শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / টেলিকম ৰেগুলেটৰীৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা বৃহত্তৰ গুৱাহাটী কেবল টিভি অপাৰেটৰ সন্থাৰ

টেলিকম ৰেগুলেটৰীৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা বৃহত্তৰ গুৱাহাটী কেবল টিভি অপাৰেটৰ সন্থাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ টেলিকম ৰেগুলেটৰী অৱ ইণ্ডিয়াৰ নতুন নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা বৃহত্তৰ গুৱাহাটী কেবল টিভি অপাৰেটৰ সন্থাৰ। কেবল টিভি অপাৰেটৰসকলে নিজাববীয়াকৈ কৰিব নোৱাৰিব মাছুল। এইক্ষেত্ৰত মাছুল নিৰ্ধাৰণ কৰিব টেলিকমৰ বিষয়ববীয়া সকলে। সেই অনুসৰি উপভোক্তাসকলে ন্যূনতম ১৩০ টকাৰ লগতে দিব লাগিব ১৮ শতাংশ GST, য’ত থাকিব অকল ফ্ৰী টু এয়াৰৰ ১০০টা চেনেল। অতিৰিক্ত ২৫টা চেনেলৰ বাবে অতিৰিক্ত ২০ টকাকৈ আদায় দিব লাগিব। এই নিৰ্দেশনা শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনাইছে বৃহত্তৰ গুৱাহাটী কেবল অপাৰেটৰ সন্থাই।