শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / এবছৰত ৭ বছৰীয়া শিশুৱে আয় কৰিলে ১১৫ কোটি টকা

এবছৰত ৭ বছৰীয়া শিশুৱে আয় কৰিলে ১১৫ কোটি টকা

ডিজিটেল সংবাদ, লছ এঞ্জেল্ছঃ শুনি আচৰিত যেন লগা এক ঘটনা সংঘটিত হয়। বিশ্বৰ প্ৰতিগৰাকী লোকে আয় কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখে। পিছে এটি ৭ বছৰীয়া শিশুৱে এবছৰত ১১৫ কোটি টকা আয় কৰা ঘটনাই চৰ্চা লাভ কৰিছে চৌদিশে। শিশুটিৰ ঘৰ বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকাত। জানিব পৰা অনুসৰি ৭ বছৰীয়া শিশুটিয়ে এবছৰত আয় কৰে ১১৫ কোটি টকা। শুনি আচৰিত যেন লাগিলেও সেয়াই সত্য। অৱশ্যে ইয়াৰ  বাবে তেওঁ দেহৰ অধিক শ্ৰম কৰিব লগা হোৱা নাই। মানসিক কিছু শ্ৰম কৰি তেওঁ ২০১৭-১৮ চনত উপাৰ্জন কৰে ১১৫ কোটি টকা। সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি শিশুটিয়ে খেলৰ কিছু ভিডিঅ’ বনাই ছোচিয়েল মিডিয়াত দিয়ে। ইউটিউবৰ জৰিয়তে মুকলি কৰি দিয়া খেলজাতীয় ভিডিঅ’ অধিকসংখ্যক লোকে উপভোগ কৰাৰ বাবে শিশুটিৰ একাউণ্টত অধিক ধন সংগ্ৰহ হয়। জানিব পৰা অনুসৰি এদিনত শিশুটিৰ ভিডিঅ’ ১৬ লাখ লোকে উপভোগ কৰে। ৰেয়ান নামৰ শিশুটিৰ ভিডিঅ’ আশী কোটি লোকে উপভোগ কৰাত তেওঁ উক্ত পৰিমাণৰ ধন আয় কৰিবলৈ সক্ষম হয়। ২০১৫ চনত আৰম্ভ কৰা ৰেয়ানৰ চেনেলে প্ৰথম বৰ্ষটোত ১০ লাখ টকা আয় কৰে। পিছৰ পৰ্যায়ত ১.৭৩ কোটি লোকে তেওঁৰ চেনেল ক্ৰয় কৰাত তেওঁৰ একাউণ্টত চলিত বৰ্ষত জমা হয় ১১৫ কোটি টকা। ২০১৭ চনৰ জুন মাহৰ পৰা চলিত বৰ্ষৰ জুন মাহলৈ উক্ত পৰিমাণৰ ধন আয় কৰা বুলি প্ৰকাশ।