শেহতীয়া খবৰ
Home / আঞ্চলিক / দ্বাদশ যোৰহাট গ্ৰন্থমেলা আৰম্ভ

দ্বাদশ যোৰহাট গ্ৰন্থমেলা আৰম্ভ

“বাহ্যিক আক্ৰমনে এটা জাতিৰ একো অনিষ্ট কৰিব নোৱাৰে, যদিহে সমাজৰ ব্যক্তি সকলে নিজৰ দ্বায়িত্ব পালন কৰি যায়।”- ডঃ দিলীপ কুমাৰ দত্ত
স্মৃতি গ্রন্থ “প্ৰজ্ঞা” উন্মোচন কৰিলে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে

গণবাৰ্তা বিশেষ যোৰহাটঃ “অসমত এতিয়া প্ৰায়ে শুনা পোৱা যায় যে, অসমীয়া ভাষাৰ ভৱিষ্যত কি, ভাষা তো , আমাৰ সংস্কৃতি ধংস হৈ যাব নেকি। অসমীয়া গ্ৰন্থ ৰ কি হব? আমাৰ ভাষা , সাহিত্য, সংস্কৃতি এটা সংকট পূৰ্ণ অৱস্থাত আছে। দেখাত লাগে যে আমি এটা সংকট পূৰ্ণ অৱস্থাৰ মাজেদি যাব লগা হৈছে। সেইয়া ৰাজনৈতিক ক্ষেত্ৰতে হওঁক বা শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰতেই হওঁক। কিন্তু মোৰ দৃঢ় বিশ্বাস যে আমাৰ সকলো আছে। এতিয়া বেছিহে শক্তিশালী জাতি হিচাপে আছোঁ আমি। যদিও বহুতেই কয় যে ইংৰাজী মাধ্যমৰ শিক্ষাই আমাৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। কিন্ত সেইয়া সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা। ইংৰাজী মাধ্যমৰ উত্থানৰ পাছতো আমি আমাৰ মাতৃ ভাষা লৈ সমৃদ্ধ হৈ আছো।”- এই মন্তব্য বিশিষ্ট গণিতজ্ঞ, তথা সাহিত্যিক ডঃ দিলীপ কুমাৰ দত্তৰ। অসম শৈক্ষিক কেন্দ্ৰৰ উদ্যোগত , সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থা আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত যোৰহাট জিলা ক্ৰিয়া সন্থাৰ খেলপথাৰত ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা দ্বাদশ যোৰহাট গ্ৰন্থমেলা ৰ উদ্বোধন কৰি দিয়া ভাষণত এইদৰে মন্তব্য কৰাৰ লগতে গণিতজ্ঞ ডঃ দিলীপ কুমাৰ দত্তই লগতে কয় যে, আমাৰ শিক্ষা খণ্ডত ইংৰাজী মাধ্যমৰ উত্থানৰ পাছতো কিন্তু আমালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে জাতীয় বিদ্যালয় আন্দোলনে। জাতীয় বিদ্যালয় ৰ এই আন্দোলনে আমাৰ ভাষা সংস্কৃতিৰ প্ৰতি আশাৰ ভাব কঢ়িয়াই আনিছে। কাৰণ তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত যি আদৰ্শ প্ৰতিষ্ঠা কৰিছে ই সচাই প্ৰশংসনীয়। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰী ৰ মাজত যি জ্ঞানলিপ্সা দেখা পোৱা গৈছে, সেই জ্ঞানলিপ্সা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৰ মাজত দেখা পোৱা নাযায়। এই জ্ঞানলিপ্সা ই আমাৰ ভাষা , জাতিক ৰক্ষা কৰিব। এটা জাতিক বাহ্যিক আক্ৰমনে একো নষ্ট কৰিব নোৱাৰে যদিহে সমাজৰ ব্যক্তি সকলে নিজৰ দায়িত্ব সমূহ পালন কৰি থাকে। নিজৰ ভাষা এৰি কোনেও জীৱনত শিক্ষা লব নোৱাৰে।

জীৱনবোধৰ শিক্ষা, শিষ্টাচাৰ শিকিব নোৱাৰে মাতৃভাষা ৰ অবিহনে। আমাৰ ৰাজ্যত গ্ৰন্থমেলা আন্দোলনৰ বহু পলমকৈ আৰম্ভ হৈছে বুলি উল্লেখ কৰি ডঃ দত্তই কয় যে, গ্ৰন্থমেলা মানে হৈছে জ্ঞানৰ পোহাৰ। গ্ৰন্থমেলা ৰ জৰিয়তে জ্ঞানৰ এক নতো দিগন্ত মুকলি হয়। আমেৰিকা ত এই ব্যৱস্থা বহু পূৰ্বৰে পৰা আছে কিন্তু আমাৰ দেশত ই বহু দুখ লগা অৱস্থাত আছে। আমেৰিকাৰ দৰে দেশত ছাত্ৰ ছাত্ৰী ক প্ৰাথমিক পৰ্য্যায়ৰ পৰাই গ্ৰন্থাগাৰৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে বিদ্যালয়ৰ গ্ৰন্থাগাৰত গ্ৰন্থ অধ্যয়নৰ সুবিধা প্ৰদান কৰা হয়। এখন গ্ৰন্থৰ লগত পাঠকৰ যি বন্ধুত্ব ই এক অনন্য আমেজ দিয়ে, যি আমেজ গুগোল, স্মাৰ্ট ফোনে দিব নোৱাৰে। গ্ৰন্থ এখন হাতত তুলি লৈ পঢ়াৰ যি আনন্দ সেই আনন্দ বেলেগ মাধ্যম ৰ জৰিয়তে পোৱা নাযায়। যিমানেই চচিয়েল মিডিয়া শক্তিশালী নহওঁক কিয়, মানুহে গ্ৰন্থ অধ্যয়ন কৰিবই। আনহাতে আজিৰ অনুষ্ঠানতে দ্বাদশ যোৰহাট গ্ৰন্থমেলা ৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামী ৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ “প্ৰজ্ঞা” উন্মোচন কৰা হয়। “প্ৰজ্ঞা” ৰ উন্মোচন কৰে বশিষ্ট সাহিত্যিক তথা সাদিন, সাতসৰী ৰ সম্পাদক , সুলেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে। উন্মোচন কৰি দিয়া ভাষণত পূজাৰীয়ে কয় যে, এখন স্মৃতি গ্ৰন্থই স্মৃতি কঢ়িয়াই নিয়ে। গতিকে স্মৃতি গ্ৰন্থ খন এনে হোৱা উচিত যাতে ইয়াৰ জৰিয়তে ভবিষ্যতৰ দিনত লাভবান হব পৰা যায়।, বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰি। কিছু নিৰ্দিষ্ট উদ্দেশ্য লৈ স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিব লাগে। আজি উন্মোচিত হোৱা প্ৰজ্ঞা স্মৃতিগ্ৰন্থ ই এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। প্ৰজ্ঞা স্মৃতি গ্রন্থ খন প্ৰকাশ কৰা হৈছে, “আলোচনী” ক বিষয় বস্তু হিচাপে লৈ। ইয়াৰ জৰিয়তে ভৱিষ্যত প্ৰজম্ম উপকৃত হব। স্মৃতি মধুৰ হলে বৈ ভাল লাগে, কিন্তু স্মৃতি মধুৰ নহলে বোজা বব লগীয়া হয়। প্ৰজ্ঞা শব্দটো এক সংবেদনশীল শব্দ। প্ৰজ্ঞা আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে। শব্দৰ চর্চা কৰাটো মহৎ, সেই চর্চা কোন ভাষাত কৰিছে সেইটো ডাঙৰ কথা নহয় বুলি উল্লেখ কৰি অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে, ইংৰাজী ভাষা শিকাৰ নামত অসমীয়া ভাষা পৰিহাৰ কৰিব লগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক। ভাষণ প্ৰসংগত অনুৰাধা শৰ্মা পূজাৰী য়ে কয় যে এটা সময় আছিল যে যি সময়ত মইনা পাৰিজাত সমূহত নৈতিকতাৰ, মূল্যবোধ ৰ শিক্ষা প্ৰদান কৰা হৈছিল। সেই শিক্ষাই সমাজৰ প্ৰতি সচেতন হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল। কিন্ত তেনে পৰিবেশ বৰ্তমান আমাৰ সমাজত নোহোৱা হবলৈ ধৰিছে।

এজন লোক যেতিয়া নিজ মাটিৰ পৰা বিচ্ছিন্ন হৈ যায় তেতিয়া হলে তেওঁ যি কামেই নকৰক সেই কামে সফলতা লাভ কৰিব নোৱাৰে। বিশ্বৰ বিখ্যাত লেখক সকলে তেওঁলোকৰ মাটি, সেই সমাজৰ সমস্যা আদিৰ ওপৰত গ্ৰন্থ লিখিয়েই বিখ্যাত হৈছে। প্ৰসংগঃ ক্ৰমে তেখেতে কয় যে, আজিৰ নৱপ্ৰজন্মমই পাঠক সমাজৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। তেওঁলোকে অনুভৱ কৰিছে যে তেওঁ লোকৰ পথ প্ৰদৰ্শক নোহোৱা হৈছে। সেইটোৱেই হৈছে আমাৰ সাহিত্য সংস্কৃতিৰ চৰ্চা ৰ ক্ষেত্ৰত বৃহৎ সংকট। নৱপ্ৰজন্মমৰ লেখক লেখিকা সমূহ বিবুদ্দিত পৰিছে। তেওঁলোকে চিন্তা কৰিছে তেওঁলোকৰ গ্ৰন্থ কোনে পঢ়িব। যাৰ বাবে চচিয়েল মিডিয়াত গল্প কবিতা লিখাৰ প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰিছে নৱপ্ৰজন্মমৰ মাজত। ডিজিটেল মিডিয়া সদায় শৰীৰৰ লগত জৰিত কিন্তু ইয়াৰ বিপৰীতে গ্ৰন্থ আত্মাৰ লগত জড়িত। এখন গ্ৰন্থ হাতত তুলি লৈ পঢ়িলে হৃদয়ৰ লগত সম্পর্ক স্থাপন হয়।দ্বাদশ যোৰহাট গ্ৰন্থমেলা ৰ কাৰ্য্যকৰী সভাপতি ডঃ বিচিত্ৰ কুমাৰ বৰঠাকুৰ ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি যোৰহাট সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে, বৰ্তমান সময়ত গ্ৰন্থমেলা ৰ যথেষ্ট প্ৰয়োজন আছে। গ্ৰন্থমেলা ই বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যঠেষ্ট অৰিহণা যোগায়। কিন্তু অতি পৰিতাপৰ বিষয় যে কিতাপ পঢ়িবৰ বাবে যি পৰিবেশ লাগে, সেই পৰিবেশ বৰ্তমান নোহোৱা হৈ পৰিছে। শৈক্ষিক কেন্দ্ৰই গ্ৰন্থমেলা ৰ জৰিয়তে যি পদক্ষেপ লৈছে, ই অতি গুৰুত্বপূৰ্ণ। কিন্তু পৰিবেশ সৃষ্টি হয়, পঢ়ুৱৈৰ সৃষ্টি হব সেই স্থানত যি স্থানত বিদ্যালয় আছে, মহাবিদ্যালয় আছে। তাত আজি আমি সেই কাম কৰিছোনে নাই সেইটোহে ডাঙৰ কথা। আজিকালি মইনা মেলৰ সংখ্যা হ্রাস পাই আহিল, ৰাজ্যৰ গ্ৰন্থগাৰ সমূহৰ অৱস্থা তথৈবচ। নিয়মিত ভাৱে পঢ়ুৱৈ সৃষ্টিৰ বাবে যি ব্যৱস্থা লাগে সেই পৰিবেশ দিব পৰা নাই, যাৰ বাবে পঢ়ুৱৈৰ সংখ্যা কমি আহিছে। এই ক্ষেত্ৰত দায়িত্ব আছে সমাজৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে অভিভাৱক সকলৰো। ইয়াৰ পূৰ্বে আজি অসম শৈক্ষিক কেন্দ্ৰৰ উপসভাপতি ডঃ ৰাজীৱ লোচন বেজবৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা সভাত বন্তি প্ৰজ্জ্বলন কৰি গ্ৰন্থমেলা ৰ উদ্বোধন কৰে গণিতজ্ঞ, সাহিত্যিক ডঃ দিলীপ কুমাৰ দত্তই। অনুষ্ঠান ত যোৰহাটৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেক্ষ যে ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব লগীয়া দ্বাদশ যোৰহাট গ্ৰন্থমেলা ৰ সামৰণি পৰিব অহা ১৬ ডিচেম্বৰত।