শেহতীয়া খবৰ
Home / আঞ্চলিক / দেওবাৰীয়া বিশেষে প্ৰতিবেদন : সংখ্যালঘু জণগোষ্ঠীৰ কাৰণে আজীৱন সংগ্ৰাম কৰা তাজ উদ্দিন আহমেদৰ লগত  আমাৰ কেতিয়াও মতৰ অমিল ঘটা নাছিল — এই বক্তব্য বিশিষ্ট বুদ্ধিজীবী  তথা জ্যেষ্ঠ সাংবাদিক নাৰায়ণ গোস্বামীৰ

দেওবাৰীয়া বিশেষে প্ৰতিবেদন : সংখ্যালঘু জণগোষ্ঠীৰ কাৰণে আজীৱন সংগ্ৰাম কৰা তাজ উদ্দিন আহমেদৰ লগত  আমাৰ কেতিয়াও মতৰ অমিল ঘটা নাছিল — এই বক্তব্য বিশিষ্ট বুদ্ধিজীবী  তথা জ্যেষ্ঠ সাংবাদিক নাৰায়ণ গোস্বামীৰ

WATCH VIDEO : গণ অধিকাৰ ছচিয়াল চাৰ্কোলৰ উদ্যোগত বিশিষ্ট লেখক, সাংবাদিক, শিক্ষক  মৰহুম তাজ উদ্দিন আহমেদ প্ৰথম বৰ্ষ স্মৃতিচাৰণ সভাত ভাষণৰত হাউলী প্ৰেছ ক্লাবৰ সম্পাদক, বিশিষ্ট সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বৰপেটা জিলা গণ অধিকাৰ ছচিয়াল চাৰ্কোলৰ অধ্যক্ষ নাৰায়ণ গোস্বামী । 

WATCH VIDEO : গণ অধিকাৰ ছচিয়াল চাৰ্কোলৰ উদ্যোগত বিশিষ্ট লেখক, সাংবাদিক, শিক্ষক মৰহুম তাজ উদ্দিন আহমেদ স্মৃতিচাৰণ সভাত বিশিষ্ট সাংবাদিক, গণ অধিকাৰ ছচিয়াল চাৰ্কোলৰ সচিব তথা গণ অধিকাৰ কাকতৰ সন্চালক ছাহজাহান তালুকদাৰ

 


বৰবালাত বিশিষ্ঠ সাংবাদিক প্ৰয়াত তাজ উদ্দিন আহমেদৰ স্মৃতিচাৰণ সভা সম্পন্ন

কয়াকুছিৰ পৰা ছাহেদ আলী আহমেদ, দিদাৰ হুছেইন :

মৃত্যুক কোনেও জয় কৰিব নোৱাৰে, ই অজেয়। নিয়তিৰ বিধান মানি লৈ অসমৰ শত-সহশ্ৰ গুণমুগ্ধক কন্দুৱাই থৈ যোৱা নামনি অসমৰ এগৰাকী পৰিচিত সাংবাদিক, লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সংখ্যালঘু জনগোষ্ঠীসমূহৰ শুভচিন্তক আৰু বৰপেটা জিলাৰ বৰবালাৰ কৃতী সন্তান, হাউলী নিৱাসী মৰহুম তাজ উদ্দিন আহমেদৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰিবৰ বাবে গণ অধিকাৰ ছ’চিয়েল চাৰ্কোলৰ উদ্যোগত আৰু মৰহুম তাজ উদ্দিন আহমেদ স্মৃতিচাৰণ উদ্যাপন সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত প্ৰথম বাৰ্ষিক স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়।

স্মৃতিচাৰণ সভাৰ লগত সংগতি ৰাখি পুৱা ১০ বজাত বৰবালা উঃ মাঃ বিদ্যালয় চৌহদত বৃক্ষৰোপণ কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত অধ্যক্ষ মহঃ মাচুম আলী খান, অধ্যক্ষ মহিৰ উদ্দিন আহমেদ, বৰপেটাৰ সমাজকৰ্মী তথা সু-চিকিৎসক ডাঃ ছৈয়দ আহমদ জাদিদ, বি জে পি ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক মাজেদুৰ ৰহমান, এ কে মেম’ৰিয়েল জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জাকিৰ হুছেইন খান, এ এইচ খন্দকাৰ, ইউছুব আলী আহমেদ, নাৰায়ণ গোস্বামী, মোঃ ফয়েজুৰ ৰহমান, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে।
বৃক্ষৰোপণ সমাপন কৰি বৰেণ্য ব্যক্তিসকলে স্মৃতি তৰ্পণ কৰাৰ পিছত স্মৃতি দিৱস উদ্যাপন সমিতিৰ পূৰ্ব নিৰ্ধাৰিত সভাপতি নাৰায়ণ গোস্বামীৰ সভাপতিত্বত স্মৃতিচাৰণ সভা আৰম্ভ হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক, সাহিত্যিক তথা জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল খালেকে তাজ উদ্দিন আহমেদৰ জীৱনৰ ওপৰত আলোকপাত কৰি তত্ত্বগধুৰ আলোচনা কৰি তেওঁক সংখ্যালঘু মানুহৰ জাগ্ৰত প্ৰহৰী বুলি উল্লেখ কৰে। বিধায়ক আব্দুল খালেকে প্ৰয়াত তাজ উদ্দিন আহমেদৰ ৰচনাৰাজি গণ অধিকাৰ ছ’চিয়েল চাৰ্কোলৰ উদ্যোক্তাসকলক প্ৰকাশ কৰি উলিওৱাৰ পৰামৰ্শ প্ৰদান কৰাৰ উপৰি ৰচনাৰাজি প্ৰকাশ কৰিলে তেওঁ সহযোগিতা কৰিব বুলিও মত প্ৰকাশ কৰে।

এই গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰপেটাৰ সু-চিকিৎসক, সমাজকৰ্মী ডাঃ ছৈয়দ আহমদ জাদিদে মৰহুম তাজ উদ্দিন আহমেদৰ কৰ্মৰাজি আৰু জীৱনাদৰ্শনৰ ওপৰত আলোকপাত কৰি গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়। ডাঃ ছৈয়দ আহমদ জাদিদে তাজ উদ্দিন আহমেদ সম্পৰ্কে কয় যে কৰ্মসূত্ৰে তাজ উদ্দিন আহমেদ যদিও এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল, আচলতে তেওঁ গোটেই সংখ্যালঘু সমাজৰহে এজন শিক্ষক আছিল।

ডাঃ জাদিদে তাজ উদ্দিন আহমেদে সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি নৱপ্ৰজন্মক তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজত তেওঁ কৰা কৰ্মৰাজিবোৰ যুগ-যুগান্তৰে জীয়াই ৰখাৰ আহ্বান জনায়। উক্ত সভাত উপস্থিত থাকি গণ অধিকাৰ ছ’চিয়েল চাৰ্কোলৰ উপাধ্যক্ষ এ এইচ খন্দকাৰেও তাজ উদ্দিন আহমেদৰ ওপৰত আলোকপাত কৰি স্মৃতি বিজড়িত ভাষণ আগবঢ়ায়। তেওঁ মৰহুম আহমেদক নিষ্পেষিত, শোষিত,  লাঞ্ছিত-বঞ্চিত তথা আৰ্তজনৰ বলিষ্ঠ, নিৰ্ভীক কণ্ঠ বুলি উল্লেখ কৰি কয় যে তাজ উদ্দিন আহমেদৰ কলমেৰে সদায় মূক জনতাৰ মুক্ত কণ্ঠেৰে উলিওৱা সমস্যাবোৰ প্ৰকাশ পাইছিল। এই সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বৰপেটাৰোডৰ অধিবক্তা আব্দুছ ছামাদ আহমেদে কেনেকৈ তেওঁ তাজ উদ্দিন আহমেদৰ সংস্পৰ্শলৈ আহি জনসেৱাৰ্থে আমছুত যোগদান কৰিছিল তাক ব্যাখ্যা কৰে। তেওঁ গণ অধিকাৰ ছ’চিয়েল চাৰ্কোলে তাজ উদ্দিন আহমেদৰ আদৰ্শ অনাগত দিনত নৱপ্ৰজন্মৰ উদ্দেশ্যে গণ অধিকাৰ কাকতৰ জৰিয়তে প্ৰকাশ কৰি উলিয়াই সমাজ পৰিৱৰ্তনৰ যুগান্তকাৰী পদক্ষেপ ল’বলৈ আহ্বান জনায়।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে আমছুৰ এজন অভিভাৱকক হেৰুৱা বুলি আৱেগ বিহ্বল ভাষণ  আগবঢ়ায়। ভাষণ প্ৰসংগত ৰেজাউল কৰিম সৰকাৰে মৰহুম তাজ উদ্দিন আহমেদে সংখ্যালঘু মানুহৰ স্বাৰ্থত মাত মাতি বহু সময়ত নানা শত্ৰুৰ আক্ৰোশৰ বলি হৈছিল বুলিও উল্লেখ কৰে। বৰ্তমান সময়ত সমাজত তেওঁ তাজ উদ্দিনৰ দৰে ব্যক্তিত্বৰ বাৰুকৈয়ে প্ৰয়োজনীয়তা বোধ কৰি মহান ব্যক্তিগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰে। কয়াকুছিৰ বিশিষ্ট সাংবাদিক, সমন্বয়ৰ কবি ছাহেদ আলী আহমেদে আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বৰপেটাৰোডৰ চিকিৎসক ডাঃ ৰেজাউল কৰিম, লেখক তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক মোঃ ফয়েজুৰ ৰহমান আৰু ৰৌমাৰী স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া, কয়াকুছিৰ সন্তান ডাঃ আব্দুল কদ্দুছ শিকদাৰেও সমাজৰ বিভিন্ন বিষয়ৰ লগত সামঞ্জস্য ৰাখি মৰহুম তাজ উদ্দিন আহমেদৰ জীৱনৰ ওপৰত আলোকপাত কৰি তেওঁৰ জীৱনাদৰ্শনৰ ওপৰত আলোচনা কৰে।
গুৰুত্বপূৰ্ণ অনুষ্ঠানত গণ অধিকাৰ ছ’চিয়েল চাৰ্কোলৰ সচিব ছাহজাহান তালুকদাৰে ভৱিষ্যতে তাজ উদ্দিন আহমেৰ গ্ৰন্থৰাজি সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ছাহজাহান তালুকদাৰে লগতে কয় যে সংখ্যালঘু অঞ্চলসমূহত এটা অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়। ছাত্ৰ-ছাত্ৰী দূৰৈৰে কথা অধিকাংশ শিক্ষক সমাজেই নিয়মীয়াকৈ আলোচনী অথবা বাতৰি কাকত নপঢ়ে।

যিকেইগৰাকী বাতৰি কাকতৰ প্ৰতি আগ্ৰহ সেইকেইজন আকৌ ঘৰতে নিয়মীয়াকৈ বাতৰি কাকত ৰখাৰ পৰিৱৰ্তে চাৰিআলিত শাৰি পাতি আনৰ বাতৰি কাকতত চকু ফুৰাই সমাজৰ খবৰ লয়।  সংখ্যালঘু অঞ্চলৰ অধিকাংশ লোকে নিয়মীয়াকৈ বাতৰি কাকত-আলোচনী ঘৰত নৰখাৰ বাবেই আজিৰ নৱপ্ৰজন্মৰ মাজতো আলোচনী অথবা বাতৰি কাকতৰ চৰ্চাৰ ক্ষেত্ৰত অনিহা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলক সকলো দিশতেই সকলো ক্ষেত্ৰতেই আগুৱাই নিয়াৰ ক্ষেত্ৰত অভিভাৱকসকলৰ এক দায়িত্ব আছে।  প্ৰতিজন অভিভাৱকেই নিজৰ সন্তানৰ বাবে আৰু সমাজৰ প্ৰতিটো খবৰ আহৰণৰ বাবে নিয়মীয়াকৈ বাতৰি কাকত অথবা আলোচনী ৰখাটো বৰ্তমান সময়ত প্ৰয়োজনীয় হৈ পৰিছে। তেতিয়া হ’লেহে সংখ্যালঘু সমাজত এজন নহয়, হাজাৰজন তাজ উদ্দিনৰ দৰে লেখক, সাংবাদিক অথবা বুদ্ধিজীৱীৰ জন্ম হ’ব। যিটো সাধাৰণতে কোৱা হয় তৰোৱালৰ ধাৰত কৈ কলমৰ ধাৰ তীখৰ আৰু সমাজখনো পৰিৱৰ্তনৰ দিশত আগুৱাই নিয়াত সহায়ক হ’ব বুলি তালুকদাৰে আশা ব্যক্ত কৰে।

অনুষ্ঠানত মৰহুম তাজ উদ্দিন আহমেদৰ পৰিয়ালৰ ফালৰ পৰা তেওঁৰ পত্নী, পুত্ৰ, কন্যা উপস্থিত থাকে আৰু উপস্থিত সকলো অতিথিক উদ্যাপন সমিতিয়ে ফুলাম গামোচাৰে আদৰণি জনায়। ইপিনে, সভাপতিৰ ভাষণত বিশিষ্ট শিক্ষাবিদ নাৰায়ণ গোস্বামীয়ে তাজ উদ্দিনৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ ভাষণত কয় যে তাজ উদ্দিনৰ সৈতে তেওঁৰ দীঘলীয়া সম্পৰ্ক। বাল্যকালৰ বন্বুূ। একেলগে অভিনয় কৰিছিল। সংখ্যালঘু জনগোষ্ঠীৰ হৈ তাজ উদ্দিনে বিভিন্ন ক্ষেত্ৰত মাত মাতি যোৱাই নহয়, ওৰে জীৱনটো সমাজৰ কাৰণে উছৰ্গা কৰিলে।

সমাজৰ প্ৰতিটো ক্ষেত্ৰতেই এক অগ্ৰণী ভূমিকা পালন কৰি অহা তাজ উদ্দিনৰ সৈতে কোনো দিনে তেওঁৰ কোনো মতবিৰোধ হোৱা নাছিল বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে। উক্ত স্মৃতিচাৰণ সভাত বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিৰ উদ্দিন আহমেদ, কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নূৰ হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহিম, আমছুৰ বৰপেটা জিলাৰ উপ-সভাপতি মোঃ তোতা মিঞা, বৰপেটা জিলা সাংবাদিক সন্থাৰ সভাপতি নজৰুল ইছলাম, কয়াকুছিৰ সাংবাদিক আব্দুল জলিল, আবু নাছিৰ আলম, হাউলীৰ সাংবাদিক দিদাৰ হুছেইন, ভৱানীপুৰৰ সাংবাদিক আব্দুল মুতালিব, ৰফিকুল ইছলাম খান, আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আবুল হুছেইন, ছেমিন খান উপস্থিত থকাৰ উপৰি প্ৰায় শতাধিক গুণমুগ্ধ উপস্থিত থাকি শোভাবৰ্ধন কৰাৰ লগতে সভাখন সাফল্যমণ্ডিত কৰে। সভাৰ শেষত শলাগৰ শৰাই যাঁচে গণ অধিকাৰ ছ’চিয়েল চাৰ্কোলৰ বৰপেটা জিলাৰ সম্পাদক ছাহেদ আলী আহমেদে। উক্ত সভাত বি বি জালাহ কিষাণ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক তথা ছাবলাইম একাডেমীৰ সঞ্চালক ড০ দেৱান নজৰুল কাদিৰে তাজ উদ্দিনৰ জীৱনৰ ওপৰত কেতবোৰ আলোকপাত কৰাৰ লগতে আখেৰী মোনাজাত কৰে।

(বাতৰিটো গণ অধিকাৰ কাকতৰ ৩ ডিচেম্বৰ ৰ সংখ্যাত প্ৰকাশ পাইছে)

 

*Videos, Images and Special Coverage from The First Taj Uddin Memorial Day, Barpeta, Assam. The Event was held on December 2, 2018 at Barpeta in Assam on the first death anniversary of Late Taj Uddin, well known intellectual, writer, social worker and teacher from Barpeta. This Event was supported by Gana Adhikar Media Group and Gana Adhikar Social Circle.