শেহতীয়া খবৰ
Home / আঞ্চলিক / ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ এজন অভিনেতাঃ পৱিত্ৰ মাৰ্ঘেৰিটা

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ এজন অভিনেতাঃ পৱিত্ৰ মাৰ্ঘেৰিটা

চলমান আলী, সৰভোগঃ বৰ্তমান ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বতাহ৷দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনকলৈ ৰাজ্যত প্ৰতিটো ৰাজনৈতিক তথা নিৰ্দলীয় প্ৰাৰ্থীয়ে চলাইছে ব্যাপক প্ৰস্তুতি৷আজি ভাৰতীয় জনতা পাৰ্টিৰ ফেহুৰাখোৱা আৰু মেদা গাঁও পঞ্চায়তৰ উদ্যোগত আয়োজিত নিৰ্বাচনী সভাত অসম চৰকাৰৰ শক্তি মন্ত্ৰী তপন গগৈ,লাহোৱাল সমষ্টিৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱা,অসম চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ যতীন বৰা,জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাই,এই সভাৰ জৰিয়তে  দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজায়৷
আনফালে ৪ ডিচেম্বৰ তাৰিখে সৰভোগৰ গান্ধী ময়দানত মহিলা সমাৰোহৰ জৰিয়তে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজায়,অসম চৰকাৰৰ বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা লগতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস,বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা,মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী বিজুলী কলিতা আৰু যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন৷পুনৰ ৫ ডিচেম্বৰ তাৰিখে একেটা স্থান আৰু একেখন মঞ্চতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ চকচকা ব্লক মণ্ডলৰ উদ্যোগত আয়োজিত যুৱ সমাৰোহত অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক প্ৰচাৰ চলায়,মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত থাকে স্থানীয় বিধায়ক তথা ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস,যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন,বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ দাস আৰু বিজেপিৰ ৰাজ্যিক সম্পাদক অমিয় ভূঞা৷