শেহতীয়া খবৰ
Home / ক্ৰীড়া / ‘মালিনী কাপ – ২০১৮’ ঢকুৱাখনাৰ দখলত, তপন কুমাৰ শৰ্মা মেন অব দ্য চিৰিজ

‘মালিনী কাপ – ২০১৮’ ঢকুৱাখনাৰ দখলত, তপন কুমাৰ শৰ্মা মেন অব দ্য চিৰিজ

গৌৰী প্ৰসাদ শৰ্মা, ঢকুৱাখনাঃ “মালিনী কাপ” দখল কৰি ঢকুৱাখনা ক্ৰিকেট ক্লাবে সমগ্ৰ ঢকুৱাখনীয়া ৰাইজক নৱবৰ্ষৰ উপহাৰ দিলে৷ হয়, চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কুৰিৰো অধিক দলৰ অংশগ্ৰহণেৰে  চিলাপথাৰত অনুষ্ঠিত হোৱা “মালিনী কাপ – ২০১৮ মুকলি ক্ৰিকেট প্ৰতিযোগিতা” ত বিজয়ী দলৰ খিতাপ দখল কৰিছে ঢকুৱাখনাৰ ক্ৰিকেট দলটিয়ে৷ চিলাপথাৰ হায়াৰ চেকেণ্ডাৰী স্কুল খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত প্ৰথমে বেটিং কৰি ঢকুৱাখনা ক্ৰিকেট ক্লাবে নিৰ্ধাৰিত ২০ অভাৰত ১৪০ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল যদিও বিজিত দলৰ সন্মান লাভ কৰা শিৱসাগৰৰ চুকাফা ক্ৰিকেট ক্লাবে তপন কুমাৰ শৰ্মাৰ বিধ্বংসী বলিঙত তিস্তিব নোৱাৰি ৮০ ৰানতে ইনিংছ সামৰে৷ ৬০ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰা ঢকুৱাখনাৰ দলটিয়ে ৰোমাঞ্চকৰ ছেমি ফাইনেলত “নিউ মিচিং ক্লাব”ক মাত্ৰ ১ ৰানত পৰাভূত কৰি ফাইনেল খেলাৰ সুযোগ লাভ কৰিছিল৷ ফাইনেল খেলত সুন্দৰ প্ৰদৰ্শন কৰা “ৰন চুতীয়া”ক মেন অব দ্য মেছ আৰু চিৰিজটোত ধাৰাবাহিক ভাবে ভাল ফলাফল প্ৰদৰ্শন কৰা ঢকুৱাখনা ক্ৰিকেট ক্লাবৰ তপন কুমাৰ শৰ্মাক “মেন অব দ্য চিৰিজ”ৰ সন্মান প্ৰদান কৰা হয়৷ উল্লেখ্য যে, প্ৰতিযোগিতাখনত ঢকুৱাখনাৰ দলটোত খেলুৱৈ হিচাপে অংশ লোৱাৰ লগতে খেলুৱৈ সকলক উৎসাহিত কৰি আহিছিল ঢকুৱাখনাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ গোপাল শৰ্মাই৷