শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৰাষ্ট্ৰীয় মুৱাই-থাই চেম্পিয়নশ্বিপত চেলেংহাট আৰু টীয়কৰ ৬ জনৰ পদক অৰ্জন

ৰাষ্ট্ৰীয় মুৱাই-থাই চেম্পিয়নশ্বিপত চেলেংহাট আৰু টীয়কৰ ৬ জনৰ পদক অৰ্জন

 

গণবাৰ্তা, জাঁজীঃ যোৱা ১৪ নবেম্বৰৰ পৰা ১৮ নবেম্বৰৰ পৰা মহাৰাষ্ট্ৰৰ পুণেত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মুৱাই-থাই চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু উচ্চ শাখা(পুৰুষ-মহিলা)ত যোৰহাট জিলাৰ টীয়ক আৰু চেলেংহাটৰ ৬ গৰাকী প্ৰতিযোগীয়ে পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইউনাইটেড এমেছাৰ মুৱাই থাই এছোচিয়েছন অল ইণ্ডিয়া (ইউ.এ.এম.এ.আই)য়ে আয়োজন কৰা প্ৰতিযোগিতাত জুনিয়ৰ শাখাৰ ৪৮ কে.জি ত  অংকিতা গগৈয়ে স্বৰ্ণ পদক, ৭১ কেজিত পলাশজ্যোতি গগৈয়ে ৰূপৰ পদক, আৰু ৪৭ কেজিত  পৃথিৰাজ মাঝি ৰূপৰ পদক লাভ কৰে। আনহাতে জ্যেষ্ঠ শাখাত অবিনাশ গগৈ, প্ৰিয়ংকা মাঝি আৰু যুগল মাঝি য়ে ৮১ কে.জিত ব্ৰঞ্জৰ পদক লাভ কৰে। দলটোৰ প্ৰশিক্ষক আছিল দিপন স্বাৰা।