শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় /  কামাখ্যা ধামত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

 কামাখ্যা ধামত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

ডিজিটেল ডেস্ক, গুৱাহাটীঃ মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰি অসম সন্তান ৰঞ্জন গগৈয়ে দ্বিতীয় বাৰলৈ দৰ্শন কৰে শক্তিপীঠ কামাখ্যা ধামত। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে আজি দ্বিতীয়বাৰলৈ শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰে। ৰাজ্য চৰকাৰৰ নিৰাপত্তা প্ৰত্যাখ্যান কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ নিৰাপত্তা লৈ দৰ্শন কৰে শক্তিপীঠ কামাখ্যা ধাম। মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰি প্ৰথমবাৰলৈ এমাহৰ পূৰ্বে শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰিবলৈ আহিছিল। এমাহৰ পূৰ্বে মুখ্য ন্যায়াধীশগৰাকী শক্তিপীঠত উপস্থিত হোৱাৰ বেলিকাত ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে প্ৰদৰ্শন কৰা গাফিলতি আৰু দায়িত্বহীনতাই তীব্ৰ বিতৰ্কৰ সূচনা হৈছিল। কিন্তু এইবাৰ ৰাজ্য চৰকাৰৰ নিৰাপত্তা গ্ৰহণ নকৰি কেন্দ্ৰীয় নিৰাপত্তা লৈ আজি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দৰ্শন কৰে কামাখ্যা ধাম। দিনৰ ভাগত কামাখ্যা ধামত উপস্থিত হৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰায় এঘণ্টা সময় পূজা-অৰ্চনা আগবঢ়ায়।
উল্লেখ্য যে আজি দিনৰ ভাগতে গুৱাহাটীত উপস্থিত হয়হি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। গুৱাহাটীৰ বিমান বন্দৰত মুখ্য ন্যায়াধীশগৰাকী উপস্থিত হোৱাৰ পিছতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে ‘গাৰ্ড অৱ অ’নাৰ’ প্ৰদান কৰে। তাৰ পিছতে বিমান বন্দৰৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কামাখ্যা ধামত উপস্থিত হয় মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। কামাখ্যা ধামত মুখ্য ন্যায়াধীশগৰাকীয়ে পূজা-অৰ্চনা আগবঢ়োৱাই গুৱাহাটীৰ পৰা পুনৰ উভতি যায়।