শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / প্ৰসংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীঃ অদৃশ্য শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে নেকি হাজেলা ?

প্ৰসংগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীঃ অদৃশ্য শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে নেকি হাজেলা ?

✍মোছাবিৰুল হক, 7002646625

বিগত তিনি বছৰে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে।২০১০ চনৰে পৰা তেতিয়াৰ কংগ্ৰেছ চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম–কাজ সন্দৰ্ভত বিভিন্ন দল–সংগঠনৰ লগত আলোচনা কৰি আৰম্ভ কৰিছিল।বৰপেটাত পাইলট প্ৰজেক্ট লৈ হোৱা সংঘাতৰ পৰিপেক্ষিতত এই কাম স্থবিৰ হৈ পৰিছিল যদিও চৰকাৰে পুনৰাই কেবিনেট উপ সমিতি গঠন কৰি দি এনআৰচি উন্নীতকৰণৰ মডেলিটিছ তৈয়াৰ কৰিছিল আছু,আমছুকে ধৰি বিভিন্ন দল–সংগঠনৰ লগত আলোচনাৰ মাধ্যমেৰে।সেই সময়ত মহিলাৰ লিংকেজ হিচাপে পঞ্চায়তৰ নথি গ্ৰহণ কৰা হব বুলি কেবিনেট উপ সমিতিয়ে আছুৰ লগত আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লৈছিল।পূৰ্বৰে পৰা চলি থকা গোচৰৰ মৰ্মে উচ্চতম ন্যায়লয় ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰাত কঠোৰ হৈ পৰে।সেই হিচাপে ২০১৫ চনত এই কাম সমগ্ৰ অসম জুৰি আৰম্ভ হৈছিল।কিন্তু হঠাৎ এনআৰচিৰ মূখ্য সমন্বয়ক হাজেলাই মহিলাৰ লিংকেজ চাৰ্টিফিকেট অগ্ৰাহ্য কৰি নিৰ্দেশনা দিয়ে।

ইয়াৰ ভুক্তভোগীয়ে এই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়লয়ত। উচ্চ ন্যায়লয়ে হাজেলাৰ নিৰ্দেশক বাহাল ৰাখে। আবেদন কাৰীয়ে পুনৰাই এনে উচ্চ ন্যায়লয়ৰ ৰায়ক উচ্চতম ন্যায়লয়ত প্ৰত্যাহ্বান জনাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এক কথাত উচ্চ ন্যায়লয়ৰ এই সিদ্ধান্ত উচ্চতম ন্যায়লয়ে প্ৰত্যাহাৰ কৰে। তাৰ মাজতে OI(original inhabitant)এক ধাৰণাৰ জন্ম দি এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াটোত আউল লগায়। তাতো উচ্চতম ন্যায়লয়ে নাগৰিকৰ শ্ৰেণী বিভাজন আইন সংগত নহয় বুলি ৰায়দান কৰে।মাজে মাজে নিত্য নতুন নিৰ্দেশনা প্ৰদান কৰি নাগৰিকৰ নাগৰিকত্ব প্ৰমাণৰ বিষয়টো কিদৰে জটিল কৰিব পৰা যায় তাৰহে কুচকাৱাজ কৰা দেখা যায়। ভুলে–শুদ্ধই এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ হ’ল। অসংখ্য যোগ্য লোকৰ নাম খচৰাত অন্তৰ্ভুক্ত নহ’ল। হেজাৰ হেজাৰ ডি ভোটাৰ নথকা আৰু ন্যায়লয়ে কোনো কালে বুলি  বিদেশী ঘোষণা নকৰা ভাৰতীয় লোকক সকলকো জাননী প্ৰেৰণ কৰা হ’ল  তেওঁলোকৰ নাম ডি ভোটাৰ হোৱাৰ কাৰণে নাইবা ঘোষিত বিদেশী হোৱাৰ কাৰণে খচৰাত অন্তৰ্ভুক্ত নহ’ল। অথচ এনে লোকৰ তেনে কোনো অভিযোগেই ভোটাৰ তালিকাত নাইবা ন্যায়পালিকাৰ ডায়েৰীত নাই।মহিলাৰ লিংকেজ মানি ল’লে যদিও অধিকাংশ পঞ্চায়তৰ প্ৰমাণ-পত্ৰ গ্ৰহণ যোগ্য নোহোৱাৰ কাৰণে খচৰাত নাম নাহিল বুলি জাননী জাৰি কৰিলে। সাক্ষী বাদী কথাটো কাগজতে সীমাবদ্ধ ৰাখিলে।ফলত লক্ষ লক্ষ মহিলাৰ নাম বাদ পৰিল অথচ পিতৃ–পৰিয়াল অন্তৰ্ভুক্ত হৈ গ’ল।

চল্লিশ লক্ষাধিক লোকৰ নাম চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নহ’ল। তাৰ পাছত চলিল SOP(Standard Operating Procedure)প্ৰস্তত কৰাৰ কাম। চৰকাৰ সমন্বয়কে মিলি SOP প্ৰস্তুত কৰি উচ্চতম ন্যায়লয়ত জমা দিলে যদিও এই SOP ৰ চৰ্ত বোৰ চালে স্পষ্ট হৈ পৰে যে নাগৰিকৰ নাগৰিকত্ব হৰণ কৰিবলৈ হে এন চৰ্ত বোৰ উদ্দেশ্য প্ৰণোদিত ভাৱে লগোৱা হৈছে। SOP ৰ এক চৰ্ত হৈছে যে ১৪ বছৰ লৈকে শিশুৰ কোনো কাগজ পাতি অৰ্থাৎ লিংকেজ(তালিকা B) ৰ কাগজ নহ’লেও পিতৃ মাতৃৰ সাক্ষ্যৰ ভিত্তিত অন্তৰ্ভুক্ত হব। ইমান দিনে নাবালক আৰু সাবালকৰ অন্তৰ ১৮ বছৰ আছিল। এতিয়া হাজেলাই ১৪ বছৰ লৈ কৰি দিলে। যি সকল শিশুৰ জন্মৰ প্ৰমাণ পত্ৰ নাই নাইবা কোনো দিনে বিদ্যালয় লৈ যোৱা নাই সেই সকলৰ তদুপৰি বয়সো ১৪ বছৰৰ ওপৰত আৰু ১৮ বছৰৰ তলত তেওঁলোকৰ ক্ষেত্ৰত কি হব? যিহেতু ১৮ বছৰ বসয়তহে নাগৰিকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰে সেই হিচাপে তেওঁলোকৰ নাম ভোটাৰ তালিকাতো নাই সেই সকলে কি কৰিব? মানে এক বৃহৎ সুৰুঙা ৰাখি থোৱা হ’ল? তাৰ পাছত আহিল পাচ নথি বাতিল। আদালতত দাখিল কৰা হ’ল যে ১৯৭১ চনৰ আগৰ ভোটাৰ তালিকা, ১৯৫১ চনৰ এনআৰচি, ৰেচন কাৰ্ড, শৰনাৰ্থীৰ প্ৰমাণ পত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ ব্যাপক জালিয়াতিৰ যোগেদি বহু লোকে এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা চলাইছে। গতিকে দাবী আৰু আপত্তি পৰ্বত এই পাঁচোটা নথি গ্ৰহণ যোগ্য নহ’ব।

ইয়াকে লৈ আমছু সমন্বিতে সংগঠন বোৰে ন্যায়লয়ত আপত্তি দৰ্শালে। বহু কেইটা শুনানিৰ পাছত পাচ–ছয় মাহৰ অন্তত পুনৰাই উচ্চতম ন্যায়লয়ে হাজেলাৰ যুক্তি ওৰোৱাই দিলে। হাজেলাই এনে চৰ্ত নলগালে হয়তো এই পাচ ছয় মাহ সময় অবাবত নষ্ট নহ’লেহেতেন।তাৰ পাছত হাজেলাৰ আন এক চৰ্তৰ বিৰুদ্ধে সংখ্যালঘু সংগঠন আমছুৱে উচ্চতম ন্যায়লয়ত গোচৰ তৰিলে।হাজেলাৰ মতে ২০১৫ চনৰ পাছত জাৰি হোৱা নথি লিংকেজ নথি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। মই ২০০৫ চনত মেট্ৰিক পাছ কৰিছো।ব’ৰ্ডৰ পৰা এতিয়া লৈকে প্ৰমাণ পত্ৰ সংগ্ৰহ কৰা নাই।কিয়নো মোৰ প্ৰয়োজন হোৱা নাই।এতিয়া এনআৰচিত মোৰ দৰকাৰ হৈছে গতিকে ব’ৰ্ডৰ পৰা প্ৰমাণ পত্ৰ ২০১৭ চনত সংগ্ৰহ কৰি জমা দিলো।কাগজটো গ্ৰহণ যোগ্য নহব জানো?কাগজটোৰ অবৈধ হৈ পৰিব জানো?কাগজৰ চনৰ ওপৰত বৈধতা নিৰ্ভৰ কৰে নে?কথাটো হৈছে কাগজটো ভুৱা নহ’লেই হ’ল।ন্যায়লয়ত পুনৰাই হাজেলাই নতি স্বীকাৰ কৰিবলৈ বাধ্য হ’ল।আদালতে ২০১৫ চনৰ পাছৰ কাগজো এনআৰচিৰ সংযোগী নথি হিচাপে প্ৰদান কৰিব পাৰিব বুলি নিৰ্দেশ দিলে।এনেদৰে এটাৰ পাছত আন এটা সাধাৰণ জ্ঞান বুদ্ধিৰে চালি জাৰি চালেও অবৈধ আৰু আইন সংগত নহয় বুলি বিবেচিত হোৱা চৰ্ত লগাই এনআৰচিৰ সমগ্ৰ প্ৰক্ৰিয়াটোতে যেন আউল লগাবলৈ চেষ্টা কৰা হৈছে।যাৰ বাবে বাৰে বাৰে ন্যায়লয়ত হাজেলাই মূখ থেকেচা খাব লগা হৈছে।এজন আইএএছ বিষয়া হিচাপে হাজেলাই হয়তো এই কথাটো জানে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী খন হৈছে নাগৰিকৰ নাগৰিকত্ব পঞ্জীয়নৰ বিষয়।ইয়াত নাগৰিকৰ স্বাৰ্থক হে আগস্থান দিয়া প্ৰয়োজন। নাগৰিকপঞ্জী উন্নীতকৰণ মানে বিদেশী সংখ্যা নিৰ্ধাৰণ কৰা নহয়।গতিকে নাগৰিকে কিদৰে সহজ আৰু সুলভ প্ৰক্ৰিয়াৰে নিজৰ নাম পঞ্জীত অন্তৰ্ভুক্ত কৰিব পাৰে তাৰ প্ৰতিহে ধ্যান দিয়াটোহে যুক্তিসংগত।তাকে নকৰি যদি কোনো ছাত্ৰ সংগঠনৰ শ্ৰুতিলিপি শুনি বিদেশী সংখ্যা বঢ়োৱাৰ ধান্দা কৰা হয় তেতিয়া হ’লে নাগৰিকপঞ্জী  বুমেৰাং হৈ পৰিব।হাজেলাই মনত ৰখা ভাল যে উচ্চতম ন্যায়লয়ে সমগ্ৰ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ আগবাঢ়ি গৈছে।যাৰ বাবে এবাৰ হাজেলা ডাঙৰীয়াকো সোমাই থব বুলি সতৰ্ক বাণী শুনাইছিল।

নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা মানেই এইটো নহয় যে মানুহ জন বিদেশী।আদালতত তেনে লোকে পৰৱৰ্তী সময়ত নিশ্চয় এনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ তুলি আবেদন দাখিল কৰিব।এনে আবেদন কাৰীৰ ন্যায়–অন্যায় ন্যায়লয়ৰ যোগেদি নিৰ্ণীত হব।যিকি নহওঁক কিয় এনআৰচিৰ মূখ্য সমন্বয়কে ৰসগোল্লা খোৱাৰ সন্মান ৰক্ষা কামত ব্ৰতী নহব বুলি আমি এতিয়াও বিশ্বাস কৰো।