শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / এনআৰচিৰ দাবী আবেদন প্ৰক্ৰিয়াত উদ্ভৱ হোৱা সমস্যা আৰু তাৰ সমাধান

এনআৰচিৰ দাবী আবেদন প্ৰক্ৰিয়াত উদ্ভৱ হোৱা সমস্যা আৰু তাৰ সমাধান

✍শ্বাকিল আহমেদ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচিৰ দাবী-আবেদন প্ৰক্ৰিয়াৰ সময়ত সমগ্ৰ অসমতে সৰ্বসাধাৰণ ৰাইজে সন্মুখীন হোৱা সমস্যাক লৈ সঘনে উত্থাপিত কেইটামান প্ৰশ্নৰ  উত্তৰ বিচাৰি আমি এনআৰচি সন্দৰ্ভত সক্ৰিয় হৈ থকা কেইবাজনো আইনবিদ আৰু বিশেষজ্ঞৰ ওচৰলৈ গৈছিলো৷ ভুক্তভোগী ৰাইজৰ মাজত সঘনে উত্থাপন হৈ থকা তেনে প্ৰশ্ন আৰু বিশেষজ্ঞসকলে আগবঢ়োৱা উত্তৰ পাঠকৰ সুবিধা অনুসৰি যুগুতাই উলিওৱা হৈছে আৰু সেইবিলাক ইয়াত উল্লেখ কৰা হ’ল৷ এই সন্দৰ্ভত কোনো লোকৰ মনত নতুন কিবা প্ৰশ্নৰ উদয় হ’লে তেনে প্ৰশ্ন কাগজত লিখি ‘দৈনিক গণ অধিকাৰৰ’ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰিলে পৰৱৰ্তী সময়ত তেনে প্ৰশ্নৰ উত্তৰো যুগুত কৰি ৰাইজৰ সুবিধাৰ্থে এনেদৰে প্ৰকাশ কৰা হ’ব-

১৷ এনআৰচিত নাম অহা নাই, লিগেচি ব্যক্তিৰ লগত সম্পৰ্কৰ যোগসূত্ৰ স্থাপন কৰা নগ বুলি কাৰণ দেখুৱাইছে৷

উত্তৰঃ পূৰ্বতে ব্যৱহাৰ কৰা লিংকেজ নথিৰ পৰিৱৰ্তে তালিকা B থকা বেলেগ নথি ব্যৱহাৰ কৰিব পাৰে৷

বিঃদ্ৰঃ বৰ্তমান ২০১৫ চনৰ ৩১ আগষ্ট তাৰিখলৈকে পূৰ্বৰ ব্যৱস্থা বাহাল আছে৷ অবশ্যে ২০১৮ চনৰ নৱেম্বৰলৈকে যোগসূত্ৰৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰা সংযোগী নথি প্ৰযোজ্য হ’ব লাগে বুলি দাবী আছে৷

২৷ এনআৰচিৰ আবেদন কৰোতে নামৰ মিল থকা বাবে ভূলবশত নিজৰ লিগেচিৰ পৰিৱৰ্তে একে নামৰ বেলেগ ব্যক্তিৰ লিগেচি ব্যৱহাৰ কৰা হৈছিল৷ এতিয়া নিজৰ শুদ্ধ লিগেচি ব্যৱহাৰ কৰিব পাৰিবনে ?

উত্তৰঃ লিগেচি ব্যক্তিৰ নাম যদি একে থাকে তেতিয়া নিজৰ শুদ্ধ লিগেচি ব্যৱহাৰ কৰিব পাৰিব৷ এইক্ষেত্ৰত মন কৰিব লাগিব যে লিষ্ট A ত উল্লেখ কৰা অনুমোদিত শুদ্ধ লিগেচি ব্যৱহাৰ কৰিব৷ পূৰ্বে কি কাৰণত ভুল লিগেচি ব্যৱহাৰ হৈছিল সেই কথা দাবী প্ৰ-পত্ৰৰ শেষৰ পৃষ্ঠাত স্পষ্টকৈ লিখিব লাগিব৷

৩৷ লিংকেজকৰ বাবে লিষ্ট B পৰা গাওঁ পঞ্চায়তৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰিছিলো, সেয়া নাকচ হৈছে৷ এতিয়া লিংকেজৰ বাবে কি নথি ব্যৱহাৰ কৰিম৷

উত্তৰঃ গাওঁ পঞ্চায়তৰ নথিৰ পৰিৱৰ্তে লিষ্ট B ৰ পৰা অইন নথি ব্যৱহাৰ কৰিব পাৰে লগতে পূৰ্বে দাখিল কৰা গাঁও পঞ্চায়ত সচিবৰ প্ৰমাণ পত্ৰৰ ফটো কপিও সংলগ্ন কৰিব৷

৪৷ এনআৰচিৰ খচৰা তালিকাত নাম আহিছে কিন্তু নামৰ বানান বা উপাধি ভূল হৈছে৷ এতিয়া নাম শুধৰণি কৰিবলৈ কি কৰিম ?

উত্তৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰ্তপক্ষই প্ৰকাশ কৰা শুধৰণি প্ৰ-পত্ৰৰ জৰিয়তে মূল আবেদন প্ৰ-পত্ৰত দাখিল কৰা তথ্যৰ আধাৰত ভুলসমূহ শুধৰণি কৰিব পৰা যাব৷ অৱশ্যে শুধৰণি প্ৰক্ৰিয়া অনলাইনতো কৰিব পৰা যাব৷

৫৷ দাবী প্ৰপত্ৰৰ শেষৰ পৃষ্ঠা অৰ্থাৎ পৃষ্ঠা D দাবী দাখিল কৰাৰ কাৰণ হিচাপে কি লিখিম ?

উত্তৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰাৰ কাৰণ জানিব বিচৰাত জানিব পাৰিলো যে, (নিজৰ কাৰণ লিখিব)৷ সেয়েহে পুনৰাই প্ৰয়োজনীয় নথিসহকাৰে বা পূৰ্বতে দাখিল কৰা নথিৰ ভিত্তিত পুনৰিক্ষণৰ জৰিয়তে আবেদনকাৰীৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন দাখিল কৰিলো৷

৬৷ এনআৰচিৰ খচৰা তালিকাত নাম নহাৰ কাৰণ FTR No অৰ্থাৎ পৰিয়াল বংশবৃক্ষ বিসংগতি বুলি জনাইছে, এতিয়া কি কৰিব লাগিব ?

উত্তৰঃ আবেদনকাৰীৰ নাম খচৰা এনআৰচিত অন্তৰ্ভূক্তি নোহোৱাৰ কাৰণ অধ্যয়ন কৰি তাৰ যথাযুক্ত উত্তৰ যদি সম্ভৱ তথ্যসহকাৰে খণ্ডন কৰিব এইটো বৰ গুৰুত্বপূৰ্ণ কথা৷ পূৰ্বে দাখিল কৰা আবেদনত উল্লেখ কৰা লিগেচি ব্যক্তিৰ নাম পৰিৱৰ্তন নহ’ব৷ একেজন ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব৷ অৱশ্যে লিগেচি ডাটা যেনে, ১৯৭১ চনলৈকে প্ৰকাশিত ভোটাৰ তালিকা, ১৯৫১ চনৰ এনআৰচি, মাটি-জমিৰ পট্টা বা তালিকা A ত উল্লেখিত বাকী ১২ বিধ গ্ৰহণযোগ্য নথিৰ কপি দাখিল কৰিব পাৰিব৷ পূৰ্বে দাখিল কৰা পৰিয়াল বংশবৃক্ষৰ আসোৱাস থকা বুলি জনালে সংশোধন কৰিব পাৰিব কিন্তু নতুন বংশবৃক্ষ দাখিল কৰিব নোৱাৰিব৷

৭৷ দাবী প্ৰপত্ৰ দাখিল কৰাৰ সময়ত লিংকেজ নথি হিচাপে ২০১৫ চনৰ পিছৰ নথি গ্ৰহণযোগ্য বনে ?

উত্তৰঃ এনআৰচি কৰ্তৃপক্ষৰ শেহতীয়া ঘোষণা অনুসৰি লিংকেজ নথি ৩১ আগষ্ট ২০১৫ চনৰ আগৰ হ’ব লাগিব৷

৮৷ লিগেচি ব্যক্তিৰ নাম পৰিৱৰ্তন কৰিব পৰা যাবনে ?

উত্তৰঃ লিগেচি ব্যক্তিৰ নাম পৰিৱৰ্তন কৰা নাযাব৷ অৱশ্যে লিষ্ট A মতে অতিৰিক্ত বা একে নামৰ অন্য লিগেচি ব্যৱহাৰ কৰিব পাৰিব৷

৯৷ এনআৰচিৰ খচৰা তালিকাত নাম নহাৰ কাৰণত D voter বুলি জনাইছে, কিন্তু পূৰ্বতে D Voter  নহয় এতিয়া কি কৰিব লাগিব ?

উত্তৰঃ ইয়াৰ বাবে পৃথক দাবী প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব৷ ভুলক্ৰমে বা অন্য কোনো কাৰণত বা কোনোবা আবেদনকাৰীক সন্দেহজনক ভোটাৰ(DV), ঘোষিত বিদেশী(DF) বা সন্দেহযুক্ত নাগৰিক বুলি বিদেশী ন্যাধীকৰণলৈ গোচৰ পঠোৱা বুলি কাৰণ দেখুৱাই খচৰা তালিকাত নাম অহা নাই বুলি কাৰণ জনাইছে তেন্তে গোটেই বিষয়টো ভালদৰে পৰীক্ষা কৰি চাব লাগিব৷

ইয়াৰ বাবে D ভোটাৰ বুলি দেখুৱালে জিলা নিৰ্বাচনী কাৰ্য্যালয়ত, সন্দেহজনক নাগৰিক বুলি দেখুৱালে (PFT) সীমান্ত আৰক্ষীৰ কাৰ্য্যালয়ত গোচৰৰ নম্বৰ আৰু কোন তাৰিখে গোচৰ বিদেশী ন্যাধীকৰণত পঠাইছে সেই তথ্য বিচাৰিব আৰু ঘোষিত বিদেশী(DF)ৰ ক্ষেত্ৰত সীমান্ত আৰক্ষীৰ কাৰ্য্যালয়ৰ উপৰিও বিদেশী ন্যাধীকৰণত এই সম্বন্দে তথ্যাদি বিচাৰিব৷ যদি উল্লেখিত কোনো কাৰ্য্যালয়ত আবেদনকাৰীৰ বিৰুদ্ধে কোনো তথ্য পোৱা নাযায় তেন্তে সেই কথা ভালদৰে উল্লেখ কৰি ১৯৭১ চনৰ পূৰ্বৰ আৰু ১৯৭১ চনৰ পিছৰ বৈধ নথিৰ প্ৰতিলিপি আবেদন পত্ৰৰ লগত দিব৷ তদুপৰি আবেদনকাৰীৰ নাম উল্লেখ থকা D চিহ্নবিহীন শেহতীয়া ভোটাৰ তালিকাৰ প্ৰতিলিপি আবেদন পত্ৰৰ লগত সংলগ্ন কৰি দিবলৈ নেপাহৰিব৷

১০৷ D voter আৰু তেওঁৰ সতিসন্ততি সকলে এতিয়া দাবী আবেদন দাখিল কৰিব পাৰিবনে ?

উত্তৰঃ পাৰিব৷ উপযুক্ত তথ্যসহকাৰে আবেদন জমা দিব লাগিব৷

ভাৰতীয় নাগৰিকত্ব আইন ১৯৫৫ ৰ ধাৰা ৩ অনুসৰি আবেদনকাৰী ভাৰতীয় হয়ঃ-

  1. ১৯৮৭ চনৰ জুলাই মাহলৈকে জন্মগ্ৰহণ কৰা কোনো ব্যক্তিৰ পিতৃ-মাতৃ দুয়োজন বিদেশী হ’লেওঁ জন্মগ্ৰহণ কৰা সন্তানে জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰে৷
  2. ১৯৮৭ ৰপৰা ২০০৪ চনৰ ভিতৰত জন্ম গ্ৰহণ কৰা কোনো ব্যক্তিৰ যদি পিতৃ বা মাতৃ এজনো ভাৰতীয় হয় তেন্তে জন্মগ্ৰহণ কৰা সন্তানে জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰে৷

iii. ২০০৪ চনৰ পৰা আজিৰ তাৰিখলৈকে জন্ম গ্ৰহণ কৰা কোনো ব্যক্তিৰ পি়তৃ-মাতৃ দুয়োজনেই ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু তেতিয়াহে জন্ম গ্ৰহণ কৰা সন্তানে জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব৷

১১৷ পূৰ্বতে ককা বা দেউতাৰ লিগেচি ব্যৱহাৰ কৰিছিলো এতিয়া কিবা ভূল হোৱাৰ বাবে মাৰ নামৰ বা মাৰ পক্ষৰ লিগেচি ব্যৱহাৰ কৰিব বিচাৰো৷ ব্যৱহাৰ কৰিব পৰা যাবনে ?

উত্তৰঃ নোৱাৰে৷ পূৰ্বে উল্লেখ কৰা লিগেচি ব্যক্তিৰ নাম পৰিৱৰ্তন নহ’ব৷

১২৷ শিশুৰ ক্ষেত্ৰত জন্মৰ প্ৰমাণ পত্ৰ দিয়া হৈছিল কিন্তু নাম বাদ পৰিছে৷ কাৰণত লিংকেজ নথি গ্ৰহণযোগ্য নহয় বুলি জনাইছে৷ বেলেগ নথি নাই এতিয়া কি কৰিব ?

উত্তৰঃ যদি কিবা বিকল্প নথি সংগ্ৰহ কৰিব পাৰে তেন্তে সেই নথিৰে দাবী দাখিল কৰিব পাৰিব আৰু যদি কোনো বিকল্প নথি নাই তেন্তে দাবী প্ৰ-পত্ৰৰ শেষৰ পৃষ্ঠাত সকলো কথা বিবৰি টোকা লিখি পিতৃ-মাতৃৰ জডিয়তে নাম অন্তৰ্ভূক্তি কৰাৰ বাবে আবেদন কৰিব পাৰে আৰু লগতে শুনানিৰ সময়ত পিতৃ-মাতৃ উভয়ে উপস্থিত হৈ জবান বন্দী দিব লাগিব৷

১৩৷ ২০১৫ চনত আবেদন দাখিল কৰিব নোৱাৰা ব্যক্তি বা ২০১৫ চনৰ পিচত জন্মগ্ৰহণ কৰা শিশুসকলৰ ক্ষেত্ৰত এতিয়া কি কৰিব লাগিব ?

উত্তৰঃ দাবি দাখিল কৰিব নোৱাৰে, কিয়নো এনআৰচি কৰ্তৃপক্ষই ঘোষণা কৰা মতে কেৱল বৈধ এআৰএন নম্বৰ থকা ব্যক্তিয়েহে দাবী দাখিল কৰিব পাৰিব৷

১৪৷ লিগেচি ব্যক্তিৰ পূৰ্বৰ নাম আৰু এতিয়াৰ নামৰ মাজত কিছু অমিল আছে৷ সেইক্ষেত্ৰত কি কৰিব লাগিব ?

উত্তৰঃ এইক্ষেত্ৰত দুয়ো প্ৰকাৰৰ নামেই লিখিব লাগিব আৰু দাবী প্ৰ-পত্ৰৰ শেষৰ পৃষ্ঠাত কিহৰ বাবে কিদৰে নামৰ অমিল হ’ল সেই কথা বিস্তাৰিত লিখিব লাগিব৷ তদুপৰি শুনানিৰ সময়ত সাক্ষ্য প্ৰমাণ দিব লাগিব৷ কিন্তু কোনো ধৰণৰ Affidavit নিদিব৷

১৫৷ ১৯৫০ চনৰ আগৰ মাটিৰ নথি আছে সেয়া ব্যৱহাৰ কৰিব পৰা যাবনে ?

উত্তৰঃ পাৰিব, কিন্তু ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত যিকোনো এবিধ তথ্য দিব লাগিব৷