শেহতীয়া খবৰ
Home / আঞ্চলিক / কাজিৰঙাত চাঞ্চল্যঃ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ বেংকৰ জমা ধন লুটিলে প্ৰৱঞ্চকে

কাজিৰঙাত চাঞ্চল্যঃ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ বেংকৰ জমা ধন লুটিলে প্ৰৱঞ্চকে

ডিজিটেল ডেস্ক, কাজিৰঙাঃ ভাৰতীয় ষ্টেট বেংকৰ কহঁৰা শাখাৰ গ্ৰাহক তথা বোকাজান চিমেণ্ট কাৰখানাৰ  অৱসৰপ্ৰাপ্ত ৬০ ৰ উৰ্ধৰ কৰ্মচাৰীৰ পৰা প্ৰবঞ্চকে অতি কৌশলেৰে বেংকৰ ১-৬৬ লাখ টকা লুটি নিয়াৰ বাতৰি পোৱা গৈছে। নিত্যানন্দ নাথ নামৰ  ৬০ উৰ্ধৰ এই কৰ্মচাৰীজনৰ ভাৰতীয় ষ্টেট বেংকৰ কহঁৰা শাখাত জমা থকা সমুদায় ধন লুটি নিলে প্ৰৱঞ্চকৰ দলে। এতিয়া এই অৱসৰ প্ৰাপ্ত কৰ্মচাৰীজনে বেংক আৰু থানাই-থানাই তাঁতবাটি কাঢ়িবলগীয়া হৈছে নিজৰ বেংকৰ জমা ধন বিচাৰি। অৱশ্যে বৰ্তমানলৈকে আৰক্ষীয়ে প্ৰৱঞ্চকৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, প্ৰায় এসপ্তাহৰ পূৰ্বে বোকাখাত নগৰৰ মাজমজিয়াত অৱস্থিত তিৰুপতি হোটেলৰ কাষত থকা  ভাৰতীয় ষ্টেট বেংকৰ এটা এ টি এম  ৰ পৰা নিত্যানন্দ নাথ নামৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীজনে ধন উলিয়াবলৈ লওঁতেই কাষতে ৰৈ আছিল এটা অচিনাক্ত প্ৰৱঞ্চক ৷ নিত্যানন্দ নাথে এ টি এম  ৰ পৰা ধন উলিয়াবলৈ চেষ্টা কৰি আছিল। তেনেতে কাষতে ৰৈ থকা অচিনাক্ত প্ৰবঞ্চকটোৱে নিত্যানন্দ  নাথক কলে আপোনাৰ কাৰ্ডখন দিয়ক মই ধন উলিয়াই দিওঁ। অৱশ্যে এ টি এম  কাৰ্ডখন নিত্যানন্দ নাথে অচিনাক্ত ব্যক্তিজনক নিদিলে যদিও নাথে ব্যৱহাৰ কৰা এ টি এম কাৰ্ডখনৰ গোপন নম্বৰটো লক্ষ্য কৰি আছিল অচিনাক্ত ব্যক্তিজনে। ইয়াৰ পাছতে বিগত ৩ দিনত গুৱাহাটীৰ পল্টনবজাৰস্থিত  হোটেল লেন্ডমাৰ্কৰ সৰ্মীপৰ এটা এ টি এম  ৰ পৰা প্ৰৱঞ্চকৰ দলটোৱে নিত্যানন্দ নাথৰ ষ্টেট বেংকৰ কহঁৰা শাখাত জমা থকা ১ লাখ ৬৬ হাজাৰ ৫০০  টকা তেওঁ নজনাকৈয়ে উলিয়াই নিয়ে ৷ পৰৱৰ্তী সময়ত নিত্যানন্দ নাথে বেংকত আহি তেওঁৰ জমা থকা ১ লাখ ৬৬ হাজাৰ টকা প্ৰৱঞ্চকে লুটি নিয়া বুলি গম পোৱাৰ লগে-লগে কঁহৰা আৰক্ষীৰ কাষ চপাৰ লগতে গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীৰো কাষ চাপে। কিন্তু বৰ্তমানলৈকে প্ৰৱঞ্চকৰ দলটোৰ আৰক্ষীয়ে কোনো উৱাদিহ উলিয়াবলৈ সক্ষম হোৱা নাই। উল্লেখ্য ইয়াৰ কেইদিনমানৰ পূৰ্বে একে পদ্ধতিৰে বোকাখাতৰ উক্ত এ টি এম ৰ পৰা আন এজন লোকৰ ২৪ হাজাৰ টকা  দুষ্কৃতিকাৰীয়ে নিজৰ জমা খাতালৈ নি একে দিনাই কহঁৰা এ টি এম ৰ পৰা উলিয়াই নিছিল। এই সংক্ৰান্তত এচ বি আই ৰ কহঁৰা শাখাৰ পৰিচালকে জানিব দিয়া মতে এই ঘটনা যোৱা ১০ নবেম্বৰত সংঘটিত হয়। প্ৰবঞ্চকে সাধাৰণতে বেয়া এ টি এম ৰ কাষত সুবিধা লবলৈ বেচিকৈ ৰৈ থাকে। গ্ৰাহক সজাগ হোৱাটো অতি প্ৰয়োজন। এই ক্ষেত্ৰত বেংকৰ কোনো কৰিবলগীয়া বিশেষ একো নাই বুলি পৰিচালকজনে মত প্ৰকাশ কৰে।