‘সূর্য গােল্ড চিমেন্ট মেধা বৃত্তি’ৰে সন্মানিত কৰা হয়। তামুলীকুছি, সৰুৰী আৰু মৰকদোলা গাওঁৰ কেবাশতাধিক ছাত্র-ছাত্রী তথা অভিভাৱকৰ উপস্থিতিত প্ৰদান কৰা হয় এই বৃত্তিসমূহ। অনুষ্ঠানত গাওঁবুঢ়া শ্ৰী জীতেন ৰাহাংৰ লগতে যুৱ সমাজকর্মী দগিন্ত লস্কৰ, অজিত টিমুং, ৰাকেশ ৰংপি আৰু নবীন ক্র’ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। সূর্য গােল্ড কর্তৃপক্ষই গ্রহণ কৰা এনে পদক্ষেপৰ উচ্চ প্রসংশা কৰি জীতেন হাঙে কয়, আমাৰ এই অঞ্চলৰ মেধাৱী ছাত্র-ছাত্রীক এনেদৰে শিক্ষাগ্রহণ প্রতি উদ্বুদ্ধ কৰাৰ বাবে আমি সুখী হৈছাে।

ইফালে সূর্য গােল্ড চিমেণ্টৰ পৰিচালন সঞ্চালক মধুৰ আগৰৱালাই এই সন্দৰ্ভত কয়, “এই অঞ্চলৰ তথা ৰাজ্যখনৰ যুৱ প্ৰজন্মক উদ্ভাসিত কৰাৰ বাবে আমি সদায়েই আগভাগ লৈ আহিছাে আৰু মানসম্পন্ন শিক্ষাইহে এক শক্তিশালী ভেটি গঢ়িব পাৰিব। আমি সূর্য পৰিয়ালে বিশ্বাস কৰাে যে অধ্যয়নৰ এক সুন্দৰ পৰিৱেশ প্রদানেৰে আমি গ্রামাঞ্চলৰ শিক্ষার্থীসকলকো তেওঁলােকৰ অধ্যয়নৰ পৰিমাপৰ উত্তৰণ ঘটাবলৈ সক্ষম হ’ম।”

বৃত্তি লাভ কৰা আটাইকে উপস্থিত সকলােৱেই উচ্চ প্রসংশা কৰে আৰু কয় যে গ্রামাঞ্চলৰ ছাত্র-ছাত্রীসকলাে প্রতিভাৰ দিশেৰে নগৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীতকৈ কোনােগুণে কম নহয়। | শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই অঞ্চলৰ শিক্ষার্থীসকলে দেখুওৱা সফলতাই তাৰ প্রমাণ। উল্লেখ্য যে বঁটা প্রদান অনুষ্ঠানত তামুলীকুছি উচ্চ বিদ্যালয়ৰ প্রধান শিক্ষক পুৰাণ ডেকাই অধ্যক্ষতা কৰে।।