শেহতীয়া খবৰ
Home / আঞ্চলিক / বাঃ আজমলৰ কৰ্পৰেট ক্ষমা  

বাঃ আজমলৰ কৰ্পৰেট ক্ষমা  

এ আই ইউ ডি এফৰ মুৰববী বদৰুদ্দিন আজমলে কালি হাটশিঙিমাৰীত যি অভব্য আচৰণ কৰিলে, তাত  অন্ততঃ আমাৰ আচৰিত হ’বলগীয়া একো নাই। কাৰণ আমাৰ আগৰ প্ৰবন্ধতে উল্লেখ কৰিছো যে বদৰুদ্দিন আজমল দৰাচলতে এজন বেপাৰীহে। বেপাৰী হোৱাৰ যি যোগ্যতা বা গুণ থাকিব লাগে সেয়া সম্পূৰ্ণৰূপে আছে। সাধাৰণতে বেপাৰীয়ে ক্ষমতাৰ পিছে পিছে দৌৰে। কাৰণ ব্যৱসায়ৰ সুৰক্ষা বৰ্তাই ৰাখিবলৈ হ’লে ৰাজনৈতিক নেতা আৰু ক্ষমতাৰ পিছে পিছে তৈলমৰ্দন কৰিব লাগে। অৰ্থাৎ সদায় মেনেজ কৰি চলিব লাগে। সেই উদ্দেশ্যেৰে বিগত কে’বাদশক আগৰে পৰাই বদৰুদ্দিনৰ পৰিয়ালে এই কাম কৰি আহিছে। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰথমাৱস্থাত তৰুণ গগৈৰ লগতো একে তাল-মিলেৰেই ব্যৱসায় চলাই গৈছিল, সেয়া আমাৰ চকুৰ আগতে দেখা।  পোনপটীয়াকৈ নিজে ৰাজনীতিবিদ হোৱাৰ যোগ্যতা বদৰুদ্দিনহঁতৰ নাই।

ৰাজনৈতিক নেতা হ’বৰ বাবে থাকিবলগীয়া অন্যান্য গুণৰ লগতে ভদ্ৰতা, সহনশীলতা, সংযম, সৰ্বোপৰি সংবাদ মাধ্যম আৰু সাংবাদিকৰ প্ৰতি শ্ৰদ্ধা আৰু সৌহাৰ্দ্য আজমলৰ কিমান আছে এই কথাই প্ৰমাণ কৰিলে কালিৰ সাংবাদিকৰ লগত কৰা ব্যৱহাৰে। এইখিনিতেই ক্ষান্ত নাথাকি, ‘মোৰ লগত হাজাৰ হাজাৰ মানুহ আছে, শেষ কৰি দিম…’ বুলি  গালি পৰাৰ উপৰিও, একাংশ সাধাৰণ অশিক্ষিত, অসামাজিক লোকে যিদৰে পত্নীৰ লগত কাজিয়া-মাৰপিট কৰি পত্নীৰ মাককো ধৰি গালি দিয়ে বদৰুদ্দিন আজমলেও সেইদৰে সাংবাদিকজনৰ মাকক ধৰি গালি পাৰিলে। এজন মৌলানা হোৱাৰ উপৰিও ধৰ্মীয় বিশিষ্ট লোক হোৱা সত্ত্বেও উদ্ভট আচৰণেৰে যিদৰে সাংবাদিকক গালি-গালাজ পাৰি আজমলে নিকৃষ্টতা প্ৰতিপন্ন কৰিলে সেয়া টিভিৰ পৰ্দাত দেখি ৰাইজে তবধ মানিছে আৰু বাৰে বাৰে উপলব্ধি কৰিছে যে মৌলানা এজনৰ এই আচৰণে দৰাচলতে সমগ্ৰ ইছলামধৰ্মী সমাজখনকে বহু তললৈ নমাই দিছে। এতিয়া আচল কথাটো হ’ল– আজমলৰ কালিৰ কথা আৰু কাণ্ডই এই কথা পতিয়মান কৰিছে যে ভাৰতীয় দণ্ডবিধি অনুসৰি তেওঁ সেয়া দস্তুৰমত অপৰাধ কৰিছে। এই সন্দৰ্ভত অৱশ্যে তেওঁৰ বিৰুদ্ধে একাধিক সংগঠনে আৰক্ষী থানাত গোচৰো তৰিছে। এজন সাংবাদিকক তেওঁ প্ৰাণে মৰাৰ ভাবুকি দিয়া কাৰ্য নিতান্তই আইনৰ আওতাত বিচাৰ হ’বলগীয়া কথা। যিহেতু তেওঁ এজন সাংসদো, অৰ্থাৎ আমাৰ দেশৰ আইন নিৰ্মাতাসকলৰ মাজৰ এজন। গতিকে এনেকৈ ৰাজহুৱাকৈ এজন সাংবাদিককেই হওক বা অন্য ব্যক্তিকেই হওক প্ৰাণে মৰাৰ ভাবুকি দেশৰ আইনৰ প্ৰতিয়েই এক অশনি সংকেত। কিছুসংখ্যক সংগঠনে আজমলৰ সাংসদ পদ খাৰিজ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে। আজমলৰ দৰে এজন ব্যক্তিৰ সাংসদ পদ খাৰিজ কৰাৰ দাবী উত্থাপন  হোৱাটোও  দুৰ্ভাগ্যজনক। এতিয়া যে তেওঁ সাংবাদিকজনক ‘টুইটাৰ’ত ক্ষমা খুজিছে, গালি কি ‘টুইটাৰ’ত পাৰিছিল নেকি· গালি পাৰিবলৈ, ভাবুকি দিবলৈ মুখামুখিকৈ বহুৱাই ল’লে আৰু এতিয়া খুজিছে কৰ্পৰেট ক্ষমাহ্ল এয়া গ্ৰহণযোগ্য হ’বই নোৱাৰে।

বদৰুদ্দিন আজমলে আচলতে যিখিনি মানুহক বা যিটো অঞ্চলক প্ৰতিনিধিত্ব কৰি আছে, তেওঁ সেইখিনি মানুহ আৰু সেই অঞ্চলৰ সৈতে কোনোদিন নিমিলে। কিন্তু আজি ইমানদিনে তেওঁ মিলি  থকাৰ ভাও ধৰি আছে। এতিয়া লাহে লাহে তেওঁৰ মুখা খোল খাবলৈ ধৰিছে। তেওঁ প্ৰকৃতাৰ্থতে এজন কৰ্পৰেট নেতা। অগাধ সম্পত্তি আৰু কোটি কোটি টকাৰ মালিক বদৰুদ্দিন আজমল। অসমৰ কোনো ৰাজনৈতিক দলৰ সভাপতিয়ে নকৰা কামবোৰ এইজন আজমলে কৰি আছে। নিপীড়িত, দৰিদ্ৰ, শ্ৰমজীৱী জনগণৰ নেতা হোৱাৰ যোগ্যতা আজমলৰ নাই, ৰাইজক আভুৱা ভাৰিব পাৰিছে বাবেই তেওঁ নেতা হৈ আছে। সাধাৰণ মানুহৰ ধৰ্মীয় অনুভূতিৰ সুযোগ লৈ তেওঁ ৰাজনৈতিক মুনাফা লুটি আছে।  ৰাজকীয় কায়দাৰে শীত-তাপ নিয়ন্ত্ৰিত বিলাসী গাড়ীত শুই শুই লগত চাৰিজন আলধৰা লিগিৰা লৈ মাজে মাজে সমষ্টি পৰিভ্ৰমণ কৰে। সমষ্টিবাসী ৰাইজৰ অভাৱ-অভিযোগ লৈ এটা মিনিটো ব্যয় নকৰে বদৰুদ্দিন আজমলে। সাংসদৰ কাৰ্ডটো আদায় কৰাৰ স্বাৰ্থতহে তেওঁ এই কাম কৰি আছে। যি কাৰ্ডৰ জৰিয়তে তেওঁ অবাধে বিশ্বখন ঘূৰিব পাৰে আৰু নিজৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰি আছে। আজমলৰ দৰে নেতাই  নেতাগিৰি কৰে ব্যৱসায়ৰ স্বাৰ্থত। ব্যৱসায় যেনেকৈ কৰ্পৰেট ষ্টাইলত কৰে ক্ষমাও তেনেকৈ কৰ্পৰেট ষ্টাইলতে খুজিছে। বাঃ কৰ্পৰেট নেতাৰ ক্ষমা খোজাৰ কৰ্পৰেট ষ্টাইলহ্ল