শেহতীয়া খবৰ
Home / আঞ্চলিক / ডিব্ৰুগড়ত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু 

ডিব্ৰুগড়ত বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু 

গণ বাৰ্তা মৰাণ , ৪ ডিচেম্বৰ :

ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কলাখোৱা মাজগাঁও গাঁৱত আজি পুৱাই দেখা গ’ল এক কৰুণ দৃশ্য।এটি বন্যহস্তীৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পাচতে হাতীৰ পোৱালি এটাই মৃত হাতীটোক বিচাৰি হাহাকাৰ কৰি ফুৰা দেখা গৈছে।

পুৱা স্থানীয় ৰাইজে বনবিভাগক খবৰ দিয়াৰ পিছত মৃত মখনা হাতীটোৰ পৰা ১ কিলোমিটাৰ আঁতৰত হাহাকাৰ কৰি থকা অৱস্থাত বন বিভাগে উদ্ধাৰ কৰে হাতী পোৱালিটো।ঘটনাৰ বিৱৰণী অনুসৰি কলাখোৱা বৰবামত সোমবাৰে নিশা স্থানীয় লোকে বন্যহস্তী ওলোৱাৰ খবৰ বন বিভাগক জনাইছিল।

ইয়াৰ পাচতে মঙলবাৰে হাতীটোৰ মৃতদেহ উদ্ধাৰ হয়। পুৱাই মৃত হাতীটোক চাবলৈ যথেষ্ঠ সংখ্যক মানুহৰ ভিৰ কৰাৰ পৰিলক্ষিত হয়।মৃত হাতীটোৰ কাষত পোৱালিটো ঘূৰি ফুৰা  দৃশ্যই সকলোকে শোকাতুৰ কৰি তোলে ।