শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰঙিয়াৰ তিনি ছাত্ৰৰ কৃতিত্ব

ৰঙিয়াৰ তিনি ছাত্ৰৰ কৃতিত্ব

গণবাৰ্তা, ৰঙিয়াঃ ভাৰতৰ প্ৰথম বিজ্ঞান সংগ্ৰহালয় কলকাতাৰ বিড়লা ঔদ্যোগিক আৰু প্ৰযুক্তিবিদ্যা সংগ্ৰহালয়ত (বিড়লা ইনডাছট্ৰিয়েল এণ্ড  টেকন’জিকেল মিউজিয়াম) বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে ৰঙিয়াৰ তিনি কৃতি ছাত্ৰই। এই ছাত্ৰ তিনিগৰাকী হ′ ল ক্ৰমে অষ্টম শ্ৰেণীৰ ছাত্ৰ তনুজ সমাদ্দাৰ, নৱম শ্ৰেণীৰ  ছাত্ৰ নিহাৰজ্যোতি নাথ আৰু দশম শ্ৰেণীৰ ছাত্ৰ সমৰজ্যোতি ভাগৱতী। ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ আগশাৰীৰ বিদ্যালয় চাৰ্ছ পাব্লিক স্কুলৰ ছাত্ৰ তিনিগৰাকীয়ে যোৱা  ১৫ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত ৰাজ্য ভিত্তিত অনুষ্ঠিত বিজ্ঞান আৰু অভিযান্ত্ৰিক মেলাত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শন কৰি তনুজ সমাদ্দাৰ আৰু নিহাৰজ্যোতি নাথে যুটিয়াভাৱে প্ৰথম আৰু সমৰজ্যোতি ভাগৱতীয়ে পঞ্চম স্থান দখল কৰি ৰঙিয়াৰ গৌৰৱ বৃদ্ধি কৰে। উল্লেখ্য তনুজ আৰু নিহাৰজ্যোতিয়ে পেলনীয়া সামগ্ৰীৰে ‘ঘৰুৱা ব্যৱহাৰৰ বাবে বহুমুখী যন্ত্ৰ’ নিৰ্মাণ কৰি ভূয়সী প্ৰশংসা লাভ কৰে। পঞ্চম স্থান দখল কৰা সমৰজ্যোতিৰ আৰ্হিৰ নাম আছিল” নিৰাপদ গাড়ী চালনাৰ বুদ্ধিদীপ্ত কৌশল।’’ অহা বছৰ  ৮-১২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান প্ৰদৰ্শনীত  অংশগ্ৰহণৰ বাবে  ছাত্ৰ তিনি গৰাকীয়ে শিক্ষক আব্দুৰ ৰহিমৰ নেতৃত্বত অহা ৬ জানুৱাৰীত কলকাতাৰ উদ্দেশ্য যাত্ৰা আৰম্ভ কৰিব বুলি বিদ্যালয়ৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।