শেহতীয়া খবৰ
Home / আঞ্চলিক / জাঁজীত পথ দুৰ্ঘটনাঃ এম্বুলেন্স ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

জাঁজীত পথ দুৰ্ঘটনাঃ এম্বুলেন্স ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

গণবাৰ্তা, জাঁজীঃ আজি সন্ধ্যা প্ৰায় ৭:০০ বজাত শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁজী গড়মুৰত সংঘটিত এক পথ দুৰ্ঘটনাত ৪ জন আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি ডিব্ৰুগড়ৰ পৰা নুমলীগড় অভিমুখে ৰোগী কঢ়িয়াই অনা নুমলীগড় চাহ বাগিচাৰ এ এছ.০১.চি.চি ৫২৮৭ নম্বৰৰ এম্বুলেন্স খনৰ লগত এ এছ.০১ ডি.চি ৪১১৫ নম্বৰৰ বিপৰীত মুখী ট্ৰাক খনৰ সংঘৰ্ষ লাগে। দুৰ্ঘটনাটোৰ ফলত এম্বুলেন্সখনৰ এগৰাকী মহিলা ৰোগী সহ চাৰিজন লোক আহত হয়। আহত সকলক ১০৮ সেৱাযোগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।