শেহতীয়া খবৰ
Home / আঞ্চলিক / চিৰাং জিলাত আয়োজিত ২০১৮-১৯ বৰ্ষৰ “দৈজিং উৎসৱ “ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

চিৰাং জিলাত আয়োজিত ২০১৮-১৯ বৰ্ষৰ “দৈজিং উৎসৱ “ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ আই নৈৰ পাৰত অনুষ্ঠিত এই উৎসৱলৈ বহুতো পৰ্যটকৰ আগমন ঘটিছে।
তৃতীয়বাৰৰ বাবে হোৱা এই উৎসৱটি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ক্ষেত্ৰৰূপেও পৰিগণিত হৈ আহিছে। মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয়- “অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সভ্যতা-সংস্কৃতি গঢ় লোৱাৰ ক্ষেত্ৰত নৈ-উপনৈসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ কথা উল্লেখ কৰে। আমাৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি, বেপাৰ-বাণিজ্য ইত্যাদি সকলো ক্ষেত্ৰতে নদ-নদীৰ গুৰুত্ব অপৰিসীম। এই জলসম্পদসমূহ উপযুক্তভাৱে ব্যৱহাৰ কৰি আমি সকলোৱে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব লাগিব বুলি উল্লেখ কৰে। আমাৰ জীৱনৰেখাস্বৰূপ নদ-নদীৰ গুৰুত্ব যাতে নতুন প্ৰজন্মই গভীৰভাৱে উপলব্ধি কৰিব পাৰে, তাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে।”
অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাকে ধৰি অন্য ব্যক্তিসকল আজিৰ অনুষ্ঠানত উপস্থিত থাকে।