শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাজ্যত পিঁয়াজ ২৫ টকা, নাচিকত ১.৪০ টকা  | ৭৫০ কিলো পিঁয়াজৰ মূল্য ১০৬৪ টকা 

ৰাজ্যত পিঁয়াজ ২৫ টকা, নাচিকত ১.৪০ টকা  | ৭৫০ কিলো পিঁয়াজৰ মূল্য ১০৬৪ টকা 

মোদীৰ আেচ্ছ দিনৰ শ্ল’গানঃ কৃষকৰ উপাৰ্জন বৃদ্ধিৰ গান

ক্ষোভিত কৃষকে উৎপাদিত পিঁয়াজৰ মূল্য দান কৰিলে প্ৰধান মন্ত্ৰীৰ পুঁজিলৈ
পানীৰ দৰত বিক্ৰী হোৱা পিঁয়াজ ২৫-৩০ টকা হয় কেনেকৈ

গণ অনলাইন, নাচিক :  

ৰাজ্যত পিঁয়াজৰ মূল্য প্ৰতিকিলোত ২৫-৩০ টকা দৰত বিক্ৰী হৈ আছে যদিও পিঁয়াজৰ উৎপাদকসকলে সম্প্ৰতি পানীৰ দৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবছৰে পিঁয়াজৰ ফচল চপোৱাৰ সময়ত নিম্ন দামত ফচলসমূহ ক্ৰয় কৰা হয় যদিও মধ্যভোগী আৰু দালাল চক্ৰৰ বাবেই সমগ্ৰ ভাৰতবৰ্ষত পিঁয়াজৰ মূল্য ১০০ টকা পৰ্যন্ত পাইছে গৈ।

বিগত বৰ্ষতো মহাৰাষ্ট্ৰৰ নাচিক আৰু মধ্যপ্ৰদেশৰ পিঁয়াজ উৎপাদক কৃষকসকলে উৎপাদিত পিঁয়াজৰ উচিত মূল্য লাভ নকৰাত নলা-নৰ্দমাত পেলাই দিছিল পিঁয়াজ। বিগত বৰ্ষত এটকা মূল্যত প্ৰতিকিলো পিঁয়াজ বিক্ৰী হৈছিল যদিও পিঁয়াজৰ মূল্য কিন্তু বজাৰত কোনোদিনে দহ টকাৰ তললৈ অহা নাছিল। একাংশ মধ্যভোগী-দুৰ্নীতিপৰায়ণ ব্যৱসায়ীয়ে পিঁয়াজৰ ছিণ্ডিকেট গঢ়ি কম মূল্যত পিঁয়াজ কৃষকৰ পৰা ক্ৰয় কৰি কৃত্ৰিম নাটনিৰে দুগুণ মূল্যত বিক্ৰী কৰি কোটি কোটি টকাৰ পাহাৰ গঢ়িলে যদিও কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি পিঁয়াজ উৎপাদন কৰা কৃষকসকলে পালে মাত্ৰ ঋণৰ বোজা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ আয় দুগুণ কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰা বাবে ঢাক-ঢোল বজাই নিৰ্বাচনৰ সময়ত কণ্ঠৰ সিৰ ফুলাই সাধাৰণ ভোটৰক আকৰ্ষণ কৰাৰ বাবে কথাৰ ফুলজাৰি মাৰি আহিছে যদিও কৃষকৰ উন্নতিৰ ক্ষেত্ৰত এতিয়ালৈকে যে মোদী চৰকাৰে কোনো এক আঁচনি সফলভাৱে ৰূপায়ণ কৰিব পৰা নাই সেয়া বিগত মাহৰ মুম্বাই আৰু দিল্লীত অনুষ্ঠিত হোৱা কৃষকৰ মহাবিদ্ৰোহৰ ঘটনাই প্ৰমাণিত কৰিছে। ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি মোদীয়ে কৃষকৰ আয় দুগুণ বৃদ্ধি হোৱা বুলি প্ৰচাৰ কৰা ভিডিঅ’ সম্পূৰ্ণৰূপে কৃত্ৰিমভাৱে নিৰ্মিত বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ফাদিল কৰাৰ পিছত কৃষকসকলে ন্যায্য দাবী প্ৰাপ্তিত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহাৰ ঘটনাই পুনৰ এবাৰ চৰকাৰৰ বিফলতা প্ৰমাণ কৰিছে। শেহতীয়াভাৱে মহাৰাষ্ট্ৰ আৰু দিল্লীত লাখ লাখ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত নাচিকৰ কৃষকসকলে উৎপাদিত শস্যৰ উচিত মূল্য নোপোৱা কাৰ্যই মোদী চৰকাৰৰ কৃষকবিৰোধী তথা পুঁজিপতিৰ স্বাৰ্থত লোৱা সিদ্ধান্তসমূহকে প্ৰমাণিত কৰিছে বুলি একাংশ সচেতন মহলে প্ৰকাশ কৰিছে।

বিশেষকৈ প্ৰতিবছৰে পিঁয়াজ উৎপাদনকাৰী কৃষকসকলে উচিত মূল্য নাপাই কৃষি কাৰ্যৰ বাবে লোৱা ঋণৰ বোজা মূৰ পাতি ল’ব লগা হোৱাৰ বিপৰীতে পানীৰ দৰত পিঁয়াজ ক্ৰয় কৰি চৰকাৰী তথা ৰাজনৈতিক আশীৰ্বাদপুষ্ট মধ্যভোগী ব্যৱসায়ীয়ে সমগ্ৰ দেশতে উক্ত পিঁয়াজকে ব্যাপক মূল্য ঘটাই বিক্ৰী কৰি আহিছে। লক্ষণীয় যে ৰাষ্ট্ৰপতি বৰাক অ’বামা ভাৰতলৈ অহাৰ সময়ত কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ে প্ৰগতিশীল কৃষক হিচাপে স্বীকৃতি দি বৰাক অ’বামাৰ সৈতে বাৰ্তালাপ কৰিবলৈ দিয়া মহাৰাষ্ট্ৰৰ নাচিকৰ এগৰাকী কৃষকে মোদী চৰকাৰৰ কৃষকবিৰোধী নীতিত অতিষ্ঠ হৈ নিজৰ উৎপাদিত পিঁয়াজৰ সমুদায় মূল্য প্ৰধানমন্ত্ৰী দুৰ্যোগ পুঁজিলৈ দান দিয়ে। মহাৰাষ্ট্ৰৰ নাচিকত নিফাদৰ সঞ্জয় ছাথে নামৰ কৃষকগৰাকীয়ে চলিত বৰ্ষত ৭৫০ কিলোগ্ৰাম পিঁয়াজ উৎপাদন কৰিছিল যদিও সেই পিয়াঁজৰ বিনিময়ত তেওঁ লাভ কৰে মাথোঁ ১,০৬৪ টকা। উৎপাদিত ফচলৰ এনে মূল্যত ক্ষোভিত হৈ পিঁয়াজৰ পৰা লাভ কৰা সমুদায় মূল্য প্ৰধানমন্ত্ৰীৰ পুঁজিলৈ দান দি তেওঁ কয় যে তেওঁক চলিত বৰ্ষত চাৰি মাহজোৰা কষ্টৰ বিনিময়ত ৭৫০ কিলোগ্ৰাম পিঁয়াজ উৎপাদন কৰিছিল কিন্তু নিফাদৰ পাইকাৰী বজাৰত প্ৰতিকিলো পিঁয়াজৰ মূল্য এক টকা তেওঁক দিবলৈ বিচৰা হৈছিল।

পিছত তেওঁ অলপ চেষ্টা কৰাত ১.৪০ টকাত প্ৰতিকিলো পিঁয়াজৰ মূল্য চূড়ান্ত কৰে। এই কথাটো তেওঁৰ বাবে হৃদয় বিদাৰক এইকাৰণেই যে চাৰি মাহজোৰা হাড় ভঙা পৰিশ্ৰমৰ বিনিময়ত তেওঁ লাভ কৰিলে মাথোঁ ১,০৬৪ টকা। এনে কাৰণতে এই সমুদায় ধন প্ৰধানমন্ত্ৰী দুৰ্যোগ পুঁজিলৈ দান দিয়াৰ উপৰি অতিৰিক্তভাৱে পকেটৰ পৰা ৫৪ টকা খৰচ কৰে যাতে মানী অৰ্ডাৰৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যালয়ে লাভ কৰে। তেওঁ কোনো ৰাজনৈতিক দলক প্ৰতিনিধিত্ব নকৰে বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে এইক্ষেত্ৰত তেওঁ এইকাৰণে খং উঠিছে যে চৰকাৰে কৃষকৰ উন্নয়নৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো আঁচনি গ্ৰহণ কৰা নাই।

যোৱা ২৯ নৱেম্বৰত চৰকাৰে বৰাক অ’বামাৰ ভ্ৰমণকালত প্ৰগতিশীল কৃষক হিচাপে স্বীকৃতি দিয়া সঞ্জয় ছাথে চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ নিফাদ পোষ্ট অফিচৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পুঁজিখিনি প্ৰেৰণ কৰে। উল্লেখ্য যে মাহৰাষ্ট্ৰতেই দেশৰ পঞ্চাশ শতাংশ পিঁয়াজ উৎপাদন হয়। এতিয়া কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ে স্বীকৃতি দিয়া কৃষকৰে যদি এনে অৱস্থা হয়, তেন্তে দেশৰ আন কৃষকসকলৰ কেনেধৰণৰ অৱস্থা হ’ব সেয়া সহজে অনুমেয়। কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ে প্ৰগতিশীল কৃষকৰ মৰ্যাদা দি দোভাষিকৰ দ্বাৰা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক অ’বামাৰ সৈতে বাৰ্তালাপ কৰোৱা সঞ্জয় ছাথেৰ কৃষিকাৰ্যৰ সফলতা আকাশবাণীৰ যোগেদি প্ৰচাৰ কৰে যদিও কৃষকৰ উৎপাদিত ফলচৰ প্ৰতি চৰকাৰ কিমান চিন্তিত সেয়া বজাৰ মূল্যই প্ৰমাণিত কৰে।