শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰহাট জিলাৰ ভোট কেন্দ্ৰ থকা বিদ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱঃ ভোটগ্ৰহন কেন্দ্ৰত উদ্ধাৰ সুৰাৰ বটল

যোৰহাট জিলাৰ ভোট কেন্দ্ৰ থকা বিদ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱঃ ভোটগ্ৰহন কেন্দ্ৰত উদ্ধাৰ সুৰাৰ বটল

গণবাৰ্তা বিশেষ যোৰহাটঃ কালি ৰাজ্যৰ ১৬ জিলাৰ লগতে যোৰহাট জিলাতো শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হৈ যায় প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ। জিলা খনত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও ভোট দাতা ৰাইজে পুৱাৰ পৰা নিশা প্ৰায় চাৰে সাত বজা পৰ্যন্ত ভোট দান কৰি ভোটাধিকাৰ সাব্যস্ত কৰে। দিনত শান্তিপূৰ্ণ ভাবে নিৰ্বাচন অনুষ্ঠিত হয় যদিও নিশা যোৰহাটৰ উপকণ্ঠৰ বালিগাঁও ৰ জানখানা গাওঁ ত সংঘটিত হয় এক বিক্ষিপ্ত ঘটনা। ঘটনাটোত অচিনাক্ত দুৰ্বৃত্তৰ দলে ভাঙি চিঙি লণ্ড ভণ্ড কৰে ভোট কেন্দ্ৰ থকা এখন বিদ্যালয় ৰ আঁচ বাব। ঘটনাটো সংঘটিত হয় যোৰহাটৰ বালিগাঁও ৰ জানখানাত অৱস্থিত ১০১ নং জানখানা প্ৰাথমিক বিদ্যালয়ত। ঘটনা সন্দৰ্ভত জানিব পৰা মতে , কালি দিনৰ ভাগত উক্ত বিদ্যালয় ত থকা ভোট গ্ৰহণ কেন্দ্ৰত জানখানাৰ ৩ নং ৱাৰ্ডৰ ভোট গ্ৰহণ সুচাৰুৰূপে হৈ যায়। কেন্দ্ৰটোত প্ৰায় ৭৫ শতাংশ ভোট দান হয়। কেন্দ্ৰটোত কালি সন্ধিয়া প্ৰায় ৫ বোজা পৰ্যন্ত ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটদানৰ অন্তত বিষয়া সকলে বাকচ সমূহ লৈ উক্ত স্থানৰ পৰা ৰাওনা হয়। কিন্তু নিশা উক্ত ভোট কেন্দ্ৰটোত কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে আক্ৰমণ চলাই বিদ্যালয় খনৰ ডেস্ক বেঞ্চ, বৰ্ড, পানী ফিলটাৰ, দুৱাৰ খিৰিকী, আদি অত্যাৱশ্যকীয় সামগ্ৰী সমূহ ভাঙি লণ্ড ভণ্ড কৰে। আজি পুৱা স্থানীয় ৰাইজে বিদ্যালয় খনৰ ভঙা চিঙা ৰূপ দেখি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক উক্ত বিদ্যালয় খনত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। যদিও কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ঘটনা সন্দৰ্ভত যোৰহাট থানাত এক এজাহাৰ দাখিল কৰিছে। আনহাতে প্ৰায় ৮৭ গৰাকী ছাত্ৰ ছাত্ৰী য়ে অধ্যয়ন কৰি থকা প্ৰাথমিক বিদ্যালয় খনত আজি পুৱা ছাত্ৰ ছাত্ৰী সকল উপস্থিত হৈ নিজৰ মৰমৰ বিদ্যালয় খনৰ এনে ৰূপ দেখি কান্দোনত ভাঙি পৰে। আনহাতে আৰক্ষীৰ লোকে পুৱা বিদ্যালয় খনত উপস্থিত হৈ এটা চোলা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আনহাতে স্থানীয় ৰাইজে অভিযোগ কৰা মতে কোনো ৰাজনৈতিক দলৰ কৰ্মীৰ দ্বাৰাই এই দুষ্কাৰ্য সংঘটিত হৈছে। আনহাতে উত্তৰ পশ্চিম যোৰহাটৰ কুহুমযোগনীয়া প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহন কেন্দ্ৰতো ছাত্ৰ ছাত্ৰী বহা বেঞ্চ ভাঙি পেলাই। ইয়াৰোপৰি অতি চাঞ্চল্যকৰ ভাৱে জিলা খনত ড্ৰাই ডে ঘোষনা কৰি থোৱা অৱস্থাতো কেন্দ্ৰটোত আজি উদ্ধাৰ কৰা হয় কেইবাটাও সুৰাৰ বটল। এই ঘটনাক কেন্দ্ৰ কৰি আজি বিদ্যালয় খনত এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ড্ৰাই ডে দিয়া অৱস্থাত কি দৰে সুৰাৰ বটল উপলব্ধ হল সেয়া চাঞ্চল্যকৰ বিষয় হৈ পৰিছে । আনহাতে সুৰাৰ বটল সমূহ কোণে পেলালে  তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।