শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ভাৰতৰ সৰ্ববৃহৎ কাহিনী-চিত্ৰনাট্য প্ৰতিযোগিতাত উজলিল অসমৰ ৰাজদ্বীপঃ ছুপাৰষ্টাৰ আমিৰ খানে প্ৰদান কৰিলে বঁটা

ভাৰতৰ সৰ্ববৃহৎ কাহিনী-চিত্ৰনাট্য প্ৰতিযোগিতাত উজলিল অসমৰ ৰাজদ্বীপঃ ছুপাৰষ্টাৰ আমিৰ খানে প্ৰদান কৰিলে বঁটা

৪ লাখ টকাৰ পুৰস্কাৰ, ৰাজদ্বীপৰ কাহিনীৰে নিৰ্মাণ হ’ব বলিউডৰ চিনেমা

অংশুমান দত্তৰ প্ৰতিবেদনঃ   মুম্বাইৰ জুহু বীচ্চৰ এক ফাইভ ষ্টাৰ হোটেলত আয়োজিত এক বিশেষ অনুষ্ঠান বলিউডৰ মিস্টাৰ পাৰ্ফেক্টছনিষ্ট আমিৰ খানে ঘোষণা কৰিলে এটা নাম। লগে লগে মঞ্চলৈ উঠি গ’ল অসমৰ যুৱক ৰাজদ্বীপ। হয়, অসম-অসমীয়াৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বা‍ঞ্চলবাসীক গৌৰৱান্বিত কৰি সৰ্বভাৰতীয় প্ৰেক্ষাপটত উজলি উঠিল অসমৰ সু-সন্তান ৰাজদ্বীপ। ৰাজ্যখনৰ জনপ্ৰিয় যুৱ নাট্যকাৰ-পৰিচালক, ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিজয়ী গীতিকাৰ তথা সাংবাদিক ৰাজদ্বীপে পুনৰ ৰাষ্ট্ৰীয় স্তৰত নিজৰ লগতে সমগ্ৰ ৰাজ্যৰ নাম উজলাবলৈ সক্ষম হৈছে। ভাৰতৰ সৰ্ববৃহৎ কাহিনী-চিত্ৰনাট্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশ-বিদেশৰ প্ৰায় ৪০০০ প্ৰতিযোগীক চেৰ পেলাই ৰাজদ্বীপে দখল কৰিলে চতুৰ্থ স্থান। উল্লেখ্য যে বলিউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত বলিউডৰ অাগশাৰীৰ প্ৰযোজনা প্ৰতিষ্ঠান চিনেস্তানে আয়োজন কৰিছিল মুঠ ৫০ লাখ টকাৰ পুৰস্কাৰ থকা এই বিশাল কাহিনী তথা চিত্ৰনাট্য প্ৰতিযোগিতা। ব্যাপকভাৱে আয়োজন কৰা এই প্ৰতিযোগিতাৰ জুৰি ছুপাৰষ্টাৰ আমিৰ খানৰ লগতে আছিল ‘পিকে’, ‘সঞ্জু’, ‘মুন্নাভাই এম বি বি এছ’, ‘থ্ৰী ইডিয়টছ্’ আদিৰ দৰে ছবিৰ নিৰ্মাতা ৰাজকুমাৰ হিৰাণী, বলিউডৰ দুই বিশিষ্ট চিত্ৰনাট্যকাৰ আঞ্জুম ৰাজাবালী আৰু জুহি চতুৰ্বেদী। ভাৰতৰ লগতে দেশ-বিদেশৰ অন্যান্য প্ৰান্তৰ পৰাও প্ৰায় ৪০০০ জ্যেষ্ঠ-কনিষ্ঠ চিত্ৰনাট্যকাৰে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাক অভিহিত কৰা হৈছিল ‘ভাৰতৰ সৰ্ববৃহৎ চিত্ৰনাট্য প্ৰতিযোগিতা’ হিচাপে।

এনে এক আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমবাসীলৈ গৌৰৱময় বাৰ্তা কঢ়িয়াই আনিলে অসমৰ চিত্ৰনাট্যকাৰ ৰাজদ্বীপে। সোমবাৰে নিশা মুম্বাইৰ জুহু বীচ্চস্থিত নভটেল হোটেলত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত প্ৰতিযোগিতাখনৰ শীৰ্ষৰ পাঁচগৰাকী বিজয়ীৰ নাম ঘোষণা কৰা হয়। উক্ত প্ৰতিযোগিতাখনৰ ফলাফলত চতুৰ্থ স্থান দখল কৰা অসমৰ ৰাজদ্বীপক ৪ লাখ টকাৰে পুৰস্কৃত কৰাৰ লগতে বলিউডত ৰাজদ্বীপৰ কাহিনী-চিত্ৰনাট্যৰে ছবি নিৰ্মাণৰ পথো প্ৰশস্ত হৈ পৰিল। অনুষ্ঠানটোত আমিৰ খানে ৰাজদ্বীপক উচ্চ প্ৰশংসা কৰাৰ লগতে অসম সন্তানগৰাকীক বলিউডলৈ স্বাগতম জনায়। বলিউডক নতুন চিন্তা, নতুন ধৰণৰ কাহিনীৰ প্ৰয়োজন বুলি উল্লেখ কৰে আমিৰ খানে। ৰাজদ্বীপৰ এই সাফল্য তথা বলিউড যাত্ৰাই নি:সন্দেহে ৰাজ্যবাসীক গৌৰৱান্বিত কৰাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনলৈও আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। অৱশ্যে ইয়াৰ পূৰ্বেই ৰাজদ্বীপে বলিউডত খোজ পেলাবলৈ সক্ষম হৈছিল কংকনা সেনশৰ্মাৰ ছবি ‘এ ডেথ ইন দ্য গাঞ্জ’ ছবিখনৰ জৰিয়তে। ছবিখনৰ বাবে ৰাজদ্বীপে ৰচনা কৰিছিল ‘জিৰি জিৰি’ শীৰ্ষক এটি গীত। বলিউডত কাম কৰা প্ৰথমগৰাকী অসমৰ গীতিকাৰ হিচাপে সুখ্যাতি অৰ্জন কৰা ৰাজদ্বীপে পৰৱৰ্তী সময়ত বলিউডৰ বিশিষ্ট পৰিচালক অনুৰাগ বসু পৰিচালিত তথা ৰনবীৰ কাপুৰ, কেটৰিণা কাঈফ অভিনীত ছবি ‘জগ্গা জাছুছ’ৰ বাবেও ৰচনা কৰিছিল বহুচৰ্চিত বিহুগীতটো।

একেদৰে এম টি ভিৰ বাবেও ৰাজদ্বীপে ৰচনা কৰিছিল ‘মেমৰীজ’ শীৰ্ষক এটি অসমীয়া গীত, য’ত সমাহাৰ ঘটিছিল পাপনৰ কন্ঠ আৰু দেশৰ জনপ্ৰিয় ডি জে নিউক্লিয়াৰ। উল্লেখ্য যে নগাওঁ জিলাৰ ধিঙত জন্মগ্ৰহণ কৰা ৰাজদ্বীপ সম্প্ৰতি গুৱাহাটী মহানগৰীৰ ৰাজগড়ৰ বাসিন্দা। এয়া নগাওঁ তথা ধিংবাসীৰ বাবে আন এক গৌৰৱময় বাৰ্তা। ২০১৫ চনত বিশিষ্ট চিত্ৰনিৰ্মাতা অশোক কুমাৰ বিষয়া পৰিচালিত তথা বৰষাৰাণী বিষয়া, অংকুৰ বিষয়া অভিনীত ‘খেল-দ্য গেম’ নামৰ ছবিখনৰ জৰিয়তে কাহিনীকাৰ তথা চিত্ৰনাট্যকাৰ হিচাপে অসমীয়া ছবিত অভিষেক ঘটিছিল এইগৰাকী প্ৰাক্তন কটনিয়ানৰ। অৱশ্যে ইয়াৰ বহু আগতেই গীতিকাৰ হিচাপে অসমৰ ছবি জগতত প্ৰতিষ্ঠা লাভ কৰিছিল ৰাজদ্বীপে। ২০‍১২ চনত ‘ৰ’দ’ নামৰ ছবিখনত পাপনে গোৱা ‘পখী পখী মন মোৰ’ গীতটো লিখি বহুল চৰ্চা লাভ কৰা ৰাজদ্বীপে এতিয়ালৈ ‘ৰ’দ’, ‘ৰাগ’, ‘অহেতুক’, ‘লোকেল কুংফু ২’, ‘দূৰণিৰ নিৰলা পঁজা’, ‘বহ্নিমান’,’ৰক্তবীজ’, ‘নিজানৰ গান’, ‘ৰাজা ৰিটাৰ্ণছ’, ‘ককাইদেউ বিন্দাছ’, ‘ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো’, ‘চিঞৰ’, ‘দূৰ’, ‘৩ স্মকিং বেৰেলছ’ আদিকে ধৰি বহু অসমীয়া ছবিৰ বাবে গীত ৰচনা কৰিছে। ইয়াৰে ‘দূৰণিৰ নিৰলা পঁজা’ৰ বাবে ২০১৭ চনত তেওঁ লাভ কৰে অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা।

তদুপৰি ২০১৩ চনত ভ্ৰাম্যমাণ থিয়েটাৰ জগতত সৰ্বকনিষ্ঠ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ৰাজদ্বীপে ইতিমধ্যে নাট্যকাৰ হিচাপে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰখনলৈও আনিছে নতুন চিন্তাৰ জোৱাৰ। ‘বলিয়া কৃষ্ণ’, ‘বনৰীয়া’, ‘ব্ৰেকিং নিউজ’, ‘বন্দুকৰ কবিতা’,’বাউলি মোৰ প্ৰিয়া’ আদিকে ধৰি বহু জনপ্ৰিয় ন‍াটকৰ স্ৰষ্টা ৰাজদ্বীপ। অসমীয়া ছবি জগত অাৰু ভ্ৰাম্যমাণ থিয়েটাৰ এই দুয়োটা মাধ্যমতে সাফল্যৰ বিজয়ধ্বজা উৰুওৱা ৰাজদ্বীপে এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ নাম চিত্ৰনাট্যকাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে উজলালে অসম আৰু অসমীয়াৰ গৰিমা। উল্লেখ্য যে বলিউডত এজন অসমৰ চিত্ৰনাট্যকাৰৰ প্ৰৱেশৰ বাতৰিয়ে স্বাভাবিকতে উৎফুল্লিত কৰি তুলিছে ৰাজ্যবাসীক। ছচিয়েল মিডিয়াতো এই গৌৰৱময় খবৰটোক লৈ ব্যাপক চৰ্চা পৰিলক্ষিত হোৱাৰ লগতে যথাযোগ্যভাৱেই সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে ৰাজদ্বীপক। স্মৰ্তব্য যে বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাই নিজৰ ছবিৰ চিত্ৰনাট্য ৰচনা কৰাৰ বাদে সম্ভৱত: অান কোনো অসমৰ চিত্ৰনাট্যকাৰে বলিউডত সবলভাবে খোজ পেলাব পৰা নাই। এনে পৰিপ্ৰেক্ষিতত ৰাজদ্বীপে ৰাজ্যখনৰ বাবে কঢ়িয়াই অানিছে এক অনন্য আশাৰ বতৰা। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰতো মেধাৰ পৰিচয় দিয়া কটন কলেজৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা ৰাজদ্বীপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাও মাছ কমিউনিকেচনছ এণ্ড জাৰ্ণেলিজমত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ৰাজদ্বীপৰ সাফল্যৰ যাত্ৰা অব্যাহত থকাটো কামনা কৰিছে তেওঁৰ সকলো শুভাকাংক্ষী তথা সমগ্ৰ ৰাজ্যবাসীয়ে।