শেহতীয়া খবৰ
Home / আঞ্চলিক / ডিচেম্বৰত বড়ো সমস্যা সমাধান এক হাস্যকৰ বিষয়ঃ সাংসদ নৱ শৰণীয়া

ডিচেম্বৰত বড়ো সমস্যা সমাধান এক হাস্যকৰ বিষয়ঃ সাংসদ নৱ শৰণীয়া

যোৱা সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো নেতৃত্বৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছতে কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়াই বিটিএডিক লৈ পুনৰ সৰৱ হৈ পৰিছে। সাংসদ শৰণীয়াই এবছুৰ সভাপতি প্ৰমোদ বড়োক এগৰাকী উগ্ৰ জাতীয়তাবাদী নেতা বুলি অভিহিত কৰি তেওঁলোকৰ দৰে নেতাৰ বাবেই বিটিএডিত অবড়ো সংগঠনৰ জন্ম হৈছে বুলি মত ব্যক্ত কৰে। আনহাতে, বিটিএডিক এখন কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত কৰা সন্দৰ্ভত যিসকল অবড়ো নেতাই সমৰ্থন জনাইছিল তেওঁলোকক ৰাইজৰ আগত স্পষ্টীকৰণ দাঙি ধৰিবলৈ সাংসদ গৰাকীয়ে আহ্বান জনায়।

তদুপৰি, কেন্দ্ৰীয় শাসিত পৰিষদৰ প্ৰসংগ উত্থাপনেৰে ৰাজ্যৰ জলন্ত সমস্যাসমূহ অঁতৰাই ৰাখি বিটিএডিক ৰক্তাক্ত কৰাৰ ই এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰে সাংসদ গৰাকীয়ে। তাৎপৰ্যপূৰ্ণভাৱে, সাংসদ গৰাকীয়ে লগতে মন্তৱ্য কৰে যে বিটিচি গঠনৰ পাছতে অবড়ো সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। এতিয়া আকৌ পৃথক বড়োৰাজ্য গঠন হ’লে অবড়ো সকলৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিব। উল্লেখযোগ্য যে সোমবাৰে নতুন দিল্লীত হোৱা বৈঠকত বিটিএডিত পৃথক বড়োলেণ্ডৰ পৰিৱৰ্তে এখন কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ আলোচনা হোৱাৰ বিষয়ে বাতৰি ওলোৱাৰ পাছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।