শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ফজলুল কৰিম কাচিমী জমিয়তৰ শক্তি নে বিৰক্তি ?

ফজলুল কৰিম কাচিমী জমিয়তৰ শক্তি নে বিৰক্তি ?

✍মোছাৰফ হুছেইন, তেজপুৰ, শোণিতপুৰ, অসম, মোবাইল: 7086451318
সম্প্ৰতি অসমৰ পৰিস্থিতি খুবেই স্পৰ্শকাতৰ, বিশেষকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰসংগত। সকলো দল-সংগঠনেই তীক্ষ্ণ নজৰ ৰাখিছে যাতে কোনো বিসংগতি নহয়, কোনো অপশক্তিৰ প্ৰভাৱত যাতে বিদেশীয়ে নাগৰিকত্ব নাপায়, কোনো স্বদেশীয়ে যাতে বিদেশী নহয় আৰু আউল লগাই যাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম বন্ধ নহয়। এই কামত নিৰপেক্ষতাৰে জড়িত সকলো দল-সংগঠনেই প্ৰশংসাৰ যোগ্য।
ধৰ্মীয় সংখ্যালঘু অঞ্চলত বিশেষকৈ NRC প্ৰসংগত আমছু আৰু জমিয়তৰ ভূমিকাকলৈ যথেষ্ট আশাবাদী ও নিৰ্ভৰশীল। এইখিনিতে কবলৈ বাধ্য জমিয়ত (জমিয়ত উলামায়ে হিন্দ) বুলি ক’লেই এটা প্ৰশ্ন আহে, ‘কোন জমিয়ত’ নো। কিয়নো বৰ্তমান অসমত জমিয়তৰ দুটা ফৈদ–আজমল ফৈদ আৰু আনফৰ ফৈদ। উল্লেখযোগ্য যে প্ৰথমাৱস্থাত আজমল ফৈদৰ জমিয়তৰ স্থিতি ঠিকে-ঠাকেই চলা যেন লাগিছিল কিন্তু শেষতীয়া স্থিতি খুবেই লজ্জাজনক তথা পূৰ্বৰ স্থিতিও সন্দেহৰ আৱৰ্তত। ভাঙি-পাতি নকলেও হ’ব কিয়নো সৰ্বত্ৰে চৰ্চিত বৰ্তমান। যি কি নহওক, ইয়াত মাত্ৰ আমছু ও আনফৰ ফৈদৰ ঘৰত সিন্ধি খান্দি ধৰা পৰিও টিঙৰ পৰা ননমা তথাকথিত মৌলানা ফজলুল কৰিম কাচিমীৰ পৰিচয়ৰ সামান্য আভাষ দিম।
জমিয়ত (আজমল ফৈদ) ৰ দৰে পৱিত্ৰ মঞ্চত এইজন তথাকথিত মৌলানা ফজলুল কৰিম কাচিমী স্থান কেনেকৈ পালে তাকো সম্পাদকৰ দৰে গুৰু দায়িত্বৰ আসনত, ভাবিবলৈ বাধ্য কৰালে। ইয়াৰ বাবে মূলতঃ দায়ী বদৰ উদ্দীন আজমল ডাঙৰীয়া বুলি ক’ব লাগিব। সহজভাৱে ক’বলৈ গ’লে সাপে চিনে সাপৰ ঠেং বুলি ক’লেও বঢ়াই কোৱা নহ’ব। কিয়নো এইজন কাচিমীয়ে মৌলানা ডিগ্ৰী সম্পূৰ্ণ কৰি অহাৰ পিছৰে পৰা ইছলাম ধৰ্মৰ বিকৃতি ৰূপ দিয়া আৰু মুছলিম সম্প্ৰদায়ৰ মাজত ভ্ৰাতৃঘাতী সংঘৰ্ষ লগোৱাত উঠিপৰা লগা যেন লাগে। বিভিন্ন সময়ত তেওঁ জনপ্ৰিয় গণমাধ্যম চ’ছিয়েল মিডিয়াৰ বিশেষকৈ ফেচবুকত বজৰুৱা তথা ফুটপথীয়া বেকাৰ ল’ৰা টেটুলৈকে মদ্যপান কৰি কৰা উদভণ্ডালি আচৰণৰ দৰে পোষ্ট কৰা দৃষ্টিগোচৰ হয়। ফেচবুকত তেওঁ তথ্যহীন ভিডিঅ, প্ৰৱন্ধ আদিৰে মুছলিম সমাজখনক ভাঙি টুকুৰা টুকুৰ কৰিবলৈ হয়তু কোনো ইছলামৰ শত্ৰুৰ পৰা মোটা অংকৰ ধন লৈ কাম কৰি আছে বুলি সন্দেহ হয়। কেতিয়াবা ইলিয়াছী তবলীগৰ ঘোৰ বিৰোধিতা কৰি পোষ্ট দিয়ে, আকৌ কেতিয়াবা পূৰ্ণ সমৰ্থনত। কেতিয়াবা আহলে হাদীছ, বেৰেলৱীৰ বিৰোধিতা কৰি, আকৌ কেতিয়াবা সমৰ্থন কৰি।
উদাহৰণস্বৰূপে যোৱা ১২ জানুৱাৰী ২০১৮ তাৰিখে বাংলাদেশত হোৱা ইলিয়াছী তবলীগ সম্পৰ্কীয় বিক্ষোভৰ বিৱৰণ দি তবলীগ জামাতীসকলক ছত্ৰভংগ দিয়াৰ অপচেষ্টা চলায়। পুনৰ তেওঁ ১৭ ফেব্ৰুৱাৰী ২০১৮ ত ‘তবলিগী জামাতৰ ৰেহনুমা মৌলানা ছাদ চাহাবৰ আক্কীদা আৰু দাৰুল উলুম দেওবন্দ’ শীৰ্ষক দীঘলীয়া পোষ্টৰ জৰিয়তে তবলিগীসকলক আতৰোৱাৰ আন এক চেষ্টা চলায়। আকৌ ২৪ ফেব্ৰুৱাৰী ২০১৮ ত ‘ তবলীগ জামাতৰ আমীৰ মৌলানা ছাদ চাহাবক আদৰণি জনোৱাৰ দৃশ্যাংশ’ শীৰ্ষক এটি ভিডিঅৰ জৰিয়তে তবলিগীসকলৰ মন জয় কৰাৰ কৌশল চলায়। যিহেতু ইতিপূৰ্বে তেওঁ অপদস্থ হৈছিল। আকৌ তেওঁ একেটা তাৰিখ (২৪ ফেব্ৰুৱাৰী,২০১৮) তে “আহলে খবিছৰ মাদ্ৰাছাৰ নামাজ” শীৰ্ষক এক ভিডিঅ আপলোড দিয়ে। যাক লৈ জাঙুৰ খাই উঠে সহস্ৰাধিক ফেচবুকিয়ানে। সদ্যহতে NRC প্ৰসংগত এইজন তথাকথিত কাচিমীয়ে জমিয়তৰ দৰে এটি আস্থাবান সংগঠনৰ লেবেল লগাই যি উদ্ভণ্ডালি কৰিলে সেয়া বৰ্ণনাতীত। এনে উদ্ভণ্ডালি সুস্থ বিবেকবানৰ কল্পনাৰ বাহিৰত আনকি টেটুলৈকে মদ্যপান কৰি নিচাসক্ত ব্যক্তি‌ও নকৰে বা ভাষা ব্যৱহাৰৰ নকৰে। তাৰমানে তাতোকৈ জঘন্য পৰিচয় দিলে এইজন কাচিমী উপাধিধাৰী জমিয়ত (আজমল ফৈদ) ৰ সম্পাদকগৰাকীয়ে। সত্য গ্ৰহণ কৰাতো দূৰৰে কথা সমালোচকসকলকো নেৰিলে আনকি সংবাদ মাধ্যম তথা সাংবাদিক বন্ধুসকলকো অশ্লীল গালিগালাজেৰে পৰিৱেশ কলুষিত কৰিলে। তেখেত যে এজন মৌলানা, ইছলামধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় নেতা সেই কথা যেন তেওঁৰ ধুৰন্ধৰতাই পাহৰাই দিছে। যোৱা ১৫/১২/২০১৮ তাৰিখে ফেচবুকত এটা পোষ্ট দিছে যাৰ শিৰোনামা চাইয়েই তেওঁৰ ব্যক্তিত্বৰ ওজন সাধাৰণজনেও জুখিব পাৰিব। শিৰোনামা হৈছে, “মৌলবীৰ ময়লাখোৰৰ ময়লানামাত ময়লাৰ মলয়া”। কিমান নীচ মানসিকতাৰ ব্যক্তিয়ে এনে মন্তব্য দিব পাৰে, ভাবক এবাৰ। পোষ্টৰ ভিতৰচৰাত চালে হয়তু বমিও আহিব পাৰে, তথাপিও উল্লেখ নকৰিলে নহ’ব, এইসকলক চিনাক্ত কৰোৱা সচেতন মহলৰ দায়িত্ব বুলি ভাবোঁ। পোষ্টৰ আৰম্ভনিতে লিখা বাক্যটো চাওক, “মৌলবীৰ মৌলদ্বাৰৰ ময়লা শুঙিফুৰা ময়লানামাৰ ময়লাখোৰ সকলৰ ওচৰত মৌলিক বিষয় মূল্যহীন৷” তাৰপিছত আকৌ চাওক, ” ময়লানমাত আজি তিনিদিন ধৰি মৌলবীক নিউজ আইটেম বনাই ময়লা বুটলি থকা ময়লাখোৰ সকল।” আকৌ লিখিছে, “ময়লানামাৰ ময়লাখোৰ সকলৰ ময়লাচেলেকা গজা দাঁতৰ শক্তি থাকিলে ময়লাৰ মলয়াত মিলমিলাই থকা মুখ খোলক আৰু মৌলবীৰ ময়লা গ্ৰহণ কৰক।” ইয়াত “ময়লানামা” শব্দৰে কাকতসমূহক তেখেতে বুজাইছে, “ময়লাখোৰ” ৰে লিখক,সমালোচক,সাংবাদিক, সচেতন মহলসকলক বুজাইছে, “ময়লাদ্বাৰ বা মৌলদ্বাৰ”ৰে জমিয়ত (আজমল ফৈদ) ৰ বিষয়ববীয়া, সমৰ্থক সকলৰ ময়লাদ্বাৰৰ কথাই কৈছে। কিমান জঘন্য বিকৃতি মানসিকতাৰ লোক হ’ব পাৰে তাকো বদৰ উদ্দীন আজমলৰ দৰে ব্যক্তিৰ নিকটতম ব্যক্তি! কি কম, কি লিখিম ভাবিয়েই পোৱা নাই। যি লিখিম এওঁক লৈ সময়ৰ অপচয়ৰ বাদে তথা শব্দৰো সন্মান হানি হ’ব বুলি ভয় হয়। কাৰণ যি ভাষা ব্যৱহাৰ কৰিম তাতোকৈ জঘন্য এই ফজলুল কৰিম কাচিমী বোলা অপদাৰ্থটো।
উল্লেখযোগ্য যে জমিয়তৰ দৰে এখন উচ্চ খাপৰ সংগঠনৰ সম্পাদক (আজমল ফৈদ) ৰ এনে কাণ্ড‌ই মুছলিম সমাজৰ চকু কপালত তুলাই নহয় সংশয়ত ভুগিছে। তেখেতৰ এনে ভিত্তিহীন তৰল মন্তব্যৰ বাবে আলীম সমাজকো লজ্জানত কৰিছে। তেখেত হয়তু জমিয়তৰ নীতি-আদৰ্শ ও কৰ্মসূচীৰ ধাৰাবোৰ পাহৰি গৈছে। জমিয়তৰ কৰ্মসূচীৰ দুই নং কৰ্মসূচী মতে স্থানীয় উলামা আৰু জামাতী সাথীসকলৰ সহযোগত সমাজ সংস্কাৰ তথা শ্বৰিয়তৰ আলোকত বিবাদ নিষ্পত্তি কৰাৰ নিৰ্দেশ দিয়া হৈছে। আকৌ জমিয়তৰ দায়িত্বৰ পাঁচ নং দফাত আন্তঃসাম্প্ৰদায়িক সম্প্ৰীতি গঢ়ি তোলাৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু পৰিতাপৰ বিষয় আজি তেওঁ নিজেই জমিয়ত তথা আলীমৰ যি দায়িত্ব তাৰ পৰা হাজাৰ মাইল দূৰত অৱস্থান কৰিছে। তেখেতৰ এই কৰ্মকাণ্ড‌‌ই মহম্মদ (দ) ৰ এটি হাদীছ মনলৈ আহিল, নবী মহম্মদ (দ) বৰ্ণনা কৰিছে, তেখেতৰ উম্মতৰ মাজত এটা বিষয়কলৈ অত্যন্ত ভয় কৰে আনকি দাজ্জালতকৈয়ো অধিক। আৰু সেইজন যিজন দাজ্জালাতকৈয়ো অধিক ভয়ানক ক্ষতি কৰিব পৃথিৱীবাসীক তেওঁ হৈছে পথভ্ৰষ্ট আলীম। (সাৰাংশ) (দ্ৰষ্টব্য: মুছনাদে আহমদ,তাবৰাণী) পৱিত্ৰ হাদীছত দাজ্জালতকৈয়ো ভয়ংকৰ বুলি উল্লেখ কৰিছে তাৰমানে যাক ছয়তানৰ আন এটা ৰূপ বুলি ক’ব পাৰি। ফজলুল কৰিম কাচিমীৰ কৰ্মকাণ্ড‌ আৰু মহা নবীৰ বাণীৰ লগত তুলনা কৰিলে তেওঁয়েই সেই স্থান পূৰণ কৰি আছে নেকি সচেতন মহলে বিবেচনা কৰিব।
লক্ষ্যণীয় এওঁৰ এনেধৰণৰ কাণ্ডজ্ঞানহীন কৰ্মকাণ্ড‌ৰ ঘটনাসমূহ জনাৰ পিছতো বদৰ উদ্দীন আজমল ডাঙৰীয়াই কি কাৰণত এতিয়াও তেখেতক সংগঠনৰ গুৰু দায়িত্বৰ আসনত বহুৱাই ৰাখিছে? সাধাৰণ মানুহৰ মনত ইও এক প্ৰশ্ন। আজমল ডাঙৰীয়াই তেখেতক শিলাদিত্যৰ দৰে এজন বহুবল্কী বিতৰ্কিত নেতাক ৰাখিছে নে ভাড়াতীয়া হিচাপে তেখেতক ৰাখি থৈছে তেওঁ? এইবোৰ প্ৰশ্নৰ উত্তৰ আজমল ডাঙৰীয়াই তেখেতৰ সভাপতিৰ আসনৰ পৰা দিব লাগিব।