শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / আপোনাৰ বহুমূলীয়া ভোটটো দিয়াৰ আগতে এবাৰ ভাবক

আপোনাৰ বহুমূলীয়া ভোটটো দিয়াৰ আগতে এবাৰ ভাবক

 

অসমৰ সৰ্বত্ৰে পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা। পঞ্চায়ত দখলৰ প্ৰচেষ্টাৰে প্ৰায় প্ৰতিজন প্ৰাৰ্থী উৎসাহিত। ভোটাৰক নিজৰ আস্থাত লোৱাৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিবলৈ, আশ্বাস দিবলৈ, প্ৰতিশ্ৰুতি দিবলৈ কুণ্ঠাবোধ নকৰা প্ৰাৰ্থীসকলৰ কথা শুনিলে এনে লাগে যেন এই নিৰ্বাচনত জয়ী হ’লে এখেতে এটা ৱাৰ্ডৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে এক বৈপ্লৱিক পৰিবৰ্তন যে আনিব সেয়া খাটাং। কিন্তু নিৰ্বাচন পশ্চাৎ সময়চোৱাত এই আশ্বাসবিলাকে বাস্তৱিক ৰূপ লাভ কৰে নে· প্ৰতিশ্ৰুতিসমূহ পালন কৰাত সফল হয় নে প্ৰতিশ্ৰুতিৰ আস্ফালনৰ মাজতেই সুপ্ত হৈ ৰয়·
নিৰ্বাচন গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ আধাৰ। স্বতন্ত্ৰ আৰু নিৰপেক্ষ নিৰ্বাচন ব্যৱস্থাইহে গণতন্ত্ৰক স্থায়িত্ব তথা পৰিপক্কতা প্ৰদান কৰে। বিগত বহু সময়ৰ পৰায়ে আমাৰ দেশত নিৰ্বাচনী সংশোধনৰ বিভিন্ন দাবী উত্থাপন হৈ আহিছে। নিৰ্বাচনৰ সময়ত অৱলম্বন কৰা অসৎ উপায়সমূহ নোহোৱা কৰাৰ দাবীসমূহ চৰকাৰৰ সন্মুখত বিভিন্ন ব্যক্তি তথা দল-সংগঠনে উত্থাপন কৰি আহিছে। চৰকাৰ তথা নিৰ্বাচন আয়োগেও এনেবিলাক বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে।

ববহু পূৰ্বেই চৰকাৰে সংসদত দুখন বিধেয়কত অনুমোদন জনায়, এখন সংবিধান সংশোধন বিধেয়ক আৰু আনখন জনপ্ৰতিনিধি বিধেয়ক। এই দুয়োখন বিধেয়কৰ মাধ্যমেৰে দেশৰ নিৰ্বাচন ব্যৱস্থাত কেইবাটাও গুৰুত্বপূৰ্ণ আৰু ব্যাপক সংশোধনৰ পদক্ষেপ লোৱা হৈছিল। এই সংশোধনসমূহৰ ভিতৰত ভোটদাতা সম্পৰ্কীয়, ভোটদান পদ্ধতি সম্পৰ্কীয়, প্ৰাৰ্থী সম্পৰ্কীয়, নিৰ্বাচন আয়োগ সম্পৰ্কীয়, নিৰ্বাচনৰ ব্যয় সম্পৰ্কীয়, নিৰ্বাচনৰ সময়ত হোৱা ভ্ৰষ্টাচাৰ সম্পৰ্কীয় তথা ৰাজনৈতিক দল সম্পৰ্কীয় সংশোধনী অন্যতম।

আমাৰ দেশৰ ৬৫ শতাংশ জনসংখ্যাৰ বয়স ৩৫ তকৈ কম। এইসকল যুৱ জনতাৰ অন্যতম দায়িত্ব হৈছে নিৰক্ষৰ অথবা অল্পশিক্ষিত লোকসকলক তেওঁলোকৰ ভোটৰ গুৰুত্ব সৰ্ম্পকে সচেতন কৰা আৰু নিজৰ ভোটদান সাব্যস্ত কৰাৰ প্ৰতি তেওঁলোকৰ মাজত আগ্ৰহ সৃষ্টি কৰা। কিন্তু দূৰ্ভাগ্যজনকভাৱে আমাৰ দেশত দেখা যায় যে ভোটদানৰ দিনায়েই মানুহৰ অন্যান্য কাম কৰাৰ মাত্ৰা বৃদ্ধি পায়। বহুতো মানুহে ভোটদানৰ দিনায়েই অৱসৰ বিনোদনৰ অচিলাৰে পৰিয়ালৰ সৈতে পিকনিক আদিৰ আয়োজন কৰে। বহুতে আকৌ ভোটদান কেন্দ্ৰলৈ যোৱাৰ এলাহত নিজৰ ঘৰতেই দিনটো বহি বহি কটাই দিয়ে। এনেধৰণৰ অসচেতন, উদাসীন তথা এলেহুৱা ভোটদাতাৰ ওপৰত নিৰ্ভৰ কৰি দেশে কেনেকৈ একোটা নিৰ্বাচনত সকলো জনতাৰ অংশীদাৰীত্ব সুনিশ্চিত কৰিব পাৰিব·
ইয়াৰোপৰি একাংশ ভোটদাতাই প্ৰাৰ্থীৰ গুণাগুণ বিবেচনা নকৰি কেৱল ধৰ্ম আৰু বৰ্ণৰ আৱেগেৰে নিজৰ ভোট সাব্যস্ত কৰে। অতি পৰিতাপৰ কথা এয়ে যে ভোটদানৰ দিনা এচাম অসচেতন লোকে নিজৰ বহুমুলীয়া ভোটটো সংকীৰ্ণ স্বাৰ্থৰ খাতিৰত বিক্ৰী কৰি দিয়ে। ইয়াৰ ফলতেই নিৰ্বাচনত অধিকাংশ নিৰ্বাচিত নেতা পৰৱৰ্তী সময়ত সমাজ বা দেশৰ স্বাৰ্থৰ পৰিপন্থী একোটা চৰিত্ৰ হিচাপেই চিহ্নিত হয়। এনেকুৱা এচাম মানুহ নিৰ্বাচিত হয় যি শুদ্ধকৈ কোনো এটা কথা ক’ব বা লিখিবও নাজানে আৰু তেনে অযোগ্য মানুহেই অসৎ পন্থাৰে জয়ী হৈ যোগ্যসকলক শাসন কৰে। আনহাতে সততাৰ মুখা পিন্ধা এচাম লোকে ৰাজনীতিত প্ৰৱেশ কৰিয়েই নিজৰ নীতি-আদৰ্শক জলাঞ্জলি দি আত্মসিদ্ধি আৰু গাদীৰ সুৰক্ষাত ব্যস্ত হৈ পৰে।

সাধাৰণতেই আমি প্ৰায় সকলোৱেই নিৰ্লজৰ দৰে আলোচনা কৰো নিৰ্বাচনৰ ‘আগৰাতিৰ ৰাজনীতি’ৰ কথা। এই ৰাজনীতি কি সেয়া আলোচনা নকৰাজনেও ভালদৰেই বুজি পায়। অতি দুৰ্ভাগ্যজনক কথাটো হ’ল যে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলেই ভোট ক্ৰয়ৰ নীতিত বিশ্বাস কৰে। নিৰ্বাচনৰ আগে আগে প্ৰতিটো দলেই ৰাইজক নিজৰ আস্থাত লোৱাৰ স্বাৰ্থত বিভিন্ন প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰাৰ প্ৰয়াস কৰে। তাৰ সমান্তৰালভাৱে সহজ-সৰল জনতাক লক্ষ্য কৰি আগবঢ়োৱা নিৰ্বচনী টোপ সেয়া লাগে মদ হওঁক, মাংসৰে এঁসাজ হওঁক, এযোৰ কাপোৰ হওঁক, দুমুঠি সূঁতা হওঁক বা দুই-তিনিখিলা ৰঙীন নোট নহওঁক কিয়। একাংশ ভোটাৰ এনে প্ৰলোভনৰ বলি হয় আৰু বহু সময়ত অযোগ্য প্ৰাৰ্থী এজনক নিজৰ বহুমুলীয়া ভোট দি জয়লাভৰ সুবিধা কৰি দিয়ে।

তাৰোপৰি অঞ্চলভেদে কিছু প্ৰাৰ্থীয়ে জাতি আৰু ধৰ্মৰ আৱেগ ঢালি ভোটাৰক আকৃষ্ট কৰাৰ ৰণচালী প্ৰস্তুত কৰে, যাতে জনতাই ভাৱিবলৈ বাধ্য হয় যে অনাগত দিনত এই কেইজন প্ৰাৰ্থীৰ বাদে তেওঁলোকৰ হৈ বা তেওঁলোকৰ বাবে মাত মতা আৰু বেলেগ এজন কেতিয়াও নোলাব। কিন্তু এইটো সকলোৱে বুজি পোৱা উচিত যে উপঢৌকন দি ভোট বিচৰা এজন প্ৰাৰ্থী পৰৱৰ্তী সময়ত কেতিয়াও ৰাইজৰ সপক্ষে থকাৰ আশা কৰিব নোৱাৰি। কেৱল ক্ষমতা লাভৰ আশাত ৰাজনীতিক নিজৰ পেচা হিচাপে লোৱা ভণ্ড ৰাজনীতিকক চিনাক্ত কৰাটোৱেহে প্ৰতিজন ভোটাৰৰ মাজত প্ৰাধান্যতা পোৱা জৰুৰী।
মনত ৰখা ভাল যে এজন সৎ আৰু যোগ্য প্ৰাৰ্থীয়ে কেতিয়াও প্ৰলোভনৰ ৰাজনীতিত বিশ্বাস নকৰে আৰু ভোটাৰক কোনো কাৰণতেই মিছা আশ্বাস নিদিয়ে।     আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ এইটো এনে এটা বিকাৰ য’ত সৎ আৰু যোগ্য ব্যক্তি যাৰ সমাজ সংশোধনৰ সামৰ্থ্য থাকে, তেওঁলোকে যদিও নিৰ্বাচনত অৱতীৰ্ণ হয় জনতাৰ সচেতনতাৰ অভাৱত কেতিয়াও নিৰ্বাচনত জয়ী হ’ব নোৱাৰে।
নিজৰ কন্যাক বিয়া দিয়াৰ সময়ত প্ৰত্যেকেই বিবাহপ্ৰাৰ্থীৰ সকলো দিশ চালি-জাৰি চায়। কিন্তু ইয়াৰ বিপৰীতে ভোট দিয়াৰ সময়ত বিশেষ কোনো বিবেচনা নকৰি কেৱল আৱেগ অথবা পাৰিবাৰিক পৰম্পৰা অনুসৰি কোনো এটা দল বা প্ৰাৰ্থীক ভোটদান কৰে। নিজৰ এই বহুমুলীয়া ভোটটোক নিজৰ কন্যাৰ দৰেই ভৱাৰ মানসিকতা আমাৰ মাজত আজিও নাই। আমি তেতিয়ালৈকে এটা সুস্থ তথা নিকা শাসন ব্যৱস্থা পাৱ নোৱাৰিম যেতিয়ালৈকে আমি আমাৰ ভোটটোৰ গুৰুত্ব আৰু ভোটদাতা হিচাপে আমাৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিব নোৱাৰিম। বিশ্বৰ বহুতো দেশত ভোটদান অনিবাৰ্য। কিন্তু ভাৰতৰ দৰে এখন সৰ্বাধিক যুৱ জনতাসম্পন্ন দেশত এনে নীতি অনুকৰণ এতিয়ালৈকে কৰিব নোৱাৰাটো এটা সাঁথৰ।
কোৱা হয় ৰাজনীতিত কোনো কাৰো স্থায়ী বন্ধু বা শত্ৰু নহয়। আজিৰ কোনোবা বন্ধু কালিলৈ শত্ৰু হ’ব পাৰে অথবা আজিৰ
কোনোবা শত্ৰু কালিলৈ বন্ধু হ’ব পাৰে। দল বাগৰা ৰাজনীতি আজিকালি একেবাৰেই সাধাৰণ কথা হৈ পৰিছে। কোনো এটা দলৰ আদৰ্শক আঁকোৱালি ল’ব নোৱাৰা এজন ব্যক্তি  নৈতিকতাৰে আন এটা দলত যোগদান কৰাটোত আচৰিত হ’বলগীয়া একো নাই। তথাপিও বহু সময়ত এনে যোগদান ৰাইজৰ সেৱা মনোভাৱৰ সলনি কেৱল ক্ষমতা লাভৰ এক অৰ্ন্তনিহিত উদ্দেশ্যৰ মাজতেই সীমাবদ্ধ হৈ ৰয়, যাক সাধাৰণ ৰাইজে পিছৰ পৰ্যায়ত ভালদৰেই বুজি উঠে। বহু সময়ত ৰাইজে নিৰ্বাচিত কৰা এজন জনপ্ৰতিনিধিয়ে ক্ষমতা লাভৰ আশাত এনে এটা দলক নিজৰ সমৰ্থন আগবঢ়ায় যি দল আদৰ্শগত দিশত অমিল থকাৰ কাৰণেই হয়তো ৰাইজে সেই দলৰ সলনি বিকল্প হিচাপে এইজন প্ৰাৰ্থীক ভোটদান কৰিছিল। এনে চৰিত্ৰৰ প্ৰাৰ্থীসমূহক
ৰাইজে চিনাক্ত কৰি ভোটদানৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰা উচিত।
নিৰ্বাচনৰ সময়চোৱাত প্ৰতিজন ভোটদাতাই সকলো আৱেগ বৰ্জন কৰি কিছুমান সূক্ষ্ম কথা জুঁকিয়াই চোৱাৰ প্ৰয়োজনীয়তা আছে। যেতিয়ালৈকে ৰাইজ নিজৰ বিবেকৰ মাধ্যমেৰে পৰিচালিত হ’ব নোৱাৰিব তেতিয়ালৈকে এক সুস্থ আৰু নিকা গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ আশা কৰাটো এক সুদুৰ পৰাহত কল্পনা হৈয়েই ৰ’ব। বিগত সময়চোৱাত কোনজন প্ৰাৰ্থী জনতাৰ বিশ্বাসযোগ্য আছিল বা দলৰ উৰ্দ্ধত থাকি জনতাৰ কল্যাণৰ হকে আহুপুৰুষাৰ্থ কৰিছিল, তেনে লোকৰ তালিকা এখন প্ৰস্তুত কৰাটো এজন ভোটাৰৰ কাৰণে খুউৱ এটা জটিল কামো নহয়। এনে কৰাৰ ক্ষেত্ৰত ভোটাৰসকলে অতি সূক্ষ্মভাৱে প্ৰতিটো কথা পৰ্যালোচনা কৰা উচিত যে নিৰ্বাচনত জয়ী হৈ সেই জনপ্ৰতিনিধিজনে কোনটো ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছিল। নিজৰ দল তথা দলৰ কৰ্মকৰ্তাক, আত্ম-প্ৰতিষ্ঠা তথা পৰিয়ালকেন্দ্ৰীক বিষয়সমূহক, নিজৰ ভোটাৰক নে সামগ্ৰিকভাৱে তেখেতক সমৰ্থন কৰা বা নকৰা সকলোকে সামৰি নিজৰ সমাজ তথা দেশৰ উন্নয়ণৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিছিল· ৰাইজৰ আশা-আকাংক্ষা পুৰণৰ ক্ষেত্ৰত অথবা তেওঁলোকৰ বিশ্বাসক কিমান সন্মান প্ৰদৰ্শন কৰিছিল· নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কিমান আগ্ৰহী আছিল অথবা সেই প্ৰতিশ্ৰুতিসমূহৰ কিমান পুৰণ কৰিব পাৰিছে· আৰ্থিকভাৱে ৰাইজক সেৱা কৰিব নোৱাৰিলেও ৰাইজৰ কাষত আদৰ্শগত আৰু নীতিগত দিশেৰে বিগত নিৰ্বাচনৰ পৰা এই নিৰ্বাচনলৈকে থিয় দি থাকিব পাৰিছেনে· ৰাইজৰ মতামতক শ্ৰদ্ধা জনাই তেওঁলোকৰ কথা বা দাবীসমূহ ৰাইজৰ প্ৰতিনিধি হিচাপে উৰ্দ্ধতন মহলত সজোৰে উত্থাপন কৰিব পাৰিছেনে· তেনে দাবীক উৰ্দ্ধতন মহলে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত তেনে জনপ্ৰতিনিধিয়ে ৰাইজৰ আৱেগ আৰু আশাক সন্মান জনাই নিজৰ পদ এৰি ৰাইজৰ মাজলৈ উভতি আহিব পাৰিছেনে·
আনহাতে এজন নতুন প্ৰাৰ্থীৰ ক্ষেত্ৰত ৰাইজে তেখেতৰ ব্যক্তিত্ব তথা তেখেত সামাজিকভাৱে কিমান দায়বদ্ধ তাৰ এক খতিয়ান তৈয়াৰ কৰি তেখেতক ভোট প্ৰদান কৰাৰ প্ৰয়োজনীয়তাক জুখি চোৱা উচিত। নতুন প্ৰাৰ্থীসকল যেতিয়া ভোটাৰ ৰাইজৰ কাষলৈ আহে তেতিয়া তেওঁলোকক এই কথাটো ভালদৰে বুজাই দিয়া উচিত যে ৰাজনীতি যাতে তেখেতসকলৰ কাৰণে কেতিয়াও পেচা হৈ নপৰে, বৰঞ্চ ৰাইজ আৰু সমাজৰ সৰ্বাঙ্গীন উন্নয়ণৰ একমাত্ৰ লক্ষ্য হৈ ৰয়।
এটা ৰাজনৈতিক দলে কি কি নীতি প্ৰস্তুত কৰিছে অথবা নিৰ্বাচনী ইস্তেহাৰত দলে কি কি প্ৰতিশ্ৰুতি দিছে সেয়া দলীয় নেতৃত্ব, মন্ত্ৰী, বিধায়ক আদিয়ে স্পষ্ট কৰিবলগীয়া বিষয়। যেতিয়া তেওঁলোক পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোট বিচাৰি ৰাইজৰ কাষলৈ আহে, তেতিয়া ৰাইজে পূৰ্বৰ নিৰ্বাচনী ইস্তোহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰা নকৰা সম্পৰ্কত সেই মন্ত্ৰী-বিধায়ক সকলক পোনপটীয়া প্ৰশ্ন কৰিব পাৰে।  পঞ্চায়ত নিৰ্বাচনৰ গৰিষ্ঠ সংখ্যক প্ৰাৰ্থীয়ে প্ৰথম বাৰৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়ায়, সেয়েহে ইয়াত তেওঁলোকৰ সৈতে পূৰ্বৰ কৰ্মৰ পৰ্যালোচনা অপ্ৰাসংগিক হৈ পৰে। সেয়েহে সাধাৰণ জনতাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী এজনৰ ব্যক্তিত্ব আৰু তেখেতৰ সততাৰ দিশটোক বিশেষ গুৰুত্ব দিয়া উচিত, ইয়াত ৰাজনৈতিক দলে প্ৰাধান্য পোৱাটো সমীচিন নহয়।
এইবিলাক সৰু সৰু কথা এবাৰ যদি ভোটদাতা ৰাইজে বিবেচনা কৰে তেন্তে নিশ্চয়কৈ আমাৰ বহুমূলীয়া ভোটটিৰ মৰ্যাদা অটুত থাকিব আৰু একোজন যোগ্য প্ৰাৰ্থীয়ে উক্ত ভোটটো লাভ কৰিব। অন্তঃত নিজৰ সমাজ তথা দেশৰ স্বাৰ্থত আমি অংগীকাৰবদ্ধ হোৱা উচিত যাতে কোনো ধৰণৰ প্ৰলোভন অথবা আৱেগৰ বশৱৰ্তী নহৈ দল-ধৰ্ম-জাতিক একাষৰীয়া কৰি কেৱল নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হৈ সম্পূৰ্ণ নিৰপেক্ষতা তথা নিষ্ঠাৰে নিজৰ বহুমূলীয়া ভোটটো যোগ্য প্ৰাৰ্থীজনকহে প্ৰদান কৰিম।
লেখকৰ ফোন ঃ ৯৭০৬৩২০৮৮১