শেহতীয়া খবৰ
Home / আঞ্চলিক / এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অসমবাসীৰ অস্তিত্ব ৰক্ষাৰ যুঁজঃ মন্ত্ৰী কেশৱ মহন্ত

এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অসমবাসীৰ অস্তিত্ব ৰক্ষাৰ যুঁজঃ মন্ত্ৰী কেশৱ মহন্ত

কফিল বৰভুঞা,হোজাইঃ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা সময়ত হোজাই জিলাতো নিৰ্বাচনী বতাহ বলিছে৷ কংগ্ৰেছ, এআইইউডিএফৰ সমান্তৰালকৈ অগপ দলেও ব্যাপক বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে৷ বাতৰি অনুসৰি, আজি হোজাই বিধানসভা সমষ্টিৰ অন্তৰ্গত লস্কৰ পথাৰত অসম গণ পৰিষদ দলৰ এখন নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰে অসম গনপৰিষদ দলৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি তথা অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত৷ লগতে সভাখনত অংশ গ্ৰহন কৰে হোজাই জিলা অগপ সভাপতি আলহাজ ৰেজাউল কৰিম চৌধুৰীয়ে৷ মন্ত্ৰী কেশৱ মহন্তই যমুনামুখ সমষ্টিত আন তিনিখন নিৰ্বাচনী সভাত ভাগ লয়৷ সন্ধিয়াৰ পিছত ডবকাৰ গনিপুৰ বজাৰত মন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী সভাত ভাগ লৈ ভাষণ প্ৰসংগত কয় – ৰাইজ এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হৈছে নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁঁজ ৷ গতিকে আপোনালোকে অহা ৯ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ যোগেদি অসম তথা অসমীয়া জাতিক ৰক্ষা কৰিব লাগিব, নাগৰিকত্ব বিধেয়ক সংশোধনী বিলখন আইনত পৰিণত হলে আমাৰ অৱস্থা কি হ’ব সেয়া নিশ্চয় ৰাইজে জ্ঞাত৷ লগতে মন্ত্ৰী কেশৱ মহন্তই বিৰোধী কংগ্ৰেছ দলক ক্ষোৰদাৰ সমালোচনাৰে থকা সৰকা কৰি অগপ দলৰ প্ৰাৰ্থী সকলৰ সপক্ষে ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনায় ৷