শেহতীয়া খবৰ
Home / আঞ্চলিক / আজিৰে পৰা শিলঘাট-কলকাতা এক্সপ্ৰেছৰ শুভাৰম্ভ

আজিৰে পৰা শিলঘাট-কলকাতা এক্সপ্ৰেছৰ শুভাৰম্ভ

ডিজিটেল সংবাদঃ আজি শিলঘাট-কলকাতা (সাপ্তাহিক) এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে শিলঘাটৰ পৰা। শিলঘাট ৰে’লৱে’ প্লেটফৰ্মৰ পৰা  শিলঘাট-কলকাতা ৰে’ল সেৱাৰ ফ্লেগ ডাঙি শুভাৰম্ভ কৰে ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহায়ে৷ এই সেৱাই কলিয়াবৰবাসীৰ বহুদিনীয়া সপোণ পূৰ্ণ কৰিলে বুলি মন্ত্ৰীগৰাকীয়ে কয়। লগতে এই ৰে’ল সেৱাই পৰ্যটন ক্ষেত্ৰখনত এক বিশেষ ভূমিকা পালন কৰিব, যিহেতু শিলঘাটৰ লগতে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। সভাত স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ এই প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে শিলঘাটৰ পৰা কলকাতালৈ মুঠ ১,১৯৫ কিঃমিঃ দূৰত্বৰ বাটছোৱা শিলঘাট-কলকাতা এক্সপ্ৰেছে (সাপ্তাহিক) মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে অতিক্ৰম কৰিব। ৰে’লখনে প্ৰতি মঙলবাৰে ১২.৩০ বজাত শিলঘাটৰ পৰা যাত্ৰা কৰি বুধবাৰে ১২.৫০ বজাত কলকাতাত উপস্থিত হ’ব। সেইদৰে প্ৰতি সোমবাৰে ৯.০৫ বজাত কলকাতাৰ পৰা যাত্ৰা কৰি মঙলবাৰে ৯.৫৫ বজাত শিলঘাটত উপস্থিত হ’ব। ৰে’লখনত শিলঘাটৰ পৰা কলকাতালৈ এচি ২ত  ২০২৫.০০ টকা এচি ৩ত ১৩৯০.০০ টকা আৰু শ্লিপাৰ শ্ৰেণীত ৫১০.০০ টকা ভাড়া নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰোপৰি ৰে’লখনত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবাৰো ব্যৱস্থা কৰা হৈছে। ৰে’লখনত এটা এচি টু টায়াৰ, চাৰিটা এচি থ্ৰী টায়াৰ, আঠটা শ্লিপাৰ ক্লাছ, চাৰিটা সাধাৰণ দ্বিতীয় শ্ৰেণী আৰু দুটা ব্ৰেক, লাগেজ তথা জেনেৰেটৰ কোচৰ ব্যৱস্থা থকা মুঠ ১৯টা দবা আছে। ইফালে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মা উপস্থিত থকা শুভাৰম্ভণী সভাত শিলঘাটৰ পৰা দিল্লী আৰু শিলঘাটৰ পৰা বাংগালুৰুলৈ দুখন ৰে’লৰ সেৱা অহা ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন হ’ব বুলি সভাত জানিবলৈ দিয়ে।