শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটা জিলা পৰিষদ দখল কৰিব কোনে ? ভাগে ভাগে বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা

বৰপেটা জিলা পৰিষদ দখল কৰিব কোনে ? ভাগে ভাগে বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা

বিধায়ক জাকিৰ হুছেইন শিকদাৰ, আব্দুল খালেক, শুকুৰ আলী আহমেদ আৰু শ্বেৰমান আলী আহমেদৰ তৎপৰতা

কয়াকুছিৰ পৰা ছাহেদ আলী আহমেদঃ ৯ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত ভোট প্ৰদানৰ দিন চমু চাপি অহাৰ লগে লগে সকলো দলীয় আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত গুনা-গথাঁ, বিজয়ৰ উৎসাহ উদ্দীপনা বিৰাজ কৰিছে ভাগে ভাগে আৰম্ভ হৈছে গোপন সন্ধি ! বৰ্তমান সময়ত বৰপেটা জিলাত আটাইতকৈ সমালোচিত বিষয় হৈছে বৰপেটা জিলা পৰিষদ গঠণ কৰিব কোনে? যোৱা পাঁচটা বছৰে এ আই ইউ ডি এফৰ দখলত আৰু জিলা পৰিষদৰ সভাপতি  হিচাপে মজিবৰ ৰহমান পৰিচালনাত  থাকিলেও উন্নয়নমুলক কাম-কাজত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰা নাই বুলি সমালোচিত হৈ আহিছে। ইয়াৰ বিপৰীতে বিভিন্ন অভিযন্তা সকলৰ কাম-কাজ আৰু অন্যান্য আঁচনি ৰূপায়নৰ ক্ষেত্ৰতো  দূৰ্নীতি আৰু নিষ্ক্ৰীয়তাৰ  কথাবোৰ প্ৰায়ে বাতৰি কাকতৰ শিৰোনামা দখল কৰি আহিছিল। তেনে ক্ষেত্ৰত শেষতীয়াকৈ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকাৰ, জনিয়াত আব্দুল খালেক, চেঙাত শুকুৰ আলী আহমেদ  আৰু বাঘবৰত শ্বেৰমান আলী আহমেদে বৰপেটা জিলাৰ ৮  খন আসনৰ চাৰিখন দখল কৰিবলৈ সক্ষম হয়। সৰভোগত বিজেপিৰ ৰঞ্জিত দাস, বৰপেটা সদৰ সমষ্টিত অগপৰ গুনীন্দ্ৰ নাথ দাস,  পাটাছাৰকুছিত অগপৰ পৱিন্দ্ৰ ডেকা আৰু ভৱানীপুৰত এআইইউডিএফৰ আবুল কালাম আজাদে দখল কৰিলেও অগপ বিজেপিৰ মিত্ৰতাৰ বাবে অগপৰ প্ৰতি মানুহৰ মোহ কিছু পৰিমানে ভংগ  হৈছে। বদৰ উদ্দিন আজমল আৰু ছিৰাজ উদ্দিন আজমলৰ জৰা-ফুঁকা ৰাজনীতিৰ সৈতে বৰপেটাৰ সাংসদ ছিৰাজ উদ্দিন আজমলৰ নিষ্ক্ৰিয়তাৰ  বাবে এ আই ইউ ডি এফৰ প্ৰতিও মানুহৰ কিছু পৰিমানে মোহ ভংগ হৈছে হৈ আছে।
বৰপেটা  জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী সমষ্টিটো কংগ্ৰেছৰ দখলত থকাত বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়াকুছিস্থিত পাকাবেতবাৰী আঞ্চলিক পঞ্চায়ত দখল কৰাৰ  লগতে বিভিন্ন গাওঁ পঞ্চায়ত দখল কৰাৰ পূৰ্ণোদ্দমে  কুচ-কাৱাজ অব্যাহত ৰাখিছে। তাৰোপৰি  ৰাইজৰ মাজত কোনোধৰণৰ দূৰ্নীতি নোহোৱাকৈ  বিনা টকাত ৰাইজৰ পছন্দৰ প্ৰাৰ্থী বাচনি কৰিছে  বুলি বাৰে বাৰে  দোহাৰিছে। কিন্তু  নাম প্ৰকাশত অনিশ্চুক সকলৰ মতে প্ৰায় কিছু সংখ্যক  সমষ্টিত কিছু টিকেটৰ বিনিময়ত কিছু  ধনৰ লেন দেন হৈছে  বুলি বৰপেটা জিলা ব্যাপী কিছু পৰিমানে কংগ্ৰেছৰ বদনাম ৰচনা হৈছে যদিও বিধায়ক সকলৰ তৎপৰতা আৰু নিৰ্বাচনী কুচ কাৱাজে সাধাৰণ ৰাইজক আকৰ্ষণ কৰিবলৈ কৃপনতা কৰা নাই। ৰাইজৰ সমালোচনা সূত্ৰে  জানিব পৰা মতে ৩৯ নং মধ্য বেতবাৰী গাওঁ পঞ্চায়তৰ সভাপতিৰ বাবে মৰহুম ইলিম উদ্দিন দেৱানৰ পুত্ৰ দেৱান মোশ্বাৰফ হুছেইনৰ নাম চৰ্চাত চলিছে। আনহাতে সভাপতিৰ বাবে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ইনছান আলী (বাবুল) নামো চৰ্চা লাভ কৰাৰ লগতে চিপিআই(এম)ৰ প্ৰাৰ্থী তবিবৰ ৰহমানৰো নাম সমান্তৰালভাৱে চৰ্চা লাভ কৰিছে। উক্ত পঞ্চায়ত খনৰ আঞ্চলিক পঞ্চায়ত সদস্যা (কাউন্সিলৰ) হিচাপে কংগ্ৰেছৰ পৰা টিকট বিচাৰি নাপাই  চকিৰভিঠা গাঁৱৰ মৰহুম আব্দুছ শুকুৰ মামুদৰ পত্নী  নিৰ্দলীয় প্ৰাৰ্থী হামিদা  বেগমৰ নাম চৰ্চাত আহিছে ।   উক্ত আঞ্চলিক সদস্যা পদৰ বাবে ১নং বনবাহাৰ নিৱাসী ডা০ শ্বাবল আলীৰ পুত্ৰ জাহিদুল ইছলামৰ স্ত্ৰী আকলিমা বেগমৰ নামো ব্যাপক  চৰ্চা লাভ কৰিছে। আনহাতে চকিৰভিঠা দক্ষিণ অংশৰ পৰা চিপিআই এমৰ  প্ৰাৰ্থী বাহাৰজান নেছাও প্ৰচাৰত পিছ পৰি  থকা নাই ।
ইফালে ৪১ নং দক্ষিন পশ্চিম বেতবাৰী গাওঁ পঞ্চায়তৰ কংগ্ৰেছৰ সভাপতি হিচাপে আব্দুছ ছামাদ শিকদাৰৰ সৈতে নিৰ্দলীয় প্ৰাৰ্থী শিৰাজ উদ্দিন আহমেদ কোনো গুণে পিছ পৰি থকা নাই। কাউন্সিলাৰৰ বাবে কংগ্ৰেছৰ উচ্চ শিক্ষিত আবুল হুছেইন, এ আই ইউ ডি এফৰ ময়নুল হক চৌধুৰী, নিৰ্দলীয়া নজৰুল ইছলাম আৰু ফৰমান আলী খানৰ নামো চৰ্চাত চলিছে। সকলোৱে পূৰ্ণদ্দোমে প্ৰচাৰ চলাইছে। আনহাতে ৩ নং বেতবাৰী জিলা পৰিষদৰ সদস্যা সমাজকৰ্মী  জালাল উদ্দিন ভূঞাৰ পত্নী তথা ৪১ নং দক্ষিণ পশ্চিম বেতবাৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী মমতাজ বেগমৰ নাম বেছিকৈ চৰ্চা লাভ কৰিছে আৰু শেষতীয়াকৈ ৫ ডিচেম্বৰত উলিওৱা বাইক আৰু কাৰ ৰেলীয়ে ব্যাপক প্ৰচাৰ লাভ কৰিছে। লগতে  গৰিষ্ঠ সংখ্যক সচেতন মহলৰ মতে মমতাজ বেগম জয়ী হোৱাটো প্ৰায় নিশ্চিত বুলি দাবী কৰিছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী জেচমিনা বেগমেও চৰ্চা লাভ কৰিছে। এ জি পিৰ আঞ্জুমা এলাহি আৰু বিজেপিৰ বন্তিৰেখা পাঠকেও জিলা পৰিষদৰ প্ৰাৰ্থীত্ব আগবঢ়ালেও প্ৰচাৰত সবিশেষ বিস্তাৰ লাভ কৰিবলৈ বৰ্তমানেও সক্ষম হোৱা নাই বুলি সচেতন মহলে দাবী কৰিছে। এই সময়লৈকে কংগ্ৰেছৰ মমতাজ বেগম আৰু ইউ ডি এফৰ জেচমিনা বেগমৰ লগত প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা অধিক যদিও কংগ্ৰেছৰ মমতাজ বেগমেই জয়ী হোৱাৰ  সম্ভাৱনা অধিক বুলি  সচেতন মহলে অনুমান কৰিছে। আনহাতে সৰুক্ষেত্ৰী সমষ্টিৰ ৪ টা জিলা পৰিষদৰ পদৰ সৈতে বৰপেটা জিলাৰ জিলা পৰিষদৰ ২৯ টা পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে কংগ্ৰেছে। যিহেতু ১৫ জন সদস্য হ’লে জিলা পৰিষদ গঠণ কৰিব পাৰে বা গৰিষ্ঠ সংখ্যক পদৰ দৰকাৰ সেয়েহে কিমান সংখ্যক সদস্যপদ  দখল কৰি কংগ্ৰেছে বৰপেটা জিলা পৰিষদ গঠন কৰিব সেয়া সময়তহে জনা যাব। ইতিমধ্যে কংগ্ৰেছৰ বিধায়ক সকলে দাবী কৰা মতে ১৯ পৰা ২৩ টা লৈকে জিলা পৰিষদৰ আসন লাভ কৰি বৰপেটা জিলা পৰিষদ গঠন কৰিব বুলি পূৰ্ণ সম্ভাৱনাৰ আশা ব্যক্ত কৰিছে। সেয়েহে  কংগ্ৰেছৰ বিধায়ক সকলৰ মতে বৰপেটা জিলা পৰিষদ কংগ্ৰেছে গঠন কৰাটো নিশ্চিত বুলি দাবী কৰিছে। সময়তহে জনা যাব কাৰ কাৰ ভাগ্যত  আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যা হিচাপে জয়ী হোৱাৰ সুলেখ আছে বা ৰাজপাট দখল কৰাৰ  লগতে ৰাজভোগ উপভোগ কৰিব। পাকাবেতবাৰী আঞ্চলিক পঞ্চায়ত খন যোৱা বাৰ এ আই ইউ ডি এফৰ দখলত থাকিলেও এইবাৰ কাৰ দখললৈ যায় সেয়া হব লক্ষণীয়। যিহেতু সৰুক্ষেত্ৰী সমষ্টিটো কংগ্ৰেছৰ  বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ দখলত আছে।