শেহতীয়া খবৰ
Home / আঞ্চলিক / পঞ্চায়ত নিৰ্বাচন : আজিৰে পৰা ৫ ডিচেম্বৰলৈ গুৱাহাটীত ড্ৰাই দে’

পঞ্চায়ত নিৰ্বাচন : আজিৰে পৰা ৫ ডিচেম্বৰলৈ গুৱাহাটীত ড্ৰাই দে’

ভোট গণনা দিনাও বন্ধ থাকিব সুৰা বিপনী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ ডিচেম্বৰ

পঞ্চায়ত নিৰ্বাচনলৈ আৰু কেইদিনমান বাকী থকাৰ অৱস্থাত ভোট কিনা-বেচা কৰাক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন। নিৰ্বাচনৰ সময়ত ধন-সামগ্ৰীৰ উপৰি সুৰাৰ জৰিয়তে ভোটাৰক লালাসিত কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। ভোটৰ আগদিনা ভোটাৰসকলক সুৰাৰ বটল বিতৰণ কৰাৰ অভিযোগ আছে। ইপিনে, আজি মাজনিশা নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা অন্ত পৰাৰ পিছত ভোটাৰক প্ৰলোভিত কৰাৰ বাবে মদৰ আশ্ৰয় লোৱা বন্ধ কৰাৰ বাবে আজি কামৰূপ মহানগৰ প্ৰশাসনে কাইলৈ বিয়লি ৩ বজাৰ পৰা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন অৰ্থাৎ ৫ ডিচেম্বৰৰ বিয়লি ৩ বজালৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া নোহোৱাপৰ্যন্ত ড্ৰাই ডে’ ঘোষণা কৰিছে। এই সময়ছোৱাত জিলাখনত দেশী-বিদেশী সুৰাৰ প্ৰচলন নিষিদ্ধ কৰাৰ হৈছে। গুৱাহাটী মহানগৰ জিলাত থকা সকলো সুৰাৰ বিপণী, বাৰ, ক্লাব, বণ্ডেড ৱেৰ হাউছ, দেশীয় সুৰাৰ দোকান-মহলসমূহ এই সময়ছোৱাত বন্ধ ৰাখিব লাগিব। কামৰূপ মহানগৰ জিলা উপায়ুক্তই এই নিষেধাজ্ঞা জাৰি কৰাৰ লগতে নিৰ্দেশনাযোগে ভোট গণনা আৰু ফলাফলৰ দিনা ১২ডিচেম্বৰতো ড্ৰাই ডে’ ঘোষণা কৰিছে। উক্ত দিনা ভোটগণনা নোহোৱাপৰ্যন্ত ড্ৰাই ডে’ বাহাল থাকিব। এই নিষেধাজ্ঞা ভংগ কৰিলে অসম আবকাৰী আইন আৰু বিধি অনুযায়ী দণ্ডনীয় হ’ব বুলি নিৰ্দেশনাটোত প্ৰকাশ কৰিছে মহানগৰ জিলা প্ৰশাসনে।