শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ৬৫ হেজাৰ স্থানত স্থাপন হ’ব পেট্ৰ’ল পাম্প

৬৫ হেজাৰ স্থানত স্থাপন হ’ব পেট্ৰ’ল পাম্প

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠানৰ পদক্ষেপঃ বিজ্ঞাপন প্ৰকাশৰ প্ৰক্ৰিয়া আৰম্ভ

ডিজিটেল ডেস্কঃ অহা বছৰত অনুষ্ঠিত হ’বলগীয়া লােকসভা নির্বাচনৰ পূর্বে দেশত একেলগে বৃহৎ পৰিসৰত পেট্রল পাম্প মুকলিৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজহুৱা খণ্ডৰ তৈল প্রতিষ্ঠানসমূহে। ইয়াৰ অধীনত চলিত বৰ্ষত বিধানসভা নির্বাচন অনুষ্ঠিত হৈ থকা আৰু হ’বলগীয়া ৰাজ্যকেইখনৰ বাহিৰে দেশৰ সকলাে স্থানতে পেট্রল পাম্প স্থাপন কৰা হ’ব। যােৱা ৪ বছৰৰ ভিতৰত এয়াই হব তৈল প্রতিষ্ঠানসমূহৰ বাবে তেওঁলােকৰ খুচুৰা ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ সর্ববৃহৎ পদক্ষেপ। এটা সূত্ৰৰ মতে এই প্রক্রিয়াৰ অধীনত ভাৰতৰ ৬৫ হেজাৰ স্থানত পেট্রল পাম্প স্থাপন কৰা হ’ব। এই পেট্রল পাম্পসমূহে নির্দিষ্ট এলেকাটোৰ ৭৫ৰ পৰা ৮০ শতাংশ লােকক সামৰি ল’ব। ইয়াৰ বাবে ইতিমধ্যে তৈল প্রতিষ্ঠানসমূহে দেওবাৰৰ পৰাই প্ৰচাৰ মাধ্যমযােগে বিজ্ঞাপন প্রকাশৰ প্রক্রিয়া আৰম্ভ কৰিছে। আনহাতে বিধানসভাৰ নির্বাচন অনুষ্ঠিত হৈ থকা আৰু হ’বলগীয়া ৰাজ্যকেইখনত নির্বাচনৰ পিচত এই প্রক্রিয়া আৰম্ভ কৰা হ’ব। তৈল মন্ত্ৰালয়ৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিচতে ৰাজহুৱা খণ্ডৰ তৈল প্রতিষ্ঠানসমূহে বৃহৎ পৰিসৰত এনেদৰে পেট্রল পাম্প স্থাপন প্রক্রিয়া আৰম্ভ কৰিছে।

এই বিষয়টো সন্দৰ্ভত মন্তব্য প্রকাশ কৰি অইল ইণ্ডিয়া পেট্রলিয়াম ডীলাৰ্ছ এছ’চিয়েচনৰ অধ্যক্ষ অজয় বানছালে কয় যে কেন্দ্রীয় চৰকাৰে নতুনকৈ স্থাপন কৰা ঘাইপথসমূহৰ ওচৰত এনে পেট্রল পাম্পসমূহ স্থাপন কৰাটো অধিক যুক্তিসংগত বিবেচিত হ’ব। আনহাতে তৈল মালয়ৰ এগৰাকী শীর্ষ বিষয়াই জনােৱা মতে প্রথম পর্যায়ত বিজ্ঞাপন প্রচাৰ কৰা স্থানসমূহৰ ভিতৰত ১৫ৰ পৰা ২০ হেজাৰ স্থানত পেট্রল পাম্প স্থাপন কৰা হ’ব। উল্লেখ্য যে সংশােধিত নীতিৰ অধীনত নিজাববীয়াকৈ ভূমি নথকা লােকেও পেট্রল পাম্প স্থাপনৰ বাবে আবেদন কৰিব পাৰিব। একেদৰে পূৰ্বতে পেট্রল পাম্প খােলাৰ বাবে সাধাৰণ আউটলেটৰ বাবে ২৫ লাখ টকাৰ আৰু গ্রামাঞ্চলৰ বাবে ১২ লাখ। টকাৰ বেংক ডিপজিট দেখুৱাবলগীয়া হৈছিল যদিও নতুন নিয়মৰ অধীনত ইয়াৰাে সংশােধন কৰা হয়। আবেদনকাৰীৰ সংখ্যা অধিক হলে অনলাইন লটাৰী পদ্ধতিৰে উপযুক্ত প্রার্থী বাছনি কৰা হ’ব।