শেহতীয়া খবৰ
Home / ৰাজনীতি / মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কমল নাথৰ

মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কমল নাথৰ

ডিজিটেল সংবাদ, ভূপালঃ মধ্য প্ৰদেশত মুখ্যমন্ত্ৰী ৰূপে আজি শপত গ্ৰহণ কৰিলে কমল নাথে। সদ্যঘোষিত বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰে চৰকাৰ গঠন কৰা কংগ্ৰেছৰ হৈ কমল নাথে ৰাজ্যখনৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। দিনৰ ১.৩০ বজাত ভূপালৰ জনবুৰী মৈদানত কমল নাথে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আনন্দিবেন পেটেলে কমল নাথক গোপনীয়তাৰ শপত বাক্যৰ পাঠ পঢ়ুৱায়। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, নেচনেল কনফাৰেন্সৰ ফাৰুক আব্দুল্লা, লোকতন্ত্ৰ জনতা দলৰ শাৰদ যাদৱ। আনহাতে ১৩ বছৰ ধৰি মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণ কৰা ৰাজ্যখনৰ বিজেপিৰ জ্যেষ্ঠ নেতা শিৱৰাজ চৌহানো উপস্থিত থাকে।