শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্য

ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্য

ডিজিটেল সংবাদঃ হিমাচল প্ৰদেশৰ পালামপুৰত যোৱা ১৪ৰ পৰা ১৮ নৱেম্বৰলৈকে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় স্কুল গেমছত ১৯ বছৰ অনুৰ্ধ ল’ৰা আৰু ছোৱালীৰ ইউনিফাইড মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম দলে তিনিটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে সমগ্ৰ নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। দলটোৰ দেবাংগনা ভূঞা বৰাই (ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়) ছোৱালীৰ ৩৬ কিলোগ্ৰাম শাখাত স্বৰ্ণ অৰ্জন কৰাৰ লগতে ল’ৰাৰ ৪৫-৫০ কিলোগ্ৰাম শাখাত শেখৰজ্যোতি বৰাই (নগাঁও কেন্দ্ৰীয় বিদ্যালয়) স্বৰ্ণ আৰু ৫৪-৫৬ কিলোগ্ৰাম শাখাত কমল বৰাই (আৰ কে বি হাইস্কুল, পুৰণিগুদাম) স্বৰ্ণ পদক অৰ্জন কৰাৰ বিপৰীতে ল’ৰাৰ ৫১-৫৩ কিলোগ্ৰাম শাখাত নৱনীতা বৰাই (কুজিডাঁহ উঃমাঃ বিদ্যালয়) ব্ৰঞ্জৰ পদক অৰ্জন কৰে। স্মৰ্তব্য যে, ৰাষ্ট্ৰীয় স্কুল গেমছত সফলতা অৰ্জন কৰা খেলুৱৈয়ে নগাঁৱৰ “নাইটছ মাৰ্চিয়েল আৰ্ট”ৰ প্ৰশিক্ষক মৃনাল মহন্তৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

আনহাতে, অহা ২৬ ডিচেম্বৰৰ পৰা মধ্য প্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত হ’ব লগা ৬৪ সংখ্যক নেচনেল স্কুল গেমছত ভৱীনাম সমৰকলা শাখাত অসমৰ পৰা ১৭ জনীয়া এটা দলে অংশগ্ৰহণ কৰিব। দলটোত আছে দেবাংগনা ভূঞা বৰা, মল্লিকা দাস, তন্ময়ী দেৱচৌধুৰী, স্নেহা বৰকাকতি, প্ৰাচুৰ্য্য প্ৰীয়ম কাশ্যপ, হিমাংকৰ চাহা, ৰবিকান্ত মুছাহাৰী, গৌৰৱ শৰ্মা, শেখৰজ্যোতি বৰা, কমল বৰা, প্ৰাচুৰ্য্য বৰা, মুন্নিফ হক, বৰগোহাঞি, আকাংক্ষা ভৰদ্বাজ, ৰুহিনীতা টি দত্ত, ৰীতিষা দাস আৰু অনুস্কা পৰাশৰ। দলটোত অফিচিয়েল হিচাপে যাব ৰবিজিৎ ৰাজকুমাৰ, পাপু খান, মিন্টু গোস্বামী, পূৰ্ণিমা খান আৰু ৰাজু খান।