শেহতীয়া খবৰ
Home / আঞ্চলিক / জনীয়া সমষ্টিৰ আদিতপুৰত এআইডিএফ’ৰ বিশাল নিৰ্বাচনী সভা

জনীয়া সমষ্টিৰ আদিতপুৰত এআইডিএফ’ৰ বিশাল নিৰ্বাচনী সভা

ৰিঞ্জুৱাৰা পাৰবিন, কলগাছিয়াঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰ পঞ্চায়তৰ আদিতপুৰত  আজি বিয়লি তিনি বজাত সমষ্টি কমিটি ইউডিএফ’ৰ সভাপতি শুকুৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত হেলিকাপ্তাৰেৰে আহি  অংশ গ্ৰহণ কৰি দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে অ জি পি, বিজেপি দেশৰ শত্ৰু আৰু কংগ্ৰেছ জাতিৰ শত্ৰু বুলি অভিহিত কৰে। উক্ত ৰাজনৈতিক দলবোৰৰে যুগ যুগ ধৰি অসমত বসবাস কৰা বিশেষকৈ ধৰ্মীয় সংখ্যালঘূ সকলক অন্যায় ভাৱে হাৰাশাস্তি কৰি বিদেশী সজাবলৈ ষড়যন্ত্অভিযোগ উত্থাপন কৰে আজমলে। তেওঁ আৰু কয় যে অবৈধ ভাৱে বিদেশী স্বাৱস্থ্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত ৰুকিবুল ইছলাম, ৱাজেদ আলি চৌধুৰী,আব্দুল খালেক আদি সুবিধাবাদী নেতাৰ সহযোগত গোৱালপাৰা, কোকৰাঝাৰ আদি ঠাইত নিৰ্মান কৰা ডিন্টেশ্বন কেম্পত ভৰাই থোৱাৰ বন্দোবস্ত কৰা বুলি অভিযোগ কৰে। এন আৰ চি’ ৰ ক্ষেত্ৰত মহিলা সকলৰ বাবে অতি প্ৰয়োজনীয় পঞ্চায়ত নথি অবৈধ কৰাৰো উক্ত দলবোৰে ষড়যন্ত্ৰত লিপ্ত হোৱাত ইউ ডি এফ’ৰ উদ্যোগত অসম জমীয়তৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ৪৮ লাখ মহিলাক সকাহ দিয়া বুলি দাবী কৰি আগন্তক পঞ্চায়ত নিৰ্বাচনত ইউ ডি এফৰ মনোনীত প্ৰাৰ্থী সকলক ভোট দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়। বৰপেটা সাংসদ চিৰাজ উদ্দীন আজমলে জ্যেষ্ঠ ভাতৃক অনুকৰণ কৰি কংগ্ৰেছ,এ জি পি আৰু বি জে পি ক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি কটাক্ষ কৰি কয় যে নিজৰ পৰিয়ালৰ সৈতে মিলিজুলি থাকিব নোৱাৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল ভাৰতবৰ্ষ নামৰ পৰিয়ালটো কেনেকৈ চলাব বুলি প্ৰশ্ন কৰে। তেওঁ আৰু কয় আগন্তক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক উৎখাত কৰি ইউ ডি এফ দলে ৪০ খন আসন লাভ কৰিব বুলি দাবী কৰে।

আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বৰপেটা,গোৱালপাৰা, ধুবুৰী জিলাত গলে পাকিস্তানত থকা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ইউডিএফ’ৰ উত্থান দেখি বৰপেটা জিলাৰ সৰভোগীয়া সভাপতি ৰঞ্জিত পাগল হৈছে বুলি কটাক্ষ কৰে সভাপতি আজমলে এজিপি কংগ্ৰেছ বিজেপি গ বেক ধ্বনি দিয়ে। উক্ত সভাত অংশ গ্ৰহণ কৰি বৰপেটাৰ সাংসদ চিৰাজ উদ্দীন আজমলে কয় “কংগ্ৰেছ-বিজেপি আৰু অগপ দল ভাই ভাই” নেহৰুৰ দিনৰ কংগ্ৰেছ এতিয়া আৰু পাবলৈ নাই সম্প্ৰতি বিজেপি’ৰ নেতা ডঃ হিমন্তৰ কথা মতে কংগ্ৰেছ দলে উঠা বহা কৰিছে বুলি ৰাজনৈতিক শ্যাল নিক্ষেপ কৰে। সাংসদ চিৰাজ উদ্দিনে আৰু কয় যে ‘ সচ্ছ প্ৰশাসন আৰু সম অধিকাৰৰ পৰিৱৰ্তন কৰি শ্লোগান দি শাসনত বহা চৰকাৰে কংগ্ৰেছ আৰু অগপ’ৰ দৰেই দুৰ্নীতিত নিমজ্জিত হোৱা বুলি অভিযোগ কৰি “চোৰে চোৰে আলি এক চোৰে বিয়া কৰে আন চোৰৰ শালি” কটাক্ষ কৰে।সভাত জনীয়াৰ প্ৰাক্তন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে ” বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ পূৰ্ব পুৰুষৰ গাত পাকিস্থানীৰ তেজ থকা বুলি কটাক্ষ কৰি বৰপেটাৰ মাটি বাৰী বিক্ৰী কৰি নাগপুৰত যাবলৈ পৰামৰ্শ দিয়ে। সভাত বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খান, স্থানীয় নেতা চিৰাজ খান কেন্দ্ৰীয় সমিতিৰ সম্পাদক খন্দ:আশ্ৰাফুল মামুন, আবেদ আলী মণ্ডল, আৰমান আলী, নুৰুল ইছলামে উদ্বাতু ভাষণ দি কংগ্ৰেছৰ সংখ্যালঘু বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰাৰ লগতে জনীয়া,বাঘবৰ,উত্তৰ অভয়াপুৰী, চেঙা, আদি সমষ্টিত কংগ্ৰেছ বিধায়কৰ নেতৃত্বত মুকলি বজাৰত দলীয় টিকট বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰে।