শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাট এ টি এম চুৰি কাণ্ডৰ লগত জড়িত ৭ জন আৰক্ষী জালত

যোৰহাট এ টি এম চুৰি কাণ্ডৰ লগত জড়িত ৭ জন আৰক্ষী জালত

শুভাশীষ শৰ্মা  যোৰহাটঃ যোৱা ১ ডিচেম্বৰ নিশা যোৰহাটৰ ভোগদৈ আৰক্ষী চকীৰ অন্তৰ্গত বাহনা অঞ্চলৰ ইউ বি আই বেঙ্কৰ এ টি এম চুৰি ঘটনাৰ লগত জড়িত ৭ টা দুধৰ্ষ চোৰ আজি আৰক্ষী জালত পৰে। ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুলুমনি দুৱৰাৰ নেতৃত্বত আৰম্ভ হোৱা অভিযানত ধৰা পৰে চোৰৰ দলটো। জানিব পৰা মতে কালি আৰক্ষী বিষয়া জনে বিস্বস্ত সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি মোবাইল ফোন ট্ৰেকিং কৰি জালত পেলাই। প্ৰথমে কামৰূপৰ অতুল ৰায়ৰ পুত্ৰ মিণ্টু ৰায়(২৪) ক আৰক্ষীয়ে আটক কৰা পিছত তেওঁৰ ভাষ্যৰ পৰা ধেমাজিৰ আলি পেগুৰ পুত্ৰ লক্ষেশ্বৰ পেগু (২৬) , মাজুলীৰ মনোৰম দলেৰ পুত্ৰ পঙ্কজ দলে (২৫) , লক্ষীমপুৰৰ ললিত দলেৰ পুত্ৰ সঞ্জীৱ দলে (২৮), গোলাঘাটৰ জয় চন্দ্ৰ হাজৰিকা (২৬) আৰু ৰাহুল হাজৰিকা (২৬) ক গুৱাহাটীত আজি আটক কৰিবলৈ সক্ষম হয়। আনহাতে নলবাৰী জিলাৰ পৰা আন দুজনক বাতৰি লিখা পৰত আটক কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে চোৰৰ দলটোক লৈ আৰক্ষী যোৰহাটলৈ আহি আছে বুলি আৰক্ষী সুত্ৰত প্ৰকাশ। উল্লেখযোগ্য যে শনিবাৰে নিশা চুৰি ঘটনা সংঘটিত হোৱা পিছতে কালি অনুসন্ধানৰ বাবে টুলুমনি দুৱৰাৰ নেতৃত্বত দেৰগাওত অভিযান আৰম্ভ কৰিছিল। এই সফলতা অসম আৰক্ষীৰ বাবে এক উল্লেখনীয় সফলতা বুলি পৰাগনিত হৈছে।উল্লেখযোগ্য যে চোৰৰ দলটোৰ লগত এ এচ ০১ কে চি ৩৪৩০ নম্বৰৰ এখন হোণ্ডা এচেণ্ট গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।