শেহতীয়া খবৰ
Home / আঞ্চলিক / নগাঁৱৰ ষ্টং ৰোমত উত্তপ্ত পৰিস্থিতিঃ সুৰামত্ত চি আৰ পি এফৰ বিষয়াৰ তাণ্ডৱ

নগাঁৱৰ ষ্টং ৰোমত উত্তপ্ত পৰিস্থিতিঃ সুৰামত্ত চি আৰ পি এফৰ বিষয়াৰ তাণ্ডৱ

ৰাজনৈতিক দলৰ একাংশ এজেণ্টক গতিয়াই উলিওৱাক চাঞ্চল্য, ৰেগিঙৰ অভিযোগ কংগ্ৰেছীৰ

গণ বাৰ্তা, নগাঁওঃ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কালি ভোট গ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰাৰ পিছত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰোম চৌহদতত আজি সন্ধ্যা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, নিশা প্ৰায় ৮.৩০ বজাত ষ্ট্ৰ‌ং ৰোম স্থাপন কৰা বিদ্যালয়ত অতৰ্কিতে এগৰাকী অৰ্ধ সামৰিক বাহিনীৰ উচ্চ পদস্থ এগৰাকী বিষয়া প্ৰৱেশ কৰি সেই স্থানত বাহৰ পাতি থকা একাংশ দলীয় এজেণ্টক গুৰুলা গুৰুলকৈ মাৰপিট আৰম্ভ কৰে। তেওঁলোকক এই কাৰ্যৰ প্ৰতিবাদ কৰি নিৰ্বাচনী বিভাগৰ আই কাৰ্ড দেখুওৱা স্বত্বেও অৰ্ধ বাহিনীৰ এটা দলে ষ্ট্ৰং ৰোমৰ গেইটৰ বাহিৰত বলপুৰ্বক বাবে উলিয়াই দিয়াৰ উপৰিও এজেণ্টসকলৰ বাবে স্থাপন কৰা অস্থায়ী কেম্পটোৰ সকলো সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে। আনকি , সুৰাৰ ৰাগিত মতাল বিষয়া গৰাকীয়ে উপায়ুক্তক উদ্দেশ্যি কটু মন্তব্য কৰে। অৰ্ধ সামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়া গৰাকীৰ এই কাৰ্যত হতভম্ব হৈ পৰা কৰ্তব্যত নিয়োজিত চাৰিগৰাকী আৰক্ষী কনিষ্টবলে বিষয়া গৰাকীক বুজাবলৈ চেষ্টা কৰোতে তেওঁকো গতামাৰি পেলাই দিয়ে। এই লৈ ষ্ট্ৰং ৰোম চৌহদতত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই যদিও সম্প্ৰতি উত্তেজনা অব্যাহত আছে। কংগ্ৰেছ দলৰ একাংশ প্ৰাৰ্থী তথা এজেণ্টে অভিযোগ কৰা মতে, জিলা উপায়ুক্ত অনুমতি সাপেক্ষে প্ৰাৰ্থী সকলে ষ্ট্ৰং ৰোমৰ চোৱা চিতাৰ দায়িত্ব নিয়োজিত কৰা এজেণ্টসকলক বাহিৰত উলিয়াই দি নিশাৰ ভাগত ৰেগিং কৰাৰ পৰিকল্পনা কৰিছিল। যাৰ বাবে এজেণ্ট সকলক বাহিৰত উলিয়াই দিয়া হৈছে। আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বিষয়া গৰাকীয়ে এই ঘটনাৰ অস্বীকাৰ কৰিছে যদিও এজেণ্টসকলক কিয় ষ্ট্ৰং ৰোমৰ বাহিৰত অতৰ্কিতে উলিয়াই দিলে, এই লৈ ৰহস্যৰ সৃষ্টি হৈছে। আনহাতে, সুৰামত্ত অৱস্থাত থকা অৰ্ধ সামৰিক বাহিনীৰ বিষয়া গৰাকীয়ে সুৰাৰ ৰাগীত মতাল হৈ এইদৰে তাণ্ডৱ চলোৱাৰ অভিযোগ কৰিছে ৰাজনৈতিক দলৰ একাংশ এজেণ্টে। ইপিনে, ঘটনাস্থলীত, সংবাদ মাধ্যমৰ লোককো প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদানৰ কৰিছে। সম্প্ৰতি অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ এটা দল উপস্থিত সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে। ইপিনে, জিলাখনৰ গড়াজান জিলা পৰিষদৰ প্ৰাৰ্থী ছেলিম জাবেদক আৰক্ষীয়ে আটক কৰিছে। উল্লেখ্য, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰোমত আলিটাঙনী, ভকতগাঁও, গড়াজান, বটদ্ৰৱা, টুকটুকী আৰু বেচামাৰী জিলা পৰিষদ এলেকাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বালট বাকচ সমুহ ৰখা হৈছে।