শেহতীয়া খবৰ
Home / ৰাজনীতি / তেলেংগানাত কোনে মাৰিব শেষ হাঁহি

তেলেংগানাত কোনে মাৰিব শেষ হাঁহি

অপেক্ষা ১১ ডিচেম্বৰলৈঃ আজি বন্দী প্ৰাৰ্থীৰ ভাগ্য

ডিজিটেল সংবাদ, হাইদৰাবাদঃ তেলেংগানাত কোনে শেষ হাঁহি মাৰিব সেয়া ১১ ডিচেম্বৰত প্ৰকাশ হ’ব। ৭ ডিচেম্বৰত তেলেংগানা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ সমাপ্ত হয়। উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে চৌদিশে নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰৰ মন জয় কৰাৰ বাবে চেষ্টা চলায়। সন্ধিয়া পাঁচ বজাত ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে। ১১৯খন আসনযুক্ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কাৰ্যসূচী অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ৰাজ্যখন সন্মানৰ দিশ হিচাপে পৰিগণিত হৈছে কংগ্ৰেছ-বিজেপিকে ধৰি আন দলৰ। ইয়াক লৈ ৰাজ্যখনত উথপ্থপ্ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াক লৈ আজি চৌদিশে চৰ্চা চলিছে। বিভিন্ন স্থানত বু-বা চলাইছে কোনে কাক ভোট দিব। ইপিনে তেলেংগানা বিধানসভা নিৰ্বাচনক লৈ বিজেপি অধিক তৎপৰ হৈ উঠে। যিকোনো উপায়েৰে তেলেংগানা দখল কৰাৰ বাবে উঠি-পৰি লাগিছে বিজেপি। ইয়াৰ বাবে বিজেপিয়ে নানা ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে ৰাইজক। নিৰ্বাচনী ইস্তাহাৰ-পত্ৰ প্ৰকাশ কৰি বিজেপিয়ে জনসাধাৰণক প্ৰতিশ্ৰুতিৰ বন্যা বোৱায়। নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে প্ৰকাশ কৰা অনুসৰি যদিহে বিজেপিয়ে তেলেংগানা দখল কৰিবলৈ সক্ষম হয়, তেতিয়াহ’লে কৃষকক ২ লাখ টকালৈ কৰ মাফকে ধৰি প্ৰতিবছৰত এক লাখ লোকক বিনামূলীয়াকৈ গাইগৰু প্ৰদান কৰিব। অহা ১১ ডিচেম্বৰত ৰাজ্যখনৰ লগতে আন চাৰিখন ৰাজ্যৰ ভোট গণনা কাৰ্যসূচী কৰিব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰে।