শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / বিজেপিৰ দুমুখীয়া নীতি

বিজেপিৰ দুমুখীয়া নীতি

✍বৈকুণ্ঠ নাথ গোস্বামী

নাগৰিকত্ব আইন সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি অসম উত্তাল হৈ থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা সম্বন্ধে নতুনকৈ সংশয়ৰ সৃষ্টি হৈছে। সন্দেহ নাই, লোকসভা নিৰ্বাচনক লৈ ছমাহ বাকী থকা অৱস্থাত কোনো জাতি বা সম্প্ৰদায়কে অসন্তুষ্ট কৰিব নোখোজে বিজেপিয়ে। ভাৰতৰ ৯ কোটি ৬২ লাখ বাংলাভাষী লোকৰ সমৰ্থন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ। তাৰ বিপৰীতে ১ কোটি ৪৮ লাখ লোককো অৱহেলা কৰিব নোৱাৰে গেৰুৱা দলটোৱে। তাৰ উপৰি বিজেপিৰ প্ৰধান লক্ষ্য হৈছে অসমক হিন্দু বসতিপ্ৰধান ৰাজ্য হিচাপে বৰ্তাই ৰখা। বিজেপিৰ নেতাসকলে মুকলিকৈ ঘোষণা কৰিছে বিজেপি দলে অসমক আন এখন কাশ্মীৰ হ’বলৈ নিদিয়ে। লাগিলে অসম ত্ৰিপুৰাত পৰিণত হ’লেও বিজেপিৰ আপত্তি নাই, য’ত খিলঞ্জীয়া লোকসকল সংখ্যালঘু পৰিণত হ’ব। বিজেপিৰ সেই হিন্দুত্ববাদী নীতি কাৰ্যকৰী কৰাৰ বাবে নাগৰিকত্ব আইন সংশোধন কৰাৰ প্ৰয়োজন। তাৰ বাবেই সংসদত উত্থাপন কৰা হৈছে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬। উক্ত বিধেয়ক বাতিল কৰাৰ দাবীত এতিয়া অসমত তীব্ৰ আন্দোলন চলি আছে। শেহতীয়াভাৱে বিধেয়কখন সম্বন্ধে চৰকাৰৰ দৃষ্টিভংগীৰ  ওপৰত ৰহস্যজনক অৱস্থাৰ সৃষ্টি হৈছে। প্ৰথম কথা, বিধেয়কখন প্ৰস্তুত কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। বিধেয়কখনৰ খচৰা তৈয়াৰ কৰা সময়ত গৃহ মন্ত্ৰণালয়ে নিশ্চয় সংশ্লিষ্ট মন্ত্ৰণালয়বোৰৰ মতামত গ্ৰহণ কৰিছিল। বিধেয়কখন এতিয়া সংসদৰ সম্পত্তি যদিও ইয়াৰ যোগেদি কেন্দ্ৰীয় চৰকাৰৰ নীতি প্ৰতিফলিত হৈছে। উক্ত বিধেয়কখনৰ গুৰুত্ব লৈ লক্ষ্য ৰাখি লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে এখন যুটীয়া সংসদীয় কমিটী (জে পি চি) গঠন কৰি দিছিল।

এই কমিটীয়ে সংশ্লিষ্ট পক্ষৰে মতামত গ্ৰহণ কৰিছিল। কমিটীৰ সদস্যসকল অসমলৈকো আহিছিল। বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ মতামত গ্ৰহণ কৰাৰ পিছত সংশ্লিষ্ট মন্ত্ৰণালয়বোৰৰ মতামত বিচাৰিলে জে পি চিয়ে। সেইমৰ্মে জে পি চিয়ে সোধা কেতবোৰ প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ, বৈদেশিক পৰিক্ৰমা আৰু আইন মন্ত্ৰণালয়ে যোৱা ৩০ অক্টোবৰত পৃথকে পৃথকে প্ৰতিবেদন দাখিল কৰিছে। বিভিন্ন পক্ষৰ মতামতৰ ভিত্তিত জে পি চিয়ে প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত সেই প্ৰতিবেদন দাখিল কৰিব। আশ্চৰ্যৰ বিষয়, যিবোৰ মন্ত্ৰণালয়ে মিলি বিধেয়কখনৰ খচৰা প্ৰস্তুত কৰিছিল, সেই মন্ত্ৰণালয়বোৰে এতিয়া বিধেয়কখনৰ বিৰোধিতা কৰিছে। গৃহ মন্ত্ৰণালয়ে জে পি চিৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে বিধেয়কখনে অসম চুক্তি উলংঘা কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ স্পষ্ট অভিমত এই যে চুবুৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘুক নাগৰিকত্ব প্ৰদানৰ বাবে প্ৰথমতে সংশ্লিষ্ট ৰাষ্ট্ৰই সংশ্লিষ্ট লোকক নিজা দেশৰ নাগৰিক হিচাপে মানি ল’ব লাগিব। অন্যথা বিধেয়কখন গৃহীত হ’লেও মুঠেও গ্ৰহণযোগ্য নহ’ব। সংশ্লিষ্ট ৰাষ্ট্ৰৰ সৈতে বুজাবুজি অবিহনে বিধেয়কখনৰ কোনো মূল্য নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে। আনহাতে, কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে জে পি চিক জনায় যে বিধেয়কখনৰ কোনো আইনী গ্ৰহণযোগ্যতা নাই। ধৰ্মীয় দৃষ্টিকোণৰ পৰা নাগৰিকত্ব প্ৰদানৰ বিষয়টো যে সংবিধান সন্মত নহয়, সেই কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। বিধেয়কখন গৃহীত হ’লে আন্তৰ্জাতিক মহলত চুবুৰীয়া ৰাষ্ট্ৰসমূহে বিশেষকৈ বাংলাদেশে এটা ইছ্যু কৰিব পাৰে বুলিও প্ৰতিবেদনত আশংকা প্ৰকাশ কৰা হৈছে। এহাতেদি সংসদত বিধেয়কখন পাৰিত কৰাৰ বাবে বিজেপিয়ে চেষ্টা চলাই আছে আৰু তাৰ যোগেদি প্ৰায় ১০ কোটি বাংলাভাষীৰ অন্তৰ জয় কৰাৰ যত্ন কৰি আছে আৰু আনহাতেদি প্ৰায় ডেৰ কোটি অসমীয়া ভাষীক সন্তুষ্ট কৰি ৰখাৰ বাবে শান্তনাসূচক ব্যৱস্থা লৈছে। বিভাগীয় মন্ত্ৰীৰ সন্মতি নোহোৱাকৈ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ দৰে স্পৰ্শকাতৰ বিষয় এটাৰ ওপৰত বক্তব্য ৰখাৰ ‘সাহস কোনো বিষয়াই দেখুৱাব পাৰিব, এনে কথা ভবাটো সঠিক নহ’ব। ‘সাপ হৈ খুঁটি বেজ হৈ জৰা’ৰ নীতি গ্ৰহণ কৰিছে গেৰুৱা দলটোৱে।