শেহতীয়া খবৰ
Home / আঞ্চলিক / নিৰ্বাচনলৈ তিনিমাহ থকাৰ সময়তে বিজেপিৰ অসমপ্ৰীতি

নিৰ্বাচনলৈ তিনিমাহ থকাৰ সময়তে বিজেপিৰ অসমপ্ৰীতি

অসমক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ প্ৰতিশ্ৰুতি
সংৰক্ষণ হ’ব অমসীয়া-জনগোষ্ঠীয় ভাষা
ৰাজ্য চৰকাৰৰ চাকৰি নিগম নিকায়ৰ চাকৰিত সংৰক্ষণ কেন্দ্ৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

 

গণ অনলাইন, দিল্লী, ২ জানুৱাৰী ঃ
নিৰ্বাচনলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত আজি মোদী চৰকাৰৰ কেবিনেটৰ বৈঠকত অসম চুক্তি আৰু অসমৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেট বৈঠকৰ পিছত গৃহমন্ত্ৰী ৰাজনাথ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি অসম চুক্তিৰ ৬নং দফা সংশোধন কৰা হ’ব আৰু ইয়াৰ বাবে পৰামৰ্শ প্ৰদানৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হ’ব। বিধায়িনী আৰু প্ৰশাসনীয় বিষয়ত অনুমোদন জনাব এই কমিটীয়ে। সামাজিক সাংস্কৃতিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য সংৰক্ষণ কৰা হ’ব। আজি কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত অসম চুক্তিৰ ৬নং দফাৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হোৱাৰ  উপৰি শীঘ্ৰে বড়ো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে ৰাজনাথ সিঙে। আনহাতে অসমীয়া ভাষা আৰু জনগোষ্ঠীয় ভাষা সংৰক্ষণ কৰাৰ উপৰি অসমীয়াৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব। নিগম-নিকায়ৰ চাকৰিৰ ক্ষেত্ৰতো অসমীয়া যুৱক-যুৱতীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা থাকিব। ইপিনে বিটিএডি অঞ্চলত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আজি কেবিনেটত বড়ো সমস্যা আৰু বড়ো চুক্তিৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি বিটিএডি অঞ্চলত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে। বিটিএডিৰ মাজেৰে এখন ছুপাৰ ফাষ্ট ৰে’ল চলোৱাৰ কথা ঘোষণা কৰে। আৰনাই নামৰ এই ছুপাৰ ফাষ্ট ৰে’লখনে বিটিএডিৰ যাতায়াতৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি উল্লেখ কৰা উপৰি কোকৰাঝাৰত থকা অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰক আৰু অধিক উন্নত কৰা হ’ব বুলি ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লক্ষণীয়ভাৱে ২০১৪চনৰ নিৰ্বাচনৰ সময়ত ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল, সেই সন্দৰ্ভত আজিৰ কেবিনেটত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয়। আনহাতে নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত আজিৰ এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে। এনে অৱস্থাত মোদী চৰকাৰৰ এইখনেই হ’ব অন্তিমখন সংসদৰ অধিৱেশন। তেনে সময়ত লোকসভাৰ অধিৱেশন সম্পূৰ্ণ হ’বলৈ আৰু কেইটমান দিন বাকী থকা অৱস্থাত কেন্দ্ৰীয় চৰকাৰে কেবিনেটৰ সিদ্ধান্তৰ বিপৰীতে কেতিয়া জাননী জাৰি কৰিব আৰু অসমৰ সাংবিধানিক কৱচৰ বাবে কেতিয়া সমিতি গঠন কৰিব তাক লৈ প্ৰশ্ন উঠিছে। নিশ্চিতভাৱে হাতত তিনিমাহ থকা অৱস্থাত উচ্চস্তৰীয় কমিটী গঠন কৰিলেও মোদী চৰকাৰৰ কাৰ্যকালত সাংবিধানিক সুৰক্ষা কৱচ চৰ্তটো পূৰণ হ’বনে নাই তাক লৈ প্ৰশ্ন উঠিছে। এনে অৱস্থাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমৰ হিতৰ বিপৰীতে কাৰ্যকৰা বিজেপি চৰকাৰৰ কেবিনেটে অকস্মাৎ অসমপ্ৰীতি দেখুওৱাক লৈ ঘন ৰহস্যৰ সৃষ্টি হৈছে। নিৰ্বাচনলৈ তিনিটা মাহ বাকী থকা অৱস্থাত অসমৰ ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অকস্মাৎ মোদীৰ কেবিনেটে অসমপ্ৰীতি দেখুওৱা বুলি সচেতন মহলে মন্তব্য কৰিছে।