শেহতীয়া খবৰ
Home / আঞ্চলিক / ই দলঙেই নহয় লাখ লাখ লোকৰ জীৱন ৰেখা

ই দলঙেই নহয় লাখ লাখ লোকৰ জীৱন ৰেখা

 বগীবিল দলঙ উদ্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বগীবিল দলং উত্তৰ-পূৱৰ বাবে হ’ব সমন্বয়ৰ সেতু  সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২৫ ডিচেম্বৰ ঃ
অৱশেষত সুদীৰ্ঘ ২১ বছৰীয়া প্ৰত্যাশাৰ অন্ত পৰিল। সকলোৰে সপোনৰ সেতু বাস্তৱত ৰূপায়িত হ’ল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰি ৪.৯৪ কিঃমিঃ দৈৰ্ঘৰ দেশৰ দীৰ্ঘতম ৰে’ল আৰু স্থলপথযুক্ত বগীবিল দলং দেশবাসীৰ সেৱাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৎসৰ্গা কৰে। আজি বিয়লি ২.৩০ বজাত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰত ফিটা কাটি বগীবিল দলংখন শুভ উদ্বোধন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ৰে’ল বিভাগে প্ৰাৰম্ভণ কৰা তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছৰো ফ্লেগ অৱ কৰি শুভাৰম্ভ কৰে। ইয়াৰ পিছতেই বগীবিল দলঙৰ ওপৰেদি যাত্ৰা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ধেমাজী জিলাত কাৰেং চাপৰিত উপস্থিত হৈ এখন বৃহৎ সমাৱেশত অংশ গ্ৰহণ কৰে। অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনত তীৰ্থ এই পংক্তি আওৰাই অসমবাসীক বগীবিল দলঙৰ শুভ উদ্বোধন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে লগতে ৰাজ্যবাসীক নতুন বছৰৰ আৰু আগন্তুক ভোগালী বিহুৰো শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ জাতীয় জীৱন গঢ় দিয়া স্বৰ্গদেউ চাওলুং চ্যুকাফা, বীৰ লাচিত বৰফুকন, বীৰ চিলাৰায়, স্বৰ্গদেউ সৰ্বানন্দ সিংহকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ পুৰোধা ব্যক্তিসকলৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে। তদুপৰি, ৰাজনীতি, সমাজবিজ্ঞান আৰু ক্ৰীড়া ক্ষেত্ৰত অসমে আজি দেশক গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰি তেখেতে কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ প্ৰতিও শ্ৰদ্ধা জনায়। বগীবিল দলঙৰ উদ্ঘাটনৰ দিনটো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পূৰ্ব ভাৰতৰ বিকাশ হ’লে দেশৰো বিকাশ হ’ব আৰু পূৱ ভাৰত শক্তিশালী হ’লে দেশ শক্তিশালী হ’ব। বিগত চাৰে চাৰি বছৰ কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা সৱলীকৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে আৰু পূৰ্বৰ চৰকাৰৰ দিনত বন্ধ বা লেহেমীয়া হৈ থকা প্ৰকল্প সমূহৰ দ্ৰুত ৰূপায়ণ সম্ভৱ কৰি তুলিছে বুলি তেখেতে কয়। তেওঁ লগতে কয় যে আজি অটল বিহাৰী বাজপেয়ীৰ আত্মাই শান্তি লাভ কৰিছে। বগীবিল দলং কেৱল দলঙেই নহয় ই বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে লাখ লাখ লোকৰ এক জীৱন ৰেখা। ২০০২ চনতেই ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বলিষ্ঠ নেতৃত্বত আৰম্ভ হোৱা বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য বিগত ১৬ বছৰে পূৰ্বৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবে স্থবিৰ হৈ পৰিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা চাৰে চাৰি বছৰত দলংখনৰ ৫০ শতাংশতকৈও অধিক কাম সম্পূৰ্ণ কৰি দেশবাসীৰ সেৱাত উৎসৰ্গা কৰিছে। তেওঁ লগতে কয় যে যদিহে ২০০৪ চনত এনডিএ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলহেঁতেন তেন্তে ৭-৮ বছৰ পূৰ্বে বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলহেঁতেন। বগীবিল দলঙৰ নিৰ্মাণত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ভূমিকা বিশেষভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে আজি তেখেতৰ জন্ম দিন। এই জন্মদিনটোতেই দেশজুৰি সু-শাসন দিৱস হিচাপে উদ্যাপন কৰা হৈছে। দেশৰ সাধাৰণ নাগৰিকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰা আৰু ব্যক্তিগত স্বাৰ্থৰ উৰ্দ্ধলৈ গৈ সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত সকলোৰে বাবে সুষম উন্নয়ন সফল হ’লেহে সু-শাসন নিশ্চিত হ’ব। আজি বগীবিল দলঙৰ উদ্বোধনী এক বিকাশৰ ইংগিত বুলি সদৰি কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে দেশত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণৰূপে তিখাৰে নিৰ্মিত দীৰ্ঘতম ৰে’ল আৰু স্থলপথযুক্ত বগীবিল দলঙ ইয়াৰ উৎকৃষ্ট নিদৰ্শন। এই দলং ভাৰতীয় ৰে’লৱেৰ কাৰিকৰী দক্ষতাৰ প্ৰশংসনীয় নমুনা হোৱাৰ লগতে দেশৰ নিৰাপত্তা আৰু সামৰিক বাহিনীৰ কাৰ্য কুশলতাৰ বাবে বিশেষ উপযোগী বিবেচিত হ’ব। মোদীয়ে লগতে কয় যে বগীবিল দলং মাথো এখন সাকোৱে নহয় এই দলং উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা লাখ লাখ লোকৰ জীৱনৰেখা। এই দলঙে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ সৈতে ৰে’লপথৰ দূৰত্ব ৭০০ কিলোমিটাৰৰ পৰা ২০০ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ লগতে স্থলপথৰ যাতায়তৰ ক্ষেত্ৰতো পাঁচ-ছয় ঘণ্টলৈ হ্ৰাস কৰিব। চৈধ্যটা বগী থকা তিনিচুকীয়া নাহৰ ৰে’লখনে উত্তৰপূৱলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰি মোদীয়ে আৰু কয় যে উত্তৰ-পূৱবাসীৰ বহুদিনীয়া সপোন বাস্তৱায়িত হ’ল আৰু এতিয়াৰে পৰা দিল্লী, মুম্বাই, কলকাতা, বেঙ্গালৰলৈ উত্তৰ অসম বা পূৱ অৰুণাচলৰ পৰা গুৱাহাটীলৈ নযোৱাকৈয়ে প্ৰত্যক্ষ যোগাযোগ সম্ভৱ হৈ উঠিছে। উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা-স্বাস্থ্য-ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ডিব্ৰুগড় এক উল্লেখযোগ্য কেন্দ্ৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে বগীবিল দলং নিৰ্মাণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ উত্তৰ-পাৰৰ জনসাধাৰণে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ কেইটামান মিনিটৰ ভিতৰতেই যাত্ৰা কৰি গন্তব্য স্থান পোৱাটো সম্ভৱ হৈ পৰিল। তেওঁ লগতে কয় যে বিগত চাৰে চাৰি বছৰে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখন দলং নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ বিপৰীতে বিগত সাতটা দশকত মাত্ৰ তিনিখন দলঙহে নিৰ্মাণ হৈছিল। তদুপৰি বৰ্তমান পাঁচখন দলঙৰ নিৰ্মাণ কাম বিভিন্ন পৰ্যায়ত চলি আছে বুলি উল্লেখ কৰি মোদীয়ে কয় যে এই দলং সমূহৰ কাম সম্পূৰ্ণ হৈ উঠিলে উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়ত ব্যৱস্থা বিশেষ পৰিৱৰ্তনৰ সূচনা হ’ব। বৰ্তমান কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশক এক নতুন গতি দিবৰ বাবে দায়ৱদ্ধতাৰে কাম কৰিছে বুলি উল্লেখ কৰি মোদীয়ে কয় যে যাতায়াতৰ জৰিয়তে পৰিৱৰ্তন এই আদৰ্শ সাৰোগত কৰি চৰকাৰে পূৰ্বৰ  চৰকাৰৰ লেহেমীয়া আৰু স্তব্ধ প্ৰায় প্ৰকল্প সমূহৰ ৰূপায়ণ তীব্ৰতৰ কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত পূৰ্বে স্তব্ধ প্ৰায় হৈ পৰা বাৰ লাখ কোটি টকাৰ প্ৰকল্প চিনাক্ত কৰি ছয় লাখ কোটি টকাৰ প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে কাম কৰি আছে। বিগত বৰ্ষত মিজোৰামত উদ্বোধন কৰা টুৰিয়েল জলবিদ্যুৎ প্ৰকল্প, চিকিমত চলিত বৰ্ষত মুকলি কৰা চিকিম বিমান কোৰ্ট ইয়াৰ নিদৰ্শন বুলি কয়। তেওঁ লগতে আৰু কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ সহযোগিতাৰে অসমত দ্ৰুত গতিত ৰূপায়ণ হৈ থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল, ৰে’লৱে লাইনৰ দৈত্যকৰণ আৰু বৈদ্যুতিকৰণ, গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ নুমলীগড় হৈ পোন্ধৰশ কিলোমিটাৰ গেছ পাইপ লাইন, এইমচ, ধেমাজীত নিৰ্মিয়মান ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰই বিকাশৰ ইংগিত বহন কৰিছে। এক্ট ইষ্ট পলিচিৰ আধাৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ক্ষেত্ৰখনৰ সম্প্ৰসাৰণৰ জড়িয়তে অঞ্চলটোৰ বিকাশ ত্বৰান্বিত কৰাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে বৰ্তমান ৮০০ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় পথৰ নিৰ্মাণ কাৰ্য বিভিন্ন পৰ্যায়ত চলি আছে। ৰে’লৱে বিভাগৰ ব্ৰডগছ সেৱাৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৱৰ সকলো ৰাজধানী সংযোগ কৰাৰ বাবে পোন্ধৰটা নতুন ৰে’লৱে লাইন নিৰ্মাণ বা এক হাজাৰটা ৰে’ল পথ ব্ৰডগছ পথলৈ ৰূপান্তৰ কৰণৰ কাম চলি আছে। পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত প্ৰতিদিনে দহ কিলমিটাৰৰ পথ নিৰ্মাণ হৈছিল বুলি উল্লেখ কৰি মোদীয়ে কয় যে বিগত চাৰি বছৰ প্ৰতিদিনে ৩৫০ কিলোমিটাৰ ৰে’ল পথৰ নিৰ্মাণ কাম চলিছে। আন এক প্ৰসংগ উত্থাপন কৰি মোদীয়ে কয় যে বিগত চাৰে চাৰি বছৰে কেন্দ্ৰীয় চৰকাৰে কলা ধন আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশত ১.২৫ কোটি পৰিয়ালৰ গৃহ আৱণ্টন দিয়াৰ উপৰি পাঁচ হাজাৰ বেনামী সম্পত্তি জব্দ কৰা হৈছে। তদুপৰি ৩.১৫ লাখ সন্দেহজনক কোম্পানীৰ পঞ্জীয়ন নাকচ কৰাৰ লগতে মুদ্ৰা আঁচনিৰ অধীনত কোনো বেংক গেৰান্টি নোহোৱাকৈ সাত লাখ কোটি টকা ঋণ যোগান ধৰা হৈছে। তেওঁ লগতে কয় যে পূৰ্বে বেংকৰ পৰা ঋণ লৈ উভতাই নিদিয়া তিনি লাখ কোটি টকা ঋণ বেংক সমূহলৈ পুনৰ ঘূৰাই অনা হৈছে। ইয়াৰ উপৰি আয়ুষ্মান ভাৰতৰ ৰূপায়ণৰ লগতে সাধাৰণ জনতাক পাঁচ লাখ টকাৰ চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হৈছে। আজি সৰু-সৰু অঞ্চলৰ পৰা প্ৰতিভাৰ বিকাশ সম্ভৱ হৈ উঠিছে আৰু ক্ৰীড়াক্ষেত্ৰত অসমৰ হিমা ইয়াৰ এক নিদৰ্শন বুলি উল্লেখ কৰি তেওঁ কয় যে এই পৰিৱৰ্তন নতুন ভাৰতত নতুন বিশ্বাসত পৰিণত হৈছে। নতুন ভাৰতৰ নৱ প্ৰজন্মই আত্ম বিশ্বাসৰ প্ৰতীক হিচাপে গঢ়ি উঠিছে। বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে বগীবিল দলং কেৱল মাত্ৰ এখন দলঙেই নহয় এইখন সমন্বয়ৰ সেতু। অসম আৰু অৰুণাচলকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশক এই সেতুৱে নতুন গতি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী সোণোৱালে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে অসম চৰকাৰে সু-শাসন প্ৰতিষ্ঠাৰ বাবে কাম কৰিছে আৰু দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছে। প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ আদৰ্শই অসম চৰকাৰৰ এই পদক্ষেপ সমূহক বিশেষ গতি প্ৰদান কৰিছে। বগীবিল দলং উদ্বোধন অসমৰ বাবেই এক ঐতিহাসিক মুহূৰ্ত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সৱলীকৰণৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে। এক ইষ্ট পলিচিয়ে দক্ষিণ পূৱ এছিয়াৰ দেশ সমূহৰ সৈতে যোগাযোগৰ নতুন সম্ভাৱনা কঢ়িয়াই অনাৰ লগতে অৰ্থনৈতিক বিকাশৰ নতুন দিগন্তৰ সূচনা কৰিছে। উক্ত অনুষ্ঠানত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাই, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা  উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উল্লেখ্য যে ১৯৯৭ চনৰ ২২ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়াই বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। ২০০২ চনৰ ২১ এপ্ৰিলত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰীয়ে দলঙৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰিছিল। ২০০৪চনত অটল বিহাৰী বাজপেয়ী ক্ষমতাচ্যুত হোৱাৰ পিছতেই বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হৈ পৰে। সুদীৰ্ঘ ২১ বছৰৰ অন্তত বহু প্ৰত্যাশিত বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। ৪.৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বগীবিল দলঙখনৰ নিৰ্মাণ ব্যয় হৈছে ৫৮০০ কোটি টকা। ৭০ হাজাৰ মেট্ৰিক টন তিখা ব্যৱহাৰ কৰি দেশৰ ভিতৰতেই বগীবিল দলঙৰ প্ৰথমখন ৰে’ল পথ নিৰ্মাণ কৰা হৈছে। ইপিনে ৪২টা স্তম্ভৰ ওপৰত নিৰ্মাণ কৰা হৈছে বগীবিল দলঙখন। বগীবিল দলঙৰ চৌদিশে ৩৭৫টা এলইডি লাইট সংস্থাপন কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখী, ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ ক্ৰমে ৰামেশ্বৰ তেলী আৰু প্ৰদান বৰুৱা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু প্ৰমুখ্যে অসম আৰু অৰুণাচল প্ৰদেশৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক, স্বায়ত্ত শাসিত পৰিষদ সমূহৰ মূৰববীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।