শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰত দুটা ভোটগ্ৰহণ কেন্দ্ৰত পুণৰ ভোটগ্ৰহণৰ ঘোষণা

শিৱসাগৰত দুটা ভোটগ্ৰহণ কেন্দ্ৰত পুণৰ ভোটগ্ৰহণৰ ঘোষণা

ডিজিটেল সংবাদ, শিৱসাগৰঃ অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক আদেশমৰ্মে শিৱসাগৰ জিলাৰ দুটা ভোট গ্ৰহণ কেন্দ্ৰত কাইলৈ পুণৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে জিলা প্ৰসাশনে৷ শিৱসাগৰ জিলাৰ দোপদৰ জিলা পৰিষদৰ অন্তৰ্গত কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়ত অৱস্থিত ৮৪ নং ভোটগ্ৰহণ কেন্দ্ৰ আৰু পুৰণি লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত অৱস্থিত ৮৯ নং ভোটগ্ৰহণ কেন্দ্ৰত কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলি এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দ হাচনাহানা৷