শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / আজমল নেতৃত্বাধীন জমিয়তৰ ফজলুল কৰিম নামৰ মৌলানালৈ প্ৰত্যাহ্বান

আজমল নেতৃত্বাধীন জমিয়তৰ ফজলুল কৰিম নামৰ মৌলানালৈ প্ৰত্যাহ্বান

✍ মৌলানাকলিম উদ্দিন, সাধাৰণ সম্পাদক
অসম ৰাজ্যিক জমিয়ত(মৌলানা মোস্তাক আনফৰ) 
শেষতীয়াকৈ বিতৰ্কৰ যেন অন্য এটা নাম মৌলানা ফজলুল কৰিম কাছিমী৷ এনআৰচিৰ এটা বিষয়কলৈ ছচিয়েল মিডিয়াত একাধিক বিতৰ্কিত আৰু অপপ্ৰচাৰৰ আশ্ৰয়লৈ ৰাইজক বিপথে পৰিচালিত কৰা দেখিবলৈ পোৱা গৈছে৷ কেৱল এয়াই নহয় অশ্লীল ভাষা প্ৰয়োগ কৰি ছচিয়েল মিডিয়াত চলোৱা প্ৰচাৰ আৰু মন্তব্যক লৈ সকলোতে জোকাৰণীৰ সৃষ্টি হৈছে৷ এগৰাকী মৌলানাৰ মুখত অশ্লীল ভাষাই সমগ্ৰ সমাজখনকেই কুলষিত কৰিছে৷জনপ্ৰিয় ছচিয়েল মিডিয়াত ফজলুল কৰিমৰ এনেধৰণৰ বজৰুৱা আৰু ফুটপথীয়া বেকাৰ ল’ৰা তথা টেটুলৈকে মদ্যপান কৰা উদণ্ড ল’ৰাৰ দৰে কৰা আচৰণে সচেতন মহলকো ভিতিগ্ৰস্থ কৰি তুলিছে৷ বিতৰ্কিত মন্তব্যৰে ছচিয়েল মিডিয়াত বিতৰ্কৰ সূচনা কৰাৰ পিছতো মৌলানা আৰ্শাদ মাদানী নেতৃত্বাধীন জমিয়তকো আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ নকৰিলা৷ ছচিয়েল মিডিয়াত জালিয়াতিৰ তথ্য ৰাজহুৱা কৰিলেই সকলো সত্য হৈ নাযায়৷ মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়তে এনআৰচি সন্ধৰ্ভত কি ভূমিকা গ্ৰহণ কৰি আহিছে সেয়া ভালদৰে এবাৰ অবগত হোৱা উচিত৷ সেয়ে মৌলানা ফজলুল কৰিম কাচিমীক কিছু তথ্য ৰাজহুৱা কৰি প্ৰত্যাহবান জনালোঁ৷ যদি সাহস আছে তেন্তে তথ্যসহকাৰে প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনালোঁ৷
NRC ৰ মূল গোচৰত প্ৰয়োজনীয় প্ৰতিপক্ষ (Necessary Party) হিচাপে অন্তৰ্ভুক্ত হ’বলৈ অধিবক্তা, বুদ্ধিজীৱী ও সমাজ সচেতন সকলৰ মাজত ২০১৩ চনতে কেবালানি আলোচনা হৈছিল।  সৰ্বশেষ আলোচনা জেষ্ঠ অধিবক্তা আব্দুল মুহিব মজুমদাৰ চাহাবৰ চেম্বাৰত অনুষ্ঠিত হৈছিল আৰু সেই আলোচনাতে মুহিব মজুমদাৰ ছাহাব ও হাফিজ ৰশ্বীদ আহমদ চৌধুৰী চাহাবৰ পৰামৰ্শ মতে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জমিয়তৰ নামত কোনো গোচৰত প্ৰতিপক্ষ হব নালাগে তথা গোচৰ সমূহত হজৰত মৌলানা আৰ্শ্বাদ মাদানী ও মৌলানা মোস্তাক আহমদ আনফৰ নেতৃত্বাধীন জমিয়তে Citizens Rights Preservation Committee (CRPC) ৰ হতুৱাই মুকাবিলা কৰিব লাগে তথা ইতিমধ্যে মহামান্য গৌহাটী উচ্চ ন্যায়ালয় ও মহামান্য উচ্চতম ন্যায়ালয়ত চলাই থকা গোচৰ সমূহত আমছুক সকলো ধৰনৰ সহায় সহযোগ কৰিব লাগে। মহামান্য উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে ২৩.০৮.২০১৩ তাৰিখে IA No.4 in WPC No.562/2012 ৰ জৰিয়তে CRPC ক হস্তক্ষেপকাৰী (Intervenor) হিচাপে গ্ৰহণ কৰে আৰু IA No.6 in WPC.274/2009 ও IA No.5 in WPC.562/2012 ৰ জৰিয়তে আমছুক দুয়োটা গোচৰতে প্ৰয়োজনীয় প্ৰতিপক্ষ (Necessary Party Respondent) হিচাপে গ্ৰহণ কৰে। মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়তক IA No.5 in WPC.274/2009 ৰ জৰিয়তে হস্তক্ষেপকাৰী (Intervenor) হিচাপে গ্ৰহণ কৰে। ভিত্তিবৰ্ষৰ গোচৰ (WPC.562/2012) ত মৌলানা আজমল নেতৃত্বাধীন জমিয়ত কোনো ধৰনৰ IA দাখিল কৰা নাই। মহামান্য উচ্চতম ন্যায়ালয়ে NRC ৰ গোচৰত ১৭.১২.২০১৪ তাৰিখে ৰায়দান কৰি বৰ্তমান তদাৰকী কৰি আছে। চূড়ান্ত ৰায়দানৰ পিছত তথা তদাৰকীৰ সময়ত প্ৰয়োজনী প্ৰতিপক্ষ (Necessary Party Respondent) ৰ বাদে হস্তক্ষেপকাৰী (Intervenor) ৰ কি কাম আছে সেয়া মৌলানা ফজলুল কৰিমে বিজ্ঞ অধিবক্তা সকলৰ পৰা জানি লোৱাৰ দৰকাৰ। যিহেতু ভিত্তি বৰ্ষৰ গোচৰ WPC.562/2012 পাঁচজনীয়া সাংবিধানীক বিচাৰপীঠত বিচাৰাধীন হৈ আছে সেয়ে প্ৰয়োজনীয় প্ৰতিপক্ষ (Necessary Party Respondent) হিচাপে অন্তৰ্ভুক্ত হবলৈ হজৰত মৌলানা চৈয়দ আৰ্শাদ মাদানী নেতৃত্বাধীন জমিয়ত উলামা ই হিন্দে IA No.25 আৰু মৌলানা মোস্তাক আহমদ আনফৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়তে IA No.24 দাখিল কৰে। মনকৰিবলগীয়া কথা যে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়তে ভিত্তিবৰ্ষৰ গোচৰত কোনো ধৰনৰ পক্ষ নহয় । যদি হয় তেন্তে IA নম্বৰ সহ ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হল।
গাওঁ পঞ্চায়ত প্ৰমাণ পত্ৰৰ গোচৰত জমিয়তৰ নামত মৌলানা মোস্তাক আহমদ আনফৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়তেহে গোচৰ (CA No.28059/2017) দাখিল কৰিছিলে। জমিয়তৰ নামত মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়তে কোনো গোচৰ দাখিল কৰা নাছিল। জমিয়তৰ নামত যদি গোচৰ দাখিল কৰিছিল সেয়া ৰাজহুৱা কৰিবলৈ মৌলানা ফজলুল কৰিমক প্ৰত্যাহ্বান জনোৱা হল। থাকিল ভূক্তভোগী মহিলাক সহায়ৰ হাত আগবঢ়োৱাৰ কথা, দুজনী মহিলাৰ এজনী এতিয়া Detention Camp ত আছে। সহায়ৰ নামত ডাকঢোল বজোৱাৰ পিছত Detention Camp ত থকা মহিলাজনীৰ খবৰ মৌলানা ফজলুল কৰিমে কেতিয়াবা লৈছেনে সেয়া ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হল।
NRC ত ৩১.০৮.২০১৫ ৰ পিছত জাৰি কৰা সংযোগী নথি গ্ৰহন কৰাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ে ১২.১২.২০১৮ তাৰিখে ৰায়দান কৰাৰ পিছত মৌলানা আজমল নেতৃত্বাধীন জমিয়তে ৩১.০৮.২০১৫ ৰ পিছত জাৰি কৰা সংযোগী নথি গ্ৰহন কৰাৰ বাবে ১৩.১২.২০১৮ তাৰিখে আবেদন দাখিল কৰাৰ ৰহস্য ৰাজহুৱা কৰিবলৈ মৌলানা ফজলুল কৰিমক প্ৰত্যাহ্বান জনোৱা হল।
D ভোটাৰ সম্পৰ্কে গোচৰ (PIL No.47/2011) মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰি ২৬.০৯.২০১১ তাৰিখে উঠাই লৈছিলে। কি কাৰনত ও কিহৰ স্বাৰ্থত D ভোটাৰ সম্পৰ্কীয় গোচৰ উঠাই লৈছিল সেয়া ৰাজহুৱা কৰিবলৈ মৌলানা ফজলুল কৰিমক প্ৰত্যাহ্বান জনোৱা হল।
বিদেশী ন্যায়াধীকৰনৰ বিচাৰ প্ৰক্ৰিয়া সম্পৰ্কে গোচৰ (PIL No.114/2015) মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰি ০৬.১১.২০১৫ তাৰিখে উঠাই লৈছিলে। বাৰে বাৰে গোচৰ দাখিল কৰি উঠাই লৈ সমগ্ৰ প্ৰক্ৰিয়াটোত জটিলতাৰ সৃষ্টি কৰাৰ আঁৰৰ ৰহস্য ৰাজহুৱা কৰিবলৈ মৌলানা ফজলুল কৰিমক প্ৰত্যাহ্বান জনোৱা হল।