শেহতীয়া খবৰ
Home / প্ৰৱন্ধ / ধিক বদৰুদ্দিন আজমল

ধিক বদৰুদ্দিন আজমল


গুৱাহাটী, ২৭ ডিচেম্বৰঃ
বদৰুদ্দিন আজমল এগৰাকী সন্মানীয় সাংসদ আৰু ধৰ্মীয় দিশত তেওঁ এগৰাকী মৌলানা। বৃত্তিত আচলতে তেওঁ এজন আগৰৰ বেপাৰী। ব্যৱসায় সূত্ৰে ছৌদি আৰব, ডুবাই আদিকে কৰি বিভিন্ন স্থানত তেওঁৰ ব্যৱসায়ীয়ে এটা বিশাল ৰূপ লৈ উঠিছে। সেই সূত্ৰে বিভিন্ন দেশৰ লগত তেওঁৰ বিশেষকৈ মুছলমানপ্ৰধান দেশৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্ক গঢ়ি উঠিছে। যিহেতু তেওঁ এগৰাকী আলীম। সেইবাবে বিভিন্ন ৰাষ্ট্ৰৰ ধনৱন্ত মানুহৰ লগত সম্পৰ্ক গঢ়ি উঠাৰ সুৱাদতে দান-বৰঙণি আদায়ৰ মাধ্যমেৰে আৰু অসমৰ দুখীয়া-নিচলা মানুহক সহায়ৰ কাৰণে তেওঁ কেইবাটাও এন জি অ’ গঢ়ি তোলে। ইছলামপ্ৰধান দেশসমূহৰ পৰা তেওঁ ইমানদাৰী চাৰ্টিফিকেটখন থকাৰ বাবেই দেশ তথা বহিঃৰাষ্ট্ৰৰ পৰা বৃহৎ বৃহৎ দান-বৰঙণি লাভ কৰে বুলি সৰ্বজনবিদিত। আৰু সেই ধনেৰেই অসমৰ দুখীয়া আৰু অশিক্ষিত জনগণক শিক্ষিত কৰাৰ বাবেও তেওঁ বিভিন্ন কাম কৰাৰ প্ৰমাণ আছে। এইখিনিতেই ঠিকেই আছিল বদৰুদ্দিন আজমল নামৰ ব্যক্তিজন প্ৰকৃততে ব্যৱসায়ীতে উপযুক্ত বুলি প্ৰমাণিত হৈছে। ইয়াৰ উপৰি তেওঁ ব্যৱসায়ৰ সু-প্ৰতিষ্ঠিত হোৱাৰ প্ৰমাণ স্পষ্ট। এই দিশত যোগ্যতাৰ ক্ষেত্ৰত অকণো সন্দেহ নাই। কিন্তু লোভেই পাপ পাপেই মৃত্যু।

এই আপ্ত বাক্যশাৰী আজমলৰ ক্ষেত্ৰত প্ৰযোজ্য। ৰাজনীতিত আহিবলৈ এজন ভাৰতীয়ৰ কোনো বাধা নাই। কিন্তু সকলোৰ বাবে ই প্ৰযোজ্য নহয়। বদৰুদ্দিনৰ ক্ষেত্ৰতো এয়ে প্ৰমাণিত হ’ল। অসমৰ নিপীড়িত, নিষ্পেষিত, সংখ্যালঘু কংগ্ৰেছকে আদি কৰি সকলো ৰাজনীতিক দলে প্ৰতাৰণা কৰাৰ পিছত জমিয়তৰ নেতৃত্বত অসমৰ ৰ3টা সংখ্যালঘু সংগঠন একত্ৰিত হৈ এখন নতুন মঞ্চ গঠনত সিদ্ধান্ত লয়। জমিয়তৰ নেতৃত্বত অসমৰ ৰ3টা সংগঠন একত্ৰিত হৈ এ আই ইউ ডি এফ গঠন কৰে। বদৰুদ্দিন আজমলক সভাপতি পাতি ৰ3টা সংগঠনৰ নেতৃত্বক লৈ এ আই ইউ ডি এফ দল গঠন হোৱাৰ পিছত নিষ্পেষিত সংখ্যালঘু জনতাই পৰিত্ৰাণ পাব বুলি আঁকোৱালি লয় দলটোক। সময়ৰ সোঁতত গৈ ক্ষমতাৰ ৰাগিত সকলো পৰিৱৰ্তন হ’ল। সংখ্যালঘু জনতাৰ মংগল কামনা কৰি যিসকল ব্যক্তি জড়িত হৈছিল পৰৱৰ্তী পৰ্যায়ত দলটোৰ পৰা আঁতৰি আহিলে। ক্ৰমে বদৰুদ্দিন ব্যক্তিকেন্দ্ৰিক, পৰিয়ালকেন্দ্ৰিক আৰু স্বৈৰাচাৰিতাত অতিষ্ঠ হৈ ৰ3টা সংগঠনৰ নেতৃত্ব আঁতৰি আহিল। ইয়াৰ পিছত বদৰুদ্দিনে হৈ পৰিল সৰ্বেসৰ্বা। উঠি ৰজা বহি ৰজা। এই নিপীড়িত জনগোষ্ঠীক ধৰ্মৰ নামত ব্লেকমেইলিং কৰি দুই ভাই, দুই পুত্ৰক ৰাজপাটত বহুৱাবলৈ সক্ষম হ’ল আজমল। সৰ্বসাধাৰণ সংখ্যালঘু জনতাৰ ভোটেৰে ৰাজপাটত বহি বলিয়ান হৈ পৰিল আজমল। আনকি সাধাৰণ জনতাই বদৰুদ্দিন আজমলক ভোট দিলে বেহুচ পাব বুলিয়ো অশিক্ষিত সংখ্যালঘু জনাতৰ মাজত ঢৌৰ সৃষ্টি কৰিছে তেওঁৰে অনুগামী একাংশ মৌলবীয়ে।

আচলতে বদৰুদ্দিন আজমল এগৰাকী ৰাজনীতিবিদ নহয়। আৱেগৰ ভোটেৰে সাংসদ-বিধায়ক বহু বছৰ হ’ব পাৰিলেও উপযুক্ত নেতা হোৱাৰ গুণ বহুতৰে নাথাকে। সংখ্যালঘু মুক্তিগামী নেতা হ’ব নোৱাৰে। তেওঁৰ তেজত সেই গুণ নাই। তেওঁ মটৰচাইকেল, গৰু গাড়ীত, মানুহৰ কান্ধত উঠি ৰ’দে-বৰষুণে চৰ-চাপৰিয়ে, চাপৰিয়ে ঘূৰিব পাৰে। সেয়া তেওঁৰ নাটক বাজীৰ বাহিৰে একো নহয়। সেয়া ভেল্কীবাজি। জানিব পৰা মতে, বদৰুদ্দিনৰ ব্যৱসায় সাংসদ বিধায়ক হোৱাৰ পিছত অধিক টনকিয়াল হৈ উঠিছে। যিটো তেওঁৰ পূৰ্বৰ পৰিকল্পিত আছিল। লগতে দুই ভাতৃ আৰু দুই পুত্ৰৰ এম পি, এম এল এৰ কাৰ্ড দেখুৱাই বিশ্বত অহা-যোৱাত সুবিধাৰ বাবেও ব্যৱসায়ৰ দুগুণ বৃদ্ধি ঘটিল। সংবাদমেলত আক্ৰমণাত্মক হৈ উঠি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অকথ্য গালি-গালাজ কৰি অশ্লীল ব্যৱহাৰ কৰা আজিৰ কাৰ্যক বদৰুদ্দিন আজমলৰ স্বভাৱজাত। কাৰণ তেওঁ এটা কৰ্প’ৰেট কোম্পানীৰ স্বত্বাধিকাৰী। য’ত হাজাৰ হাজাৰ কৰ্মচাৰী থাকে। আজীৱন সেই কৰ্মচাৰীক ২৪ ঘণ্টা ধৰি ব্যৱহাৰ কৰি হঠাৎ সমষ্টিবাসীৰ আগত তথা সকলোৰে সন্মুখত কেনেকৈ সম্ভ্ৰান্ত হোৱাৰ ৰূপ ৰচে। তেওঁ পাহৰি যায় এই সহজ-সৰল মানুহৰ ভোটৰ বিনিময়তে তেওঁ এম পিৰ কাৰ্ড পাইছে। আচলতে বদৰুদ্দিন আজমল জননেতা হ’ব নোৱাৰে। তেওঁৰ ভিতৰত লুকাই থকা মানুহজন বাহিৰলৈ ওলাই আহে। ভিতৰৰ আচল চৰিত্ৰ এক-দুই বছৰ-বিশ বছৰ বন্ধ কৰি ৰাখিব পাৰি। কিন্তু ই সময়ত স্বতঃস্ফূৰ্তভাৱে ওলাই পৰিবই। আজিৰ ঘটনা ইয়াৰ ব্যতিক্ৰম নহয়। ই স্বভাৱজাত। কিন্তু সাধাৰণ ৰাইজৰ মাজত তেওঁ এখন অন্য মুখাহে পিন্ধি চলে। গতিকে আজিৰ কাণ্ডত বদৰুদ্দিনক সকলোৱে ধিক্কাৰ দিছে আৰু এই কাণ্ডৰ বাবে অসমৰ সংখ্যালঘু জনতা লজ্জানত হৈছে।

WATCH VIDEO :